September 24, 2026 12:04 PM

views 21

২০২৭ বৰ্ষৰ গুণোৎসৱৰ সূচীত সাল-সলনি

সমগ্র শিক্ষা অসমে ২০২৭ বৰ্ষৰ গুণোৎসৱৰ সূচীত সাল-সলনি ঘটাইছে। সেই অনুসৰি ১৯ জানুৱাৰীৰ পৰা ২ ফেব্ৰুৱাৰীলৈ মুঠ ৩ টা পৰ্যায়ত ৰাজ্যৰ ৩৫ খন জিলাত গুণোৎসৱ অনুষ্ঠিত হ'ব। সংশোধিত সূচী অনুসৰি ১৯ ৰ পৰা ২২ জানুৱাৰীলৈ প্ৰথম পৰ্যায়ত ১১ খন জিলাত গুণোৎসৱ অনুষ্ঠিত হ'ব। এই জিলাসমূহৰ ভিতৰত বিশ্বনাথ, চৰাইদেউ, ডিব্ৰুগড়, পশ্চিম কাৰ্বি আংলং, হোজাই, কামৰূপ, তামুলপুৰ, ওদালগুৰি, হাইলাকান্দি, ধুবুৰী আৰু বাক্সা আছে। ২৫ ৰ পৰা ৩০ জানুৱাৰীলৈ ১৩ খন জিলা ক্ৰমে – গোলাঘাট, যোৰহাট, বৰপেটা, বজালী, কাৰ্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ,...

September 24, 2026 11:57 AM

views 15

গ্ৰাহকসকলৰ সুবিধাৰ্থে অহা দেওবাৰে ৰাজহুৱা খণ্ডৰ সকলো বেংক আৰু আঞ্চলিক গ্রাম্য বেংকসমূহ খোলা থাকিব

গ্ৰাহকসকলৰ সুবিধাৰ্থে অহা দেওবাৰে ৰাজহুৱা খণ্ডৰ সকলো বেংক আৰু আঞ্চলিক গ্রাম্য বেংকসমূহ খোলা থাকিব বুলি কেন্দ্রীয় বিত্ত মন্ত্ৰালয়ে প্রকাশ কৰিছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে ২৬ আৰু ২৭ ছেপ্তেম্বৰৰ সাপ্তাহান্তিক বন্ধৰ পাছতে বেংক কৰ্মচাৰী সংগঠনসমূহে ২৮ৰ পৰা ৩০ ছেপ্তেম্বৰলৈ আহ্বান জনোৱা তিনিদিনীয়া ধৰ্মঘটৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত লোৱা হৈছে। বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে ভাৰতীয় ৰিজাৰ্ভ বেংকে অহা দেওবাৰে বেংকৰ শাখা, কার্যালয়, এটিএম সংলগ্ন শাখা আৰু মুদ্ৰা ভঁৰালসমূহ সম্পূৰ্ণৰূপে কাৰ্যক্ষম কৰি ৰখা...

September 24, 2026 1:11 PM

views 18

এছিয়ান গেমছত উশ্বৰ মহিলাৰ ৬০ কিলোগ্রাম ওজন শাখাৰ ছান্দা শিতানত ভাৰতৰ ৰ’ছিবীনা দেৱীৰ ৰূপৰ পদক অৰ্জন

ভাৰতৰ ৰ’ছিবীনা দেৱীয়ে জাপানৰ আইচি-নাগোয়াত অনুষ্ঠিত এছিয়ান গেমছত উশ্বৰ মহিলাৰ ৬০ কিলোগ্রাম ওজন শাখাৰ ছান্দা শিতানত ৰূপৰ পদক অৰ্জন কৰিছে। ৰ'ছিবীনাই আজি ফাইনেলত চীনৰ ঝাংগ শ্বিয়াঅ’য়ুৰ হাতত ০-২ ফলাফলত পৰাভূত হয়। খেলুৱৈগৰাকীয়ে এছিয়ান গেমছৰ ইতিহাসত এইবাৰকে ধৰি ৩ টা পদক অৰ্জন কৰিছে। ৰ’ছিবীনাই ইয়াৰ পূৰ্বে ২০২৩ চনত অনুষ্ঠিত হাংঝৌ এছিয়ান গেমছত ৰূপৰ আৰু ২০১৮ চনত অনুষ্ঠিত জাকাৰ্টা-পালেমবাং এছিয়ান গেমছত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। ইপিনে, ভাৰতৰ সৎনাম সিং আৰু চলমান খানে পুৰুষৰ নৌচালনাৰ স্কল্‌ছৰ ডাব্‌লছত ...

September 24, 2026 12:37 PM

views 30

২০৩১ চনৰ ভিতৰত ৰাজ্যত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ৩০লৈ বৃদ্ধি পাবঃ মুখ্যমন্ত্ৰী

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি ঝাৰখণ্ডৰ দেওঘৰত বাবা বৈদ্যনাথ মেডিকেল ন্যাস হাস্পতালৰ শুভ উদ্বোধন কৰে। ৭৫০ খন বিছনাযুক্ত এই অত্যাধুনিক হাস্পতালে অঞ্চলটোৰ স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা কৰিব বুলি আশা কৰা হৈছে। বাবা বৈদ্যনাথলৈ শ্রদ্ধা নিবেদন কৰি আৰম্ভ কৰা ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বাবা বৈদ্যনাথ মেডিকেল ন্যাস আৰু পি ডি হিন্দুজা হাস্পতাল এণ্ড মেডিকেল ৰিছাৰ্চ চেণ্টাৰৰ যৌথ উদ্যোগত হাস্পতালখন আৰম্ভ কৰা হৈছে। ইয়াত পৰৱৰ্তী সময়ত মেডিকেল কলেজো নিৰ্মাণ কৰা হ'ব বুলিও তেও...

September 24, 2026 1:11 PM

views 14

ৰাজ্যত ঠাই বিশেষ বিজুলী-ঢেৰেকণিৰে ধাৰাসাৰ বৰষুণৰ আগজাননী ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পশ্চিম-মধ্য আৰু ইয়াৰ গাতে লাগি থকা উত্তৰ-পশ্চিম বংগোপসাগৰত সৃষ্টি হোৱা নিম্ন চাপৰ প্ৰভাৱত অসমৰ অধিকাংশ ঠাইত মজলীয়া বৰষুণৰ লগতে ঠাই বিশেষ বিজুলী-ঢেৰেকণিৰে ধাৰাসাৰ বৰষুণ হ'ব পাৰে বুলি সকীয়াই দিছে। বিভাগে পূব কাৰ্বি আংলং আৰু ডিমা হাচাওৰ কোনো কোনো ঠাইত প্ৰৱল বৰষুণ হ'ব পাৰে বুলিও বিভাগে প্ৰকাশ কৰিছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী-ঢেৰেকণিৰে দুই-এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপম...

September 22, 2026 8:50 PM

views 20

৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্র বঁটা প্ৰদান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে গুজৰাটৰ একতা নগৰত আজি সন্ধিয়া ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্র বঁটা প্ৰদান কৰে। এই বঁটাসমূহে দেশৰ শ্ৰেষ্ঠ চলচ্চিত্র, বিভিন্ন শিতানত কলা আৰু কাৰিকৰী উৎকর্ষতাক প্রতিফলিত কৰিব। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে বঁটা লাভ কৰাসকলক অভিনন্দন জ্ঞাপন কৰে। ২০২৪ বৰ্ষৰ দাদা চাহেব ফাল্কে বঁটা বিজয়ী অনন্ত নাগক পাঁচ দশক ধৰি চলচ্চিত্ৰ ক্ষেত্ৰলৈ আগবঢ়োৱা বিভিন্ন অৱদানৰ বাবে শ্রীবৈষ্ণৱে শলাগ লয়। তেওঁ কয় যে ভাৰতৰ জি-২০ অধ্যক্ষতাৰ পৰ...

September 22, 2026 8:46 PM

views 13

ভাৰতৰ পৰৱৰ্তী পৰ্যায়ৰ অৰ্থনৈতিক বিকাশ গুণগত মানৰ ওপৰত ভিত্তি কৰি গঢ়ি তুলিব লাগিবঃ বিত্তমন্ত্রী নির্মলা সীতাৰমণ

কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে কয় যে ভাৰতৰ পৰৱৰ্তী পৰ্যায়ৰ অৰ্থনৈতিক বিকাশ গুণগত মানৰ ওপৰত ভিত্তি কৰি গঢ়ি তুলিব লাগিব। নতুন দিল্লীত অনুষ্ঠিত সৰ্বভাৰতীয় ব্যৱস্থাপনা সংস্থাৰ ৫৩সংখ্যক ৰাষ্ট্ৰীয় ব্যৱস্থাপনা সন্মিলনত ভাষণ দি শ্ৰীমতী সীতাৰমণে কয় যে প্ৰতিটো কাৰখানাৰ মজিয়া, বৰ্ডৰুম, সেৱা কেন্দ্ৰ আৰু গৱেষণা তথা উন্নয়ন বিভাগ সমূহে অধিক উচ্চ মানদণ্ডৰ, ক্ৰুটিহীন আৰু অধিক নিৰ্ভৰযোগ্যতাৰ লক্ষ্যৰে কাম কৰিব লাগিব। শ্ৰীমতী সীতাৰমণে উল্লেখ কৰে যে বিশ্ব অর্থনীতি বর্তমান এক অনিশ্চিত সময়ৰ মাজেৰে গ...

September 22, 2026 8:37 PM

views 15

সমাগত দশকবোৰত ভাৰত গোলকীয় শক্তি চাহিদাৰ এটা গুৰুত্বপূৰ্ণ অংশ হিচাপে পৰিগণিত হৈ থাকিবঃ কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰী

পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে আজি কয় যে সমাগত দশকবোৰত ভাৰত গোলকীয় শক্তি চাহিদাৰ এটা গুৰুত্বপূৰ্ণ অংশ হিচাপে পৰিগণিত হৈ থাকিব। মন্ত্ৰীগৰাকীয়ে নতুন দিল্লীত আজি পেট্ৰ'লিয়াম ৰপ্তানিকাৰী দেশসমূহৰ সংগঠন চমুকৈ অপেকৰ সচিব প্রধান হাইথাম অল ঘাইছৰ সৈতে সপ্তম উচ্চস্তৰীয় বৈঠকত সহঅধ্যক্ষতা কৰে। তৈল খণ্ডৰ বজাৰ স্থিৰতা, শক্তি সুৰক্ষা আৰু সমগ্ৰ তৈল উদ্যোগত পর্যাপ্ত আৰু সময়োপযোগী বিনিয়োগৰ গুৰুত্ব সন্দৰ্ভত আলোচনা কৰা হয়। আন্তর্জাতিক অৰ্থনৈতিক সম্প্ৰসাৰণ আৰু শক্তিৰ চাহিদা বৃদ্ধিৰ ...

September 22, 2026 8:23 PM

views 18

বিশ্ব গঁড় দিৱস উপলক্ষে গঁড় সুৰক্ষাৰ হকে প্ৰচেষ্টা অব্যাহত ৰখা সকলো পক্ষৰ শলাগ প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব গঁড় দিৱস উপলক্ষে গঁড় সুৰক্ষাৰ হকে প্ৰচেষ্টা অব্যাহত ৰখা সকলো পক্ষৰ শলাগ লয়। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত তেওঁ বিশ্বৰ মুঠ গঁড়ৰ ৮০ শতাংশ অসমত থকাৰ বিষয়ে উল্লেখ কৰে। কাজিৰঙাত চোৰাং গঁড় হত্যাৰ ঘটনা শূন্যলৈ হ্ৰাস কৰাৰ বিষয়টোক তেওঁ প্ৰশংসা কৰে। বিহাৰ আৰু পশ্চিম বংগতো গঁড়ৰ সুৰক্ষা নিশ্চিত কৰা হৈছে বুলি তেওঁ প্ৰকাশ কৰে। উত্তৰ প্ৰদেশৰ দুধৱাত গঁড়ৰ সফল পুনর্বাসনৰ জৰিয়তে ইতিহাস সৃষ্টি হোৱা বুলি তেওঁ মত প্ৰকাশ কৰে।

September 22, 2026 6:51 PM

views 18

ৰাজ্যত নতুনকৈ ৮ হাজাৰ আদৰ্শ অঙ্গনবাড়ী কেন্দ্ৰ নিৰ্মাণ কৰা হ’বঃ মন্ত্ৰী অজন্তা নেওগ

ৰাজ্যত নতুনকৈ ৮ হাজাৰ আদৰ্শ অঙ্গনবাড়ী কেন্দ্ৰ নিৰ্মাণ কৰা হ'ব বুলি মহিলা আৰু শিশু উন্নয়ন বিভাগৰ মন্ত্ৰী অজন্তা নেওগে প্রকাশ কৰিছে। বজালী জিলা আয়ুক্ত কাৰ্যালয়ত আজি মহিলা আৰু শিশু উন্নয়ন বিভাগৰ বিভিন্ন আঁচনি আৰু কাম-কাজৰ অগ্ৰগতি পর্যালোচনা কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। পৰ্যালোচনা সভাখনত মন্ত্ৰীগৰাকীয়ে বজালী জিলা অঙ্গনবাড়ী কেন্দ্ৰৰ আন্তগাথনি উন্নয়ন, শিশু আৰু মাতৃৰ বাবে ৰূপায়িত বিভিন্ন আঁচনিৰ অগ্ৰগতিৰ বুজ লয়। মন্ত্ৰী নেওগে জিলাখনত অঙ্গনবাড়ী কেন্দ্ৰৰ কামৰ অগ্ৰগতিত সন্তুষ্টি প্ৰকাশ...