কেন্দ্রীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীযুষ গোৱেলে কৈছে যে ভাৰতে চলিত বছৰত ১ বিলিয়ন ডলাৰ মূল্যৰ সামগ্ৰী ৰপ্তানিৰ লক্ষ্য লৈছে। বছৰৰ প্ৰথম ৩টা মাহত প্রায় ১৫ শতাংশ বার্ষিক ৰপ্তানি ইতিমধ্যে হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
নতুন দিল্লীত উদ্যোগীসকলৰ সৈতে হোৱা এখন বৈঠকত শ্রীগোৱেলে কয় যে কেন্দ্রীয় চৰকাৰে দেশৰ ৰপ্তানি ব্যৱস্থা অধিক উন্নত কৰি তুলিছে য’ত প্ৰতিখন ৰাজ্য, জিলা, আৰু ঔদ্যোগিক গোটে সমান গুৰুতপূর্ণ বুলি বিবেচনা কৰা হৈছে। তেওঁ কয়, যে দেশৰ অতি ক্ষুদ্র, ক্ষুদ্র, মজলীয়া আৰু বৃহৎ উদ্যোগসমূহেও যাতে দেশত ৰপ্তানি ব্যৱস্থাৰ জৰিয়তে লাভান্বিত হয় সেইটো সুনিশ্চিত কৰাৰ বাবে প্রয়াস অব্যাহত আছে। শ্রীগোৱেলে কয় যে প্রতিখন জিলাকে ৰপ্তানিৰ হাব হিচাপে গঢ়ি তোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰে পৰিকল্পনা গ্রহণ কৰিছে। তেওঁ কয় যে ৰপ্তানি ব্যৱস্থাটো সহজ কৰি তোলাৰ বাবে চৰকাৰে ব্যৱসায়িক লেনদেন সহজ কৰি তোলাৰ লগতে ব্যবসায়িক সূচলতা যথেষ্ট উন্নত হৈছে। তেঁও কয় যে ৰপ্তানিক উদগণি যোগোৱা এই ব্যবস্থাই বিদেশতো ব্যবসায় বাণিজ্য সম্প্ৰসাৰণ কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হ’ব। শ্রীগোৱেৈলে লগতে কয় যে ৩৮ খন বিকশিত ৰাষ্ট্ৰৰ সৈতে হোৱা মুক্ত বাণিজ্য চুক্তিয়ে ভাৰতীয় ৰপ্তানি ব্যৱস্থাক শক্তিশালী কৰি তোলাৰ লগতে বিশ্ব বজাৰত নিজৰ স্থান দখল কৰাৰ ক্ষেত্ৰত ভাৰতৰ ব্যৱসায়ীসকলক নতুন সুযোগ প্রদান কৰিব।