October 6, 2026 12:05 PM | Piyush Goyal

printer

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যৱসায়িক নেতাসকলক সাক্ষাৎ মন্ত্রী পীয়ুষ গোৱেলৰ

কেন্দ্রীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যৱসায়িক নেতাসকলক সাক্ষাৎ কৰাৰ লগতে ভাৰতত অংশীদাৰিত্ব আৰু বিনিয়োগ সন্দৰ্ভত থকা সুবিধা সম্পর্কে আলোচনা কৰে। শ্রী গোৱেলে ব্লেকষ্টোনৰ অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া জনাথন গ্রে, নিউবাৰ্গাৰ বাৰমেনৰ অধ্যক্ষ তথা মুখ্য কার্যবাহী বিষয়া জৰ্ছ বাকাৰ আৰু দ্য ইষ্টি লাউডাৰ কম্পেনীৰ অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া ষ্টিফেন ডি লা ফেবেৰিক কালি নিউয়র্কত সাক্ষাৎ কৰে। শ্রী গোলেৱে জর্জ বাকাৰ, এন্টনি টুটুন, এন্ড্রিউ কমাৰফৰ সৈতেও বৈঠকত মিলিত হয়। মন্ত্রী শ্রী গোৱেলে কয়, যে শক্তিশালী ব্যবসায়িক, আর্থিক বুনিয়াদ আৰু মূলধনী বজাৰৰ প্ৰসাৰতাৰ লগতে ভাৰতত গোলকীয় বিনিয়োগৰাকীসকলৰ বাবে দীর্ঘদিনীয়া মূল্য থকা সুবিধাৰ সৃষ্টিৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে শ্রী গোৱেলে জি-২০ বাণিজ্য মন্ত্রীসকলৰ সন্মিলনত অংশগ্ৰহণৰ বাবে আমেৰিকালৈ গৈছিল। তেওঁ ছিকাগত আমেৰিকান ব্যৱসায়িক নেতাসকলক সাক্ষাৎ কৰাৰ লগতে ভাৰতীয় মূলৰ লোকসকলৰ এটা অনুষ্ঠানটো অংশগ্ৰহণ কৰে।