কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্রী কে ৰামমোহন নাইডুৱে কয় যে ভাৰতে বিশ্বৰ বিমান পৰিবহনৰ প্ৰধান কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰাৰ লগতে বিশ্বৰ তৃতীয় সর্ববৃহৎ বিমান পৰিবহন বজাৰ হিচাপে পৰিগণিত হোৱাৰ দিশত কাম কৰি আছে।
আজি নতুন দিল্লীত অনুষ্ঠিত ৰূটছ এছিয়া ২০২৭ শীৰ্ষক অনুষ্ঠান উপলক্ষে এখন সংবাদমেলত শ্রীনাইডুৱে এইকথা প্ৰকাশ কৰে।
তেওঁ কয় যে ভাৰতে বিমান যাত্ৰীৰ সংখ্যা বৰ্তমানৰ ২৪ কোটিৰ পৰা প্ৰায় ৬ গুণ বৃদ্ধি কৰি ২০৪৭ চনত ১৩০ কোটি কৰাৰ বাবে লক্ষ্য লৈছে। মন্ত্ৰীগৰাকীয়ে কয়, যে দেশত কাৰ্যক্ষম বিমান বন্দৰৰ সংখ্যা ২০১৪ চনত ৭৬ ৰ পৰা সম্প্ৰতি ১৬৬ লৈ বৃদ্ধি হৈছে। উড়ান আঁচনিৰ জৰিয়তে আঞ্চলিক বিমান সংযোগ সুচল আৰু ব্যয়সাধ্য হোৱা বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।
শ্ৰীনাইডুৱে কয় যে অহা ১৬ মাৰ্চৰ পৰা ভাৰতে নতুন দিল্লীত ভাৰত মণ্ডপমত ৰুৰ্টছ এছিয়া ২০২৭ ৰ ২৩ সংখ্যক সংস্কৰণৰ আয়োজন কৰিব।
৩ দিনীয়া এই কাৰ্যসূচীত বিভিন্ন বিমান সংস্থা, বিমান বন্দৰ, পৰ্যটন প্ৰাধিকৰণ আৰু বিমান পৰিবহনৰ অংশীদাৰসকলৰ বাবে নেটৱৰ্ক কৌশল যুগুত কৰাৰ লগতে এই অনুষ্ঠানে সমগ্র এছীয় প্রশান্ত মহাসাগৰীয় অঞ্চলত ভৱিষ্যতে বিমান যোগাযোগ উন্নত কৰা সন্দৰ্ভত আলোচনাৰ মঞ্চ প্ৰদান কৰিব। ৰুটছ এছিয়া ২০২৭ত কমেও ১১৫ টা আগশাৰী বিমান পৰিবহন সংস্থাৰ প্রতিনিধি উপস্থিত থাকি ২৫০০ ৰো অধিক বৈঠকত অংশ ল’ব।