কেন্দ্রীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীযূষ গোৱেলে কয় যে গোলকীয় অর্থনীতিত ভাৰতৰ অংশীদাৰিত্ব বৃদ্ধি পাইছে। ইয়াৰ জৰিয়তে ভাৰতৰ গোলকীয় মূল্যশৃংখল আৰু যোগান শৃংখল শক্তিশালী কৰাৰ প্ৰয়াস কৰা হৈছে। নতুন দিল্লীত অনুষ্ঠিত ত্রয়োদশ পি এ এফ আই বার্ষিক ফ’ৰাম ২০২৬ত অংশগ্ৰহণ কৰি মন্ত্রী শ্রীগোৱেলে কয় যে ভাৰতে বাণিজ্য আৰু অর্থনৈতিক অংশীদাৰিত্বৰ ক্ষেত্ৰত বৰ্তমান ভাৰতৰ ৪ ট্রিলিয়ন ডলাৰৰ অৰ্থনীতিৰ পৰা ৩০ ট্রিলিয়ন ডলাৰ অৰ্থনীতিলৈ বৃদ্ধিৰ আশা কৰিছে।
শ্রীগোৱেলে কয় যে ক্রয় শক্তিৰ আধাৰত ভাৰতৰ অৰ্থব্যৱস্থা প্রায় ২০ ট্রিলিয়ন ডলাৰৰ আৰু ইয়াৰ জৰিয়তে ই বিশ্বৰ তৃতীয় বৃহত্তম অর্থনীতিৰ দেশলৈ পৰিৱৰ্তিত হৈছে। তেওঁ কয় যে ভাৰতৰ ৩০ ট্রিলিয়ন ডলাৰ অৰ্থনীতিৰ লক্ষ্যত উপনীত হোৱাৰ পথ চমু হৈ আহিছে। ভাৰতৰ ছেমিকণ্ডাক্টৰ শাখাই অহা ৫ বছৰত বার্ষিক ১৫০ বিলিয়ন অর্থনীতি বৃদ্ধি কৰিব। তেওঁ লগতে কৃত্রিম বুদ্ধিমত্তা পৰিবেশতন্ত্ৰৰ সামর্থ্য বৃদ্ধিৰ প্ৰয়োজনীয়তাতো আলোকপাত কৰে। তেওঁ লগতে ভাৰতে ব্যক্তিগত খণ্ডত মহাকাশ অভিযান চলোৱা কাৰ্যতো আলোকপাত কৰে। তেওঁ কয় যে ভাৰত ১২০তকৈও অধিক ইউনিকৰ্ণৰ জৰিয়তে বিশ্বৰ তৃতীয় বৃহত্তম ষ্টার্টআপ পৰিবেশতন্ত্র দেশ ৰূপে পৰিগণিত হৈছে।