দেশৰ সকলো ৰাজহুৱা খণ্ডৰ আৰু আঞ্চলিক গ্রামীণ বেংকসমূহ গ্ৰাহকৰ সুবিধাৰ বাবে কাইলৈ খোলা ৰখা হ’ব বুলি বিত্ত মন্ত্ৰ্যালয়ে ঘোষণা কৰিছে।
বেংক সংঘৰ সংগঠিত মঞ্চ অর্থাৎ ই এফ বি ইউ এ ২৮ ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ আহ্বান জনোৱা ধৰ্মঘট তথা আজি আৰু কাইলৈ সপ্তাহান্তিক বন্ধৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ লোৱা হৈছে বুলি মন্ত্ৰ্যালয়ে প্ৰকাশ কৰিছে।
মন্ত্ৰ্যালয়ে লগতে ভাৰতীয় ৰিজাৰ্ভ বেংকে বেংকৰ সকলো শাখা, কার্যালয়, এটিএম সংযোগী শাখাকে ধৰি সকলো লেনদেন কাইলৈ খোলা থাকিব বুলি দিয়া অনুমোদনৰ বিষয়েও প্রকাশ কৰিছে।
ইতিমধ্যে কেইবাটাও ৰাজহুৱা খণ্ড বেংকে তিনিদিনীয়া বেংক ধৰ্মঘটৰ সময়চোৱাত গ্ৰাহকৰ বাবে এটিএম যোগে প্ৰতিমাহে নিৰ্ধাৰিত পৰিমাণৰ ধন বিনামূলীয়াকৈ উলিওৱাৰ ক্ষেত্ৰত নিৰ্দিষ্ট সীমা বৃদ্ধি কৰিছে।