June 12, 2026 4:51 PM

views 20

কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে অহা ১৫ জুনত শ্বিলং ভ্রমণ কৰিব

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ আন্তঃগাঁথনি উন্নয়ন আৰু যোগাযোগ বৃদ্ধিৰ উদ্দেশ্যে প্রয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে অহা ১৫ জুনত শ্বিলং ভ্রমণ কৰিব। মন্ত্ৰী শ্ৰী গাডকাৰীয়ে এই ভ্ৰমণকালত শ্বিলঙৰ লাৰিটি কলা কেন্দ্ৰৰ উত্তৰ-পূব ভাৰত আন্তঃগাঁথনি সন্মিলন আৰু প্ৰদৰ্শনীত হ'বলগীয়া ঘূৰণীয়া মেজমেলত মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে উপস্থিত থাকিব। এই সন্মিলনত আন্তঃগাঁথনি উন্নয়ন, আঞ্চলিক বিকাশৰ বাবে বিনিয়োগৰ সুযোগ, নীতি নির্ধাৰকসকলক সন্মিলিত কৰোৱাৰ লগতে ঔদ...

June 12, 2026 4:54 PM

views 15

শ্রী অমৰনাথ যাত্ৰাৰ প্ৰস্তুতি সন্দৰ্ভত গৃহমন্ত্রী অমিত শ্বাহৰ পৰ্যালোচনা বৈঠক

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি নতুন দিল্লীত শ্রী অমৰনাথ যাত্ৰাৰ প্ৰস্তুতি সন্দৰ্ভত এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। এই বৈঠকত সেনা বাহিনীৰ মুৰব্বী জেনেৰেল উপেন্দ্ৰ দ্বিবেদী, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভাল, জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহা, চি আৰ পি এফ, বি এছ এফ, চি আই এছ এফ, আই টি বি পি আৰু এছ এছ বি সঞ্চালক প্রধান সকলো উপস্থিত থাকে। অমৰনাথ যাত্ৰা অহা ৩ জুলাইত আৰম্ভ হ'ব আৰু ২৮ আগষ্টত সামৰণি পৰিব।

June 12, 2026 4:48 PM

views 18

‘‘দ্রোণ প্রযুক্তিৰ দৰে বিকশিত খণ্ডত মহিলাৰ বৰ্ধিত অংশগ্রহণে নতুন সুযোগ সৃষ্টি কৰিছে আৰু দেশৰ বিকাশৰ গতি সলনি কৰিছে’’ – প্ৰধানমন্ত্ৰী মোদী

বিত্তীয় অন্তৰ্ভুক্তি আৰু উদ্যোগীৰ পৰা শিক্ষা, স্বাস্থ্য, অনাময়, গৃহ নির্মাণ, ক্রীড়া, বিজ্ঞান আৰু প্রশাসনলৈ বিভিন্ন খণ্ডত মহিলাসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰী মোদীয়ে কয়, যে দ্রোণ প্রযুক্তিৰ দৰে বিকশিত খণ্ডত মহিলাৰ বৰ্ধিত অংশগ্রহণে নতুন সুযোগ সৃষ্টি কৰিছে আৰু দেশৰ বিকাশৰ গতি সলনি কৰিছে। বিগত ১২ বছৰত এন ডি এ চৰকাৰে মহিলা নেতৃত্বাধীন বিকাশৰ দিশত কাম কৰি আহিছে আৰু সেয়া বিভিন্ন খণ্ডত দেখা পোৱা গৈছে বুলি প্ৰধান...

June 10, 2026 3:25 PM

views 21

একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা দেশৰ প্ৰথমগৰাকী নিৰ্বাচিত প্রধানমন্ত্ৰীৰূপে পৰিগণিত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা দেশৰ প্ৰথমগৰাকী নিৰ্বাচিত প্রধানমন্ত্ৰীৰূপে পৰিগণিত হৈছে। তেওঁ ২০১৪ চনৰ ২৬ মে'ত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰীৰূপে শপত গ্রহণ কৰিছিল। শ্রীমোদীয়ে এই ক্ষেত্ৰত পূৰ্বৰ প্ৰধানমন্ত্রী পণ্ডিত জৱাহৰলাল নেহৰুৰ অভিলেখ ভংগ কৰে। পণ্ডিত নেহৰুৱে ১৯৫২ চনৰ ১৩ মে’ত নিৰ্বাচিত প্রধানমন্ত্ৰীৰূপে প্ৰথমবাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰিছিল আৰু ১৯৬৪ চনৰ ২৭ মে'ত মৃত্যু পর্যন্ত তেওঁ দেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্বত আছিল। তেওঁ একেৰাহে ৪ হাজাৰ ৩৯৮ দিন প্...

June 10, 2026 3:05 PM

views 17

বিশ্বৰ বিভিন্ন দেশৰ নেতাসকলৰ প্ৰধানমন্ত্ৰী মোদীক অধিক সময়ৰ বাবে ক্ষমতাত থকা নির্বাচিত প্রধানমন্ত্ৰী হোৱাৰ কৃতিত্বৰ বাবে অভিনন্দন জ্ঞাপন

বিশ্বৰ বিভিন্ন দেশৰ নেতাসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এই কৃতিত্বৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। ৰূপান্তৰকামী শাসন ব্যৱস্থা, গ্লোবেল ছাউথৰ প্ৰতি পৰামৰ্শ আৰু এখন সৰ্বাত্মক আৰু অৰ্থনৈতিকভাৱে শক্তিশালী ভাৰত নিৰ্মাণৰ প্ৰতি থকা লক্ষ্যৰ বাবে নেতাসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসাৰে উপচাই দিছে। শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিশানায়কাই এখন পত্রযোগে কৈছে যে, এই মাইলৰ খুঁটি কেৱল শ্রীমোদীৰ কার্যকালৰ বছৰবোৰৰ বাবেই নহয়, ই বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ জনসাধাৰণে তেওঁৰ নেতৃত্বৰ ওপৰত বাৰে বাৰে দেখুওৱা...

June 10, 2026 3:00 PM

views 18

তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱৰ ৰাজ্যসভাৰ সদস্য পদ ত্যাগ

তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱে ৰাজ্যসভাৰ সদস্য পদ ত্যাগ কৰিছে। শ্ৰীমতী দেৱে ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণণলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে। পদত্যাগৰ পাছতে তেওঁ নতুন দিল্লীত অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে। উল্লেখযোগ্য যে তৃণমূল কংগ্ৰেছৰ প্রবীন নেতা তথা ৰাজ্যসভাৰ সাংসাদ শুখেন্দু শেখৰ ৰয়ে সোমবাৰে ৰাজ্যসভাৰ সদস্য পদ আৰু দল ত্যাগ কৰিছিল।

June 10, 2026 2:51 PM

views 16

আফগানিস্তানৰ কুনাৰ, খোষ্ট আৰু পাকটিকা প্ৰদেশত পাকিস্তানী সামৰিক বিমান আক্ৰমণত ১৩ জন লোকৰ মৃত্যু

আফগানিস্তানৰ কুনাৰ, খোষ্ট আৰু পাকটিকা প্ৰদেশত পাকিস্তানী সামৰিক বিমান আক্ৰমণত কমেও ১৩ জন লোকৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত অধিকাংশ শিশু বুলি জানিব পৰা গৈছে। এটা বিবৃতিত তালিবানৰ মুখপাত্র জাবিহুল্লাহ মুজাহিদে এই আক্ৰমণৰ গৰিহণা দিয়ে। তেওঁ পাকিস্তানী সেনাই পুনৰ আফগানিস্তানৰ আকাশমার্গত অবৈধভাৱে প্ৰৱেশ কৰি কৰা এই আক্রমণ অমানৱীয় আৰু অপৰাধী কাৰ্যকলাপ বুলি মন্তব্য কৰে। বিগত কেইমাহমান ধৰি পাকিস্তান আৰু আফগানিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ লগতে গুলিয়াগুলিৰ ঘটনা সংঘটিত হৈ থকাৰ ফলত জনজীৱন বিপর্যস্ত হৈছে। ...

June 10, 2026 2:36 PM

views 24

শ্ৰীলংকাৰ ৰণগিৰি ডাম্বুলা আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত কাইলৈ ভাৰত-আফগানিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

শ্ৰীলংকাৰ ৰণগিৰি ডাম্বুলা আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত চলি থকা তিনিখন দেশৰ এ দলৰ ক্ৰিকেট শৃংখলাত কাইলৈ ভাৰত-আফগানিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। অহা ২১ জুনত শৃংখলাটোৰ চূড়ান্ত খেলখন অনুষ্ঠিত হ'ব। শৃংখলাটোৰ আটাইকেইখন খেলেই ডাম্বুলাত খেলোৱা হ'ব। ভাৰতৰ পুৰুষৰ-এ দলটোৱে প্ৰতিযোগিতাৰ উদ্বোধনী খেলখনত কালি শ্রীলংকা-এ দলক ৮ ৰানত পৰাস্ত কৰে। ৰণগিৰি ডাম্বুলা আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত প্ৰথমে বেট ধৰি ভাৰতে নিৰ্ধাৰিত ৫০ অভাৰত ৬টা উইকেট হেৰুৱাই ২৭৭ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ ঋতুৰাজ...

June 10, 2026 2:07 PM

views 23

প্রধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানৰ সফল ৰূপায়ণৰ ১০ বছৰ সম্পূৰ্ণ

প্রধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানৰ সফল ৰূপায়ণৰ ১০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে কালি দেশজুৰি বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হয়৷ নগাঁও জিলাত কালি এই উপলক্ষে ১৬৬টা স্বাস্থ্য কেন্দ্র, আয়ুষ্মান আৰোগ্য মন্দিৰ, সামুহিক স্বাস্থ্যকেন্দ্ৰ, এফ আৰ ইউ, মহকুমা অসামৰিক চিকিৎসালয়, প্রাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু নগাঁও চিকিৎসা মহাবিদ্যালয়ত দ্বিতীয় আৰু তৃতীয় ত্রৈমাসিকৰ সন্তানসম্ভৱা মহিলাসকলৰ স্বাস্থ্য পৰীক্ষা কৰা হয়। তদুপৰি প্রসূতিসকলক পুষ্টিকৰ খাদ্য প্ৰদানৰো ব্যৱস্থা কৰা হয়। জিলাখনত ৩,৫৯৬ গৰাকী প্রসূতিৰ কালি...

June 10, 2026 1:56 PM

views 21

ৰাষ্ট্ৰীয় ৰেফাৰী পৰীক্ষাত উত্তীৰ্ণ হৈ নগাঁৱলৈ গৌৰৱ নিলাক্ষী শ‍ইকীয়াৰ

নগাঁৱৰ নিলাক্ষী শ‍ইকীয়াই অলপতে সম্পন্ন কাজিৰঙা ৰাইনো কাপ পেচাদাৰী বক্সিং লীগ প্ৰতিযোগিতাৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত ৰাষ্ট্ৰীয় ৰেফাৰী পৰীক্ষাত উত্তীৰ্ণ হৈ জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। নিলাক্ষীয়ে নগাওঁ জিলাৰ প্ৰথমগৰাকী ৰাষ্ট্ৰীয় মহিলা বক্সিং ৰেফাৰী হিচাপে স্বীকৃতি লাভ কৰিছে।