September 29, 2026 4:51 PM
4
ভাৰতে বিশ্বৰ বিমান পৰিবহনৰ প্ৰধান কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰাৰ লগতে বিশ্বৰ তৃতীয় সর্ববৃহৎ বিমান পৰিবহন বজাৰ হিচাপে পৰিগণিত হোৱাৰ দিশত কাম কৰি আছেঃ কে ৰামমোহন নাইডু
কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্রী কে ৰামমোহন নাইডুৱে কয় যে ভাৰতে বিশ্বৰ বিমান পৰিবহনৰ প্ৰধান কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰাৰ লগতে বিশ্বৰ তৃতীয় সর্ববৃহৎ বিমান পৰিবহন বজাৰ হিচাপে পৰিগণিত হোৱাৰ দিশত কাম কৰি আছে। আজি নতুন দিল্লীত অনুষ্ঠিত ৰূটছ এছিয়া ২০২৭ শীৰ্ষক অনুষ্ঠান উপলক্ষে এখন সংবাদমেলত শ্রীনাইডুৱে এইকথা প্ৰকাশ কৰে। তেওঁ কয় যে ভাৰতে বিমান যাত্ৰীৰ সংখ্যা বৰ্তমানৰ ২৪ কোটিৰ পৰা প্ৰায় ৬ গুণ বৃদ্ধি কৰি ২০৪৭ চনত ১৩০ কোটি কৰাৰ বাবে লক্ষ্য লৈছে। মন্ত্ৰীগৰাকীয়ে কয়, যে দেশত কাৰ্যক্ষম বিমান ব...