প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱাৰ জৰিয়তে দেশ সেৱাৰ লক্ষ্যৰে ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত ২৫ বছৰ সফলতাৰে সম্পূৰ্ণ কৰিছে আৰু সম্পূৰ্ণ দায়বদ্ধতাৰে এই সেৱা অব্যাহত ৰাখিছে। সেৱা আৰু সুশাসনৰ লক্ষ্যৰে চৰকাৰে ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে নিৰন্তৰ কাম কৰি আছে।
সৰ্বাত্মক বিকাশ আৰু সামাজিক সবলীকৰণৰ জৰিয়তে চৰকাৰৰ এই নিষ্ঠাপূর্ণ সেৱাই জনসাধাৰণৰ জীৱনত ৰূপান্তৰ সাধন কৰিবলৈ সমৰ্থ হৈছে। আজিৰ শৃংখলাত চৰকাৰৰ এই লক্ষ্য পৰীক্ষা পে’ চৰ্চা পদক্ষেপৰ মাধ্যমেৰে কিদৰে কাৰ্য ৰূপায়িত হৈছে এই বিষয়ে প্ৰচাৰ কৰিবলৈ লোৱা হৈছে।
পৰীক্ষা পে চৰ্চা কাৰ্যসূচীৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে ছাত্ৰ-ছাত্ৰী শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলৰ সৈতে পৰীক্ষাৰ সময়ত মানসিক চাপ নিয়ন্ত্ৰণ আৰু আনন্দময় শিকন সন্দৰ্ভত মত-বিনিময় কৰে।
২০১৮ চনত আৰম্ভ কৰা এই কাৰ্যসূচীৰ জৰিয়তে নতুন প্ৰজন্মৰ শিক্ষাৰ্থীসকলক মানসিক চাপ বিহিনভাবে আৰু আত্মবিশ্বাসেৰে পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ প্ৰতি উৎসাহিত কৰা হৈছে।
এই কাৰ্যসূচীয়ে পৰীক্ষা ব্যৱস্থাক ভাবুকি নহয় বৰং সুযোগ হিচাপে গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলক প্ৰেৰিত কৰিছে। প্রধানমন্ত্রী মোদীয়ে এই কাৰ্যসূচীৰ জৰিয়তে পৰীক্ষাৰ্থীসকলৰ সৈতে মত-বিনিময় কৰি তেওঁলোকক যিকোনো ধৰণৰ মানসিক চাপৰ সন্মুখীন হোৱাৰ বাবে নিজক সাজু কৰিবলৈ পৰামৰ্শ দিয়ে।