September 26, 2026 8:55 PM

views 22

এছিয়ান গেমছত মহিলাৰ ৫০ মিটাৰ ৰাইফল থ্রী পজিচনছ দলীয় শিতানত ভাৰতৰ ৰূপৰ পদক জয়

জাপানত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতে মহিলাৰ ৫০ মিটাৰ ৰাইফল থ্রী পজিচনছ দলীয় শিতানত ৰূপৰ পদক জয় কৰিছে। ভাৰতৰ তিলোত্তমা সেন, ৱিদৰ্শা বিনোদ আৰু আচি চক্সিয়ে এহেজাৰ ৭৬৩ পইণ্ট লাভ কৰাৰ বিপৰীতে চীনে ১,৭৭৩ পইণ্টেৰে অভিলেখ গঢ়ি সোণৰ পদক জয় কৰে। প্রতিযোগিতাত ভাৰতৰ মহিলা কাবাড়ী দলে আজি সোণৰ পদক অৰ্জন কৰিছে। ভাৰতে ফাইনেলত ইৰানক ৩৭-৩৪ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে। চলিত এছিয়ান গেমছত ভাৰতৰ মহিলা ক্রিকেট দল আৰু ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড দলীয় শিতানত সুৰুচি সিং ফৌগত আৰু কমলজিতে সোণৰ পদক অর্জন কৰাৰ পাছত এয়...

September 24, 2026 3:58 PM

views 22

এছিয়ান গেমছৰ কাবাড়ীত ভাৰতীয় পুৰুষ দলটোৱে গ্ৰুপ-এৰ চূড়ান্ত খেলত চীনক ৩৭-২১ ফলাফলত হৰুৱাই ছেমি ফাইনেলত প্ৰৱেশ

এছিয়ান গেমছৰ কাবাড়ীত ভাৰতীয় পুৰুষ দলটোৱে গ্ৰুপ-এৰ চূড়ান্ত খেলত চীনক ৩৭-২১ ফলাফলত হৰুৱাই ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। গ্রুপ পৰ্যায়ত এইবাৰৰ সৈতে ভাৰতে চতুৰ্থ বাৰলৈ জয়লাভ কৰিছে। ইয়াৰ পূৰ্বে ভাৰতে দক্ষিণ কোৰিয়া, জাপান আৰু বাংলাদেশক পৰাজিত কৰিছিল। ১৯৯০ চনৰে পৰা কাবাডীত এছিয়ান গেমছত অন্তৰ্ভুক্ত হৈছে আৰু ভাৰতীয় পুৰুষ দলটোৱে ৮টা সোণৰ পদকসহ মুঠ ৯টা পদক লাভ কৰিছে। আনহাতে, ভাৰতীয় মহিলা দলটোৱে জয়ৰ ধাৰা অব্যাহত ৰাখি ইৰানক ৩৭-২৩ ৰ ফলাফলত পৰাজিত কৰে। মহিলা দলটোৱে ইয়াৰ পাছত জাপানৰ সৈতে মুখামুখি হ'ব।

September 24, 2026 3:46 PM

views 20

আমেৰিকা-চীনৰ ব্যৱসায়িক যুদ্ধৰ সাময়িক বুজাবুজিৰ ম্যাদ আৰু দুমাহলৈ বৃদ্ধি

আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীনে দুয়োদেশৰ ব্যৱসায়িক যুদ্ধৰ সাময়িক বুজাবুজিৰ ম্যাদ আৰু দুমাহলৈ বৃদ্ধি কৰিছে। দুয়োপক্ষই ব্যাপক অর্থনৈতিক চুক্তিৰ হৈ কাম কৰাৰ পোষকতা কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোষাগাৰ সচিব স্কট বেচান্তে চুক্তিসমূহৰ বিষয়ে কয়, যে ইয়াৰ ম্যাদ ১০ জানুৱাৰীলৈ বৃদ্ধি কৰা হৈছে। প্ৰকৃত ব্যৱসায়িক চুক্তিখনৰ সময় অহা ১০ নৱেম্বৰত উকলি যোৱাৰ কথা আছিল। উল্লেখযোগ্য যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্প আৰু চীনৰ ৰাষ্ট্ৰপতি চি জিনপিঙে যোৱা বৰ্ষৰ অক্টোবৰত দক্ষিণ কোৰিয়াত এই চুক্তি সম্পাদিত কৰিছ...

September 24, 2026 3:41 PM

views 13

দেওবাৰে দিনৰ ১১ বজাত ১৩৮ সংখ্যক খণ্ডৰ ‘আকাশবাণীৰ মন কী বাত’ অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা দেওবাৰে দিনৰ ১১ বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ ১৩৮ সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেৱছাইট আৰু newsonair মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্রধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউৱ চেনেল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ...

September 24, 2026 3:44 PM

views 11

দেশৰ প্ৰগতিৰ ক্ষেত্ৰত ভাৰতৰ সামুদ্রিক খণ্ডই এটা বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছেঃ সৰ্বানন্দ সোণোৱাল

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেশৰ প্ৰগতিৰ ক্ষেত্ৰত ভাৰতৰ সামুদ্রিক খণ্ডই এটা বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছে বুলি প্ৰকাশ কৰিছে। বিশ্ব সামুদ্রিক দিৱস উপলক্ষে সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীসোণোৱালে কয়, যে দেশৰ বিকাশ অধিক ক্ষিপ্ৰ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে আন্তঃগাঁথনিৰ আধুনিকীকৰণ, নীতিৰ সংস্কাৰ আৰু নাৱিক তথা সাগৰেদি অহা-যোৱা কৰা লোকসকলক প্ৰথম অগ্ৰাধিকাৰ দিয়াৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ। সামুদ্রিক উদ্যোগৰ লগত জড়িত লোকসকলৰ কঠোৰ পৰিশ্ৰমক স্বীকৃতি প্ৰদান কৰাৰ উদ্দেশ্...

September 24, 2026 12:48 PM

views 14

উত্তৰ গুৱাহাটীত দুদিনীয়াকৈ জনগোষ্ঠীয় ভাষালৈ জিকিৰ আৰু জাৰী অনুবাদৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ কৰ্মশালা

মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ নিৰ্দেশমৰ্মে আনন্দৰাম বৰুৱা ভাষা কলা সাংস্কৃতিক সংস্থাৰ উদ্যোগত অসমৰ জনগোষ্ঠীয় ভাষালৈ জিকিৰ আৰু জাৰী অনুবাদৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ কৰ্মশালা কালিৰে পৰা দুদিনীয়াকৈ উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰত অনুষ্ঠিত হৈছে। কাৰ্বি, দেউৰী, বড়ো, মিছিং, তিৱা আৰু ৰাভা ভাষালৈ জিকিৰ আৰু জাৰী অনুবাদ কৰা হ'ব। এই কর্মশালাত আটাইকেইটা জনগোষ্ঠীৰ সমল ব্যক্তিসকলে অংশগ্রহণ কৰিছে। কৰ্মশালাৰ উপদেষ্টা হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড০ এম কামালুদ্দিন, ড০ বিভা ভৰালীয়ে অংশ...

September 24, 2026 12:38 PM

views 22

জনসেৱা তথা দেশসেৱাৰ মন্ত্ৰৰে কৰা যাত্ৰাৰ ২৫ বছৰ সম্পূৰ্ণ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱা তথা দেশসেৱাৰ মন্ত্ৰৰে কৰা যাত্ৰাৰ ২৫ বছৰ সম্পূৰ্ণ কৰিছে। কেন্দ্ৰীয় চৰকাৰে সেৱা আৰু সুশাসনৰ দৃষ্টিভংগীৰে ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে অবিৰতভাৱে কাম কৰি আহিছে। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত সামগ্রিক উন্নয়ন আৰু সামাজিক সৱলীকৰণৰ জৰিয়তে দেশৰ জনসাধাৰণৰ জীৱন ধাৰণৰ আমূল পৰিৱৰ্তন ঘটোৱাৰ প্ৰয়াস কৰা হৈছে। এনে প্ৰয়াসৰ অংশ হিচাপে অসমসহ উত্তৰ-পূৰ্বাঞ্চলতো ভালেমান উন্নয়নমূলক কাৰ্যসূচী আৰু প্ৰকল্প ৰূপায়িত হৈছে। এনে এখন আঁচনিৰ ভিতৰত ২০১৬ চনৰ ১৬ জানুৱ...

September 24, 2026 1:28 PM

views 35

এছিয়ান গেমছত ৰূপৰ পদক অৰ্জন কৰা ৰ’ছিবীনা দেৱী আৰু ব্ৰঞ্জৰ পদক লাভ কৰা সৎনাম সিং আৰু চলমান খানক ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী মোদীৰ অভিনন্দন

ভাৰতৰ ৰ’ছিবীনা দেৱীয়ে জাপানৰ আইচি-নাগোয়াত অনুষ্ঠিত এছিয়ান গেমছত উশ্বৰ মহিলাৰ ৬০ কিলোগ্রাম ওজন শাখাৰ ছান্দা শিতানত ৰূপৰ পদক অৰ্জন কৰিছে। ৰ’ছিবীনাই আজি ফাইনেলত চীনৰ ঝাংগ শ্বিয়াঅ’য়ুৰ হাতত ০-২ ফলাফলত পৰাভূত হয়। খেলুৱৈগৰাকীয়ে এছিয়ান গেমছৰ ইতিহাসত এইবাৰকে ধৰি ৩ টা পদক অৰ্জন কৰিছে। ৰ’ছিবীনাই ইয়াৰ পূৰ্বে ২০২৩ চনত অনুষ্ঠিত হাংঝৌ এছিয়ান গেমছত ৰূপৰ আৰু ২০১৮ চনত অনুষ্ঠিত জাকাৰ্টা-পালেমবাং এছিয়ান গেমছত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। ইপিনে, ভাৰতৰ সৎনাম সিং আৰু চলমান খানে পুৰুষৰ নৌচালনাৰ স্কল্‌ছৰ ডালছত ব্ৰ...

September 24, 2026 12:22 PM

views 26

শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ডাক বেলটযোগে ভোটদানৰ বাবে আগ্রহী লোকসকলে পৰহিলৈ ভোটদান কৰিব পাৰিব

শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ডাক বেলটযোগে ভোটদানৰ বাবে আগ্রহী লোকসকলে পৰহিলৈ ভোটদান কৰিব পাৰিব। শিলচৰৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বহুমুখী বিদ্যালয়ত পুৱা ৯.৩০ বজাৰ পৰা বিয়লি ৫ বজালৈ ভোটদান কৰিব পাৰিব। নিৰ্বাচন কৰ্তৃপক্ষই ইয়াৰ বাবে আবেদন কৰা সংশ্লিষ্ট ভোটদাতাসকলক ভোটদান প্ৰক্ৰিয়া সুকলমে আৰু সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ ভোটগ্রহণ অহা ৩ অক্টোবৰত অনুষ্ঠিত হ'ব। এই উপলক্ষে সেইদিনা শিলচৰ পৌৰ নিগম এলেকাত ৰাজহুৱা বন্ধৰ দ...

September 24, 2026 12:07 PM

views 39

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে ইভিএমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ড’মাইজেচন প্ৰক্ৰিয়া সম্পন্ন

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে ইভিএমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ড’মাইজেচন প্ৰক্ৰিয়া কালি সম্পন্ন হয়। নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত দুয়োখন নিৰ্বাচনী জিলাৰ বাবে এই প্রক্রিয়া নগাঁও জিলা নির্বাচনী বিষয়াৰ কার্যালয়ত অনুষ্ঠিত হয়। এই প্রক্রিয়াত নির্বাচনী সাধাৰণ পৰ্যবেক্ষক আৰু ৰাষ্ট্ৰীয় তথা ৰাজ্যিক স্বীকৃতিপ্রাপ্ত ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধি উপস্থিত থাকে। উল্লেখযোগ্য যে ইভিএমসমূহত ভোটগ্রহণ কেন্দ্ৰৰ নম্বৰ সংযোজন কৰা হৈছে আৰু নগাঁও আৰু মৰিগাঁও দুয়োখন জিলাতে ভোটগ্রহণ কেন্দ্রভিত্তিক ইভিএমসমূহৰ প...