কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে আজি কয়, যে বিনিয়োগ হৈছে জাপানৰ সৈতে ভাৰতৰ কৌশলগত অংশীদাৰিত্বৰ মূল চাবিকাঠি। ইয়াৰ ফলত দ্বিপাক্ষিক চুক্তি অধিক শক্তিশালী হৈ উঠাৰ আশা কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে।
এটা ব্যক্তিগত টেলিভিছন চেনেলে আয়োজন কৰা এছিয়াৰ শতিকাক বিশেষ ৰূপ দিয়াত ভাৰত-জাপানৰ কৌশলগত আলোচনাৰ গুৰুত্ব শীর্ষক এটা অনুষ্ঠানত অংশ লৈ শ্ৰী গোৱেলে কয়, যে ভাৰতৰ দক্ষ কৰ্মীসকলৰ বাবে ইয়াৰ জৰিয়তে বিভিন্ন সা-সুবিধাৰ বাট মুকলি হ’ব।
আনহাতে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সকলোৰে বাবে সম-উন্নয়ন নিশ্চিত কৰাত চৰকাৰে গুৰুত্ব আৰোপ কৰিছে বুলিও তেওঁ লগতে উল্লেখ কৰে। এই অনুষ্ঠানতে মন্ত্ৰীগৰাকীয়ে জাপানৰ সৈতে ভাৰতৰ গভীৰ সম্পৰ্ক, দেশখনৰ বৈচিত্র্যময় মুক্ত বাণিজ্য চুক্তি আৰু পশ্চিম এছিয়াৰ সংকটৰ প্ৰভাৱ হ্ৰাস কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থা আদি বিভিন্ন বিষয় সম্পৰ্কে কৰা ভালেমান প্ৰশ্নৰ উত্তৰ দিয়ে।