ৰাজ্য চৰকাৰে অহা ১৭ অক্টোবৰ দুৰ্গা পুজাৰ সপ্তমীৰ দিনটো চৰকাৰী কৰ্মচাৰীসকলৰ বাবে অতিৰিক্ত বন্ধৰ দিন হিচাপে ঘোষণা কৰিছে।
যোৱা ২৪ ছেপ্তেম্বৰত গ্ৰহণ কৰা মন্ত্ৰীসভাৰ সিদ্ধান্ত অনুসৰি ১৭ অক্টোবৰৰ দিনটো অতিৰিক্ত ৰাজহুৱা বন্ধৰ দিন হিচাপে ঘোষণা কৰা হৈছে। এই অনুসৰি ১৭ অক্টোবৰৰ দিনা ৰাজ্য চৰকাৰৰ সকলো কাৰ্যালয়, ৰাজহ আৰু দণ্ডাধীশৰ আদালত বন্ধ থাকিব।