June 12, 2026 6:49 PM

views 13

গুৱাহাটী মহানগৰীৰ ভূতনাথ অঞ্চলৰ কালীপুৰত আজি পথৰ ওপৰত এডাল গছ বাগৰি পৰাৰ ফলত এগৰাকী ছাত্ৰীৰ মৃত্যু

গুৱাহাটী মহানগৰীৰ ভূতনাথ অঞ্চলৰ কালীপুৰত আজি পথৰ ওপৰত এডাল গছ বাগৰি পৰাৰ ফলত এগৰাকী ছাত্ৰীৰ মৃত্যু হয়। নিহত ছাত্ৰীগৰাকী চৰাইদেউ জিলাৰ সোণাৰীৰ পৰিস্মিতা হাজৰিকা বুলি চিনাক্ত কৰা হৈছে। পৰীক্ষাৰ বাবে ছাত্ৰীগৰাকীয়ে পাণ্ডু মহাবিদ্যালয়লৈ দুচকীয়া বাহনেৰে গৈ থকা অৱস্থাতে এই কৰুণ দুর্ঘটনাটো সংঘটিত হয়। সেই ঘটনাত দুচকীয়া বাহনখনৰ চালক তথা ছাত্ৰ জ্যোতিময় মহন গুৰুতৰভাৱে আহত হয়। ঘটনাৰ পিছতে ৰে’ল বিভাগ আৰু গুৱাহাটী পৌৰ নিগমৰ কৰ্মীয়ে স্থানীয় লোকৰ সহযোগত দুয়োকে সমীপৰ এখন চিকিৎসালয়লৈ নিয়ে যদিও ছাত্ৰীগ...

June 12, 2026 11:55 PM

views 26

ফিফা বিশ্বকাপত ভাৰতীয় সময় অনুসৰি নিশা ১২.৩০ বজাত বচনিয়া-হার্জেগভিনাৰ বিৰুদ্ধে অৱতীৰ্ণ

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাত আজি নিশা টণ্টো ষ্টেডিয়ামত গ্রুপ বিৰ এখন খেলত সহ আয়োজক দেশ কানাডা বচনিয়া-হার্জেগভিনাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ১২.৩০ বজাত অনুষ্ঠিত হ'ব। দুয়োখন দেশ প্রথমবাৰৰ বাবে বিশ্বকাপ প্রতিযোগিতাত মুখামুখি হ'ব। গ্রুপ এ-ৰ খেলত আজি দক্ষিণ কোৰিয়াই চেক-ৰিপাব্লিকক এখন উত্তেজনামূলক খেলত ২-১ গলৰ ব্যৱধানত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে যোৱা নিশা মেস্কিক' মহানগৰীৰ এজটেকা ষ্টেডিয়ামত অনুষ্ঠিত প্রতিযোগিতাৰ উদ্বোধনী খেলত মেস্কিক'ৱে দক্ষিণ আফ্ৰিকাক ২-০ গলত পৰাস্ত...

June 12, 2026 6:29 PM

views 15

বড়োলেণ্ড আন্দোলনৰ প্ৰথম শ্বহীদ সুজিত নাৰ্জাৰীৰ মৃত্যুবার্ষিকী উপলক্ষে আজি বড়োলেণ্ডত ৩৯ সংখ্যক বড়োলেণ্ড শ্বহীদ দিৱসৰ আয়োজন

বড়োলেণ্ড আন্দোলনৰ প্ৰথম শ্বহীদ সুজিত নাৰ্জাৰীৰ মৃত্যুবার্ষিকী উপলক্ষে আজি বড়োলেণ্ডত ৩৯ সংখ্যক বড়োলেণ্ড শ্বহীদ দিৱসৰ আয়োজন কৰা হয়। শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি কোকৰাঝাৰ জিলাৰ দায়াবাৰীত নৱনিৰ্মিত এটা ভৱন মুকলি কৰা হয়। শ্বহীদ সুজিত নাৰ্জাৰী সোঁৱৰণী কেন্দ্ৰৰূপে এই ভৱনৰ নামকৰণ কৰা হয়।

June 12, 2026 6:39 PM

views 17

হাড়গিলা বাইদেউ হিচাপে পৰিচিত ড° পূর্ণিমা দেৱী বৰ্মন ২০২৬ বৰ্ষৰ WAY FINDER বঁটাৰ বাবে মনোনীত

প্রকৃতি সংৰক্ষণৰ হকে দীৰ্ঘদিন ধৰি কাম কৰি অহা তথা হাড়গিলা বাইদেউ হিচাপে পৰিচিত ড° পূর্ণিমা দেৱী বৰ্মনক ২০২৬ বৰ্ষৰ WAY FINDER বঁটাৰ বাবে মনোনীত কৰা হৈছে। বিলুপ্তপ্রায় হাড়গিলা চৰাই সংৰক্ষণৰ ক্ষেত্ৰত লোৱা অগ্রণী ভূমিকাৰ স্বীকৃতি স্বৰূপে ড° বর্মনক নেচনেল জিঅ'গ্ৰাফিক ছ’চাইটি আৰু কিয়াই যৌথভাৱে প্ৰদান কৰা এই বঁটাৰ বাবে বাছনি কৰা হৈছে। নেচনেল জিঅ'গ্ৰাফিক ছ’চাইটিয়ে প্রকাশ কৰা টোকাত ড° পূর্ণিমা দেৱী বৰ্মনৰ স্বীকৃতিয়ে প্ৰকৃতিৰ প্ৰতি দয়াশীল, সৰ্বাংগীন আৰু সন্মানীয় সমূহীয়া প্ৰচেষ্টাৰ পৰিৱৰ্তনশীল শক্...

June 12, 2026 6:27 PM

views 17

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ধেমাজি জিলাতো আজি বিশ্ব শিশু শ্রম বিৰোধী দিৱস উদযাপন

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ধেমাজি জিলাতো আজি বিশ্ব শিশু শ্রম বিৰোধী দিৱস উদযাপন কৰা হয়৷ ধেমাজি জিলা শ্রম বিষয়াৰ কাৰ্যালয় আৰু ধেমাজি ব্যৱসায়ী সংস্থাৰ যৌথ উদ্যোগত আৰু জিলাখনৰ বিভিন্ন চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানৰ সহযোগত এই দিৱস উদযাপন কৰা হয়। দিৱস উপলক্ষে ধেমাজি মটৰ শ্রমিক ই-ৰিক্সা সন্থাৰ উদ্যোগত সজাগতা সমদল কার্যসূচী অনুষ্ঠিত হয়। ধেমাজি ব্যৱসায়ী সন্থা আৰু চেম্বাৰ্ছ অব কমার্চ ধেমাজি জিলাই সজাগতা পত্ৰ বিতৰণ, দোকান-প্রতিষ্ঠানসমূহত সজাগতামূলক পোষ্টাৰ সংলগ্নকৰণ আদি কাৰ্যসূচী ৰূপায়ণ ক...

June 12, 2026 6:06 PM

views 18

অসম চৰকাৰৰ নতুন মন্ত্ৰীসকলে বিভিন্ন জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব লাভৰ পাছত কাম-কাজৰ খতিয়ান

ৰাজ্য চৰকাৰৰ নতুন মন্ত্ৰীসকলে বিভিন্ন জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰাৰ পাছতে তেওঁলোকে সেই জিলাসমূহ ভ্ৰমণ কৰি বিভিন্ন উন্নয়নমূলক কাম-কাজৰ খতিয়ান লৈছে। মন্ত্ৰীসকলে জিলা প্ৰশাসনৰ সৈতে সমন্বয় ৰক্ষা কৰি উন্নয়ন, সু-শাসন আৰু সমৃদ্ধিৰ দিশত চৰকাৰৰ যাত্ৰাক গতিশীল কৰাৰ চেষ্টা চলাইছে। ওদালগুৰি জিলাৰ অভিভাৱক মন্ত্ৰী নীলিমা দেৱীয়ে কালি জিলা আয়ুক্তৰ কাৰ্যালয়ত বিভিন্ন বিভাগৰ বিষয়াসকলৰ সৈতে পর্যালোচনা বৈঠকত অংশ লয়। বৈঠকত জনকল্যাণমূলক আঁচনিসমূহৰ ফলপ্ৰসু ৰূপায়ণ, আন্তঃগাঁথনি উন্নয়ন, প্রশাসন...

June 12, 2026 5:58 PM

views 19

বিশ্বকাপ ফুটবল প্রতিযোগিতাত আজি কানাডা বছনিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

বিশ্বকাপ ফুটবল প্রতিযোগিতাত আজি টণ্টো ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত কানাডা বছনিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ১২.৩০ বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত কাইলৈ পুৱা ৬.৩০ বজাত হ'বলগীয়া আন এখন খেলত আমেৰিকা, পেৰাগুৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। মেক্সিকোত যোৱা নিশা আটকধুনীয়া উদ্বোধনী অনুষ্ঠানেৰে বিশ্বকাপ ফুটবল প্রতিযোগিতা আৰম্ভ হয়। এজটেকা ষ্টেডিয়ামত অনুষ্ঠিত উদ্বোধনী খেলত সহ আয়োজক দেশ মেক্সিকোই দক্ষিণ আফ্রিকাক ২-০ গ'লত পৰাস্ত কৰে।

June 12, 2026 5:59 PM

views 15

দেশৰ প্ৰসিদ্ধ শ্বুটিং প্রশিক্ষক তথা এছিয়ান গেম্‌ছত সোণৰ পদক বিজেতা যশপাল ৰানাৰ দেহাৱসান

দেশৰ প্ৰসিদ্ধ শ্বুটিং প্রশিক্ষক তথা এছিয়ান গেম্‌ছত সোণৰ পদক বিজেতা যশপাল ৰানাৰ যোৱানিশা দিল্লীৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৪৯ বছৰ। প্ৰয়াত ৰাণা ভাৰতীয় পিষ্টল শ্বুটাৰসকলৰ প্ৰশিক্ষক হিচাপে কৰ্মৰত আছিল। যশপাল ৰানাই পেৰিছ অলিম্পিকত দুটা ব্ৰঞ্জৰ পদক অৰ্জন কৰি ইতিহাস ৰচনা কৰা মনু ভাকৰক বিশেষভাৱে সহায় কৰিছিল। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে যশপাল ৰানাৰ মৃত্যুত শোকপ্রকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে যশপাল ৰাণা এগৰাকী আগশাৰীৰ শ্বুট...

June 12, 2026 5:49 PM

views 20

ইজিপ্তৰ বৈদেশিক মন্ত্ৰালয়ে সম্ভাব্য কূটনৈতিক অগ্রগতি সন্দৰ্ভত ৱাছিংটন আৰু তেহৰান কৰ্তৃপক্ষক চুক্তি নিশ্চিত কৰিবলৈ আহ্বান জনাইছে

ইজিপ্তৰ বৈদেশিক মন্ত্ৰালয়ে সম্ভাব্য কূটনৈতিক অগ্রগতি সন্দৰ্ভত আশা প্রকাশ কৰি ৱাছিংটন আৰু তেহৰান কৰ্তৃপক্ষক চুক্তি নিশ্চিত কৰিবলৈ আহ্বান জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি ইৰানৰ বিৰুদ্ধে হ'বলগীয়া সামৰিক আক্ৰমণ বাতিল সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে কৰা ঘোষণাক ইজিপ্তে প্ৰশংসা কৰিছে। এই ক্ষেত্ৰত কাইৰোই কূটনৈতিক সম্পৰ্কৰ বাবে নিজৰ স্থিতি স্পষ্ট কৰিছে। মন্ত্ৰালয়ে দৃঢ়তাৰে কয়, যে সমন্বয় আৰু সহযোগিতাৰে আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় অংশীদাৰসকলৰ সৈতে ...

June 12, 2026 4:54 PM

views 16

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই নীটৰ সময় ১৫ মিনিট বৃদ্ধি কৰি ১৮০ মিনিটৰ পৰা ১৯৫ মিনিটলৈ সময় নির্ধাৰণ কৰিছে

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অহা ২১ জুনত পুনৰ অনুষ্ঠিত হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা নীটৰ সময় ১৫ মিনিট বৃদ্ধি কৰি ১৮০ মিনিটৰ পৰা ১৯৫ মিনিটলৈ সময় নির্ধাৰণ কৰিছে। নতুন সময় অনুসৰি দিনৰ ২ বজাৰ পৰা বিয়লি ৫ বাজি ১৫ মিনিটলৈ পৰীক্ষাৰ অনুষ্ঠিত হ'ব। এই সংশোধিত সময়ৰ ভিতৰত পৰীক্ষাৰ উপস্থিতিৰ বহীত চহী কৰা আৰু অন্যান্য তদাৰকী ব্যৱস্থাসমূহকে ধৰি বাধ্যতামূলক আনুষ্ঠানিকতাসমূহ সম্পন্ন কৰা হ'ব। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই নীট ইউ জিৰ পৰীক্ষা নিকা, সুৰক্ষিত আৰু দায়ৱদ্ধভাৱে ...