কেন্দ্ৰীয় মন্ত্রী পীয়ুষ গোৱেলে সাপ্তাহিক আয়ৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা বিনিয়োগ মঞ্চত প্ৰচাৰ চলোৱা বুলি সামাজিক মাধ্যমত প্ৰচাৰিত এটা ভিডিঅ’ চৰকাৰে খণ্ডন কৰিছে। প্ৰেছ ইনফৰমেছন ব্যুৰ’ৰ তথ্য পৰীক্ষা গোটে ভিডিঅ’টো ডিজিটেল ব্যৱস্থাৰে প্ৰস্তুত কৰা বুলি আৰু চৰকাৰে এনে কোনো আঁচনিৰ প্ৰতি সমর্থন জনোৱা নাই বুলি স্পষ্ট কৰি দিছে। প্ৰেছ ইনফৰমেছন ব্যুৰই জনসাধাৰণক প্রলোভিত কৰাৰ বাবে প্ৰচাৰ কৰা এনে ধৰণৰ বিভ্ৰান্তিকৰ বিনিয়োগ কেলেংকাৰীৰ বিষয়ে সজাগ হৈ থাকিবলৈ নাগৰিকসকলক আহ্বান জনাইছে।
Assamese | December 6, 2025 7:55 PM | Akashvani | Akashvani News | Piyush Goyal
কেন্দ্ৰীয় মন্ত্রী পীয়ুষ গোৱেলে সাপ্তাহিক আয়ৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা বিনিয়োগ মঞ্চত প্ৰচাৰ চলোৱা বুলি সামাজিক মাধ্যমত প্ৰচাৰিত ভিডিঅ’ক চৰকাৰৰ খণ্ডন