September 26, 2026 9:09 PM

views 1

দেশৰ সকলো ৰাজহুৱা খণ্ডৰ আৰু আঞ্চলিক গ্রামীণ বেংকসমূহ গ্ৰাহকৰ সুবিধাৰ বাবে কাইলৈ খোলা ৰখা হ’ব

দেশৰ সকলো ৰাজহুৱা খণ্ডৰ আৰু আঞ্চলিক গ্রামীণ বেংকসমূহ গ্ৰাহকৰ সুবিধাৰ বাবে কাইলৈ খোলা ৰখা হ'ব বুলি বিত্ত মন্ত্ৰ্যালয়ে ঘোষণা কৰিছে। বেংক সংঘৰ সংগঠিত মঞ্চ অর্থাৎ ই এফ বি ইউ এ ২৮ ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ আহ্বান জনোৱা ধৰ্মঘট তথা আজি আৰু কাইলৈ সপ্তাহান্তিক বন্ধৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ লোৱা হৈছে বুলি মন্ত্ৰ্যালয়ে প্ৰকাশ কৰিছে। মন্ত্ৰ্যালয়ে লগতে ভাৰতীয় ৰিজাৰ্ভ বেংকে বেংকৰ সকলো শাখা, কার্যালয়, এটিএম সংযোগী শাখাকে ধৰি সকলো লেনদেন কাইলৈ খোলা থাকিব বুলি দিয়া অনুমোদনৰ বিষয়েও প্রকাশ কৰিছে। ইতিমধ্যে ...

August 1, 2025 9:05 PM

views 88

এন পি চি আয়ে আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ কেতবোৰ নতুন ইউ পি আই নীতি ৰূপায়ণ কৰিছে

এন পি চি আয়ে আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ কেতবোৰ নতুন ইউ পি আই নীতি ৰূপায়ণ কৰিছে। এই নীতি অনুসৰি ধনৰ প্ৰত্যেকবাৰ লেনদেনৰ পূৰ্বে গ্ৰাহকে প্রেৰকৰ নাম জানিব পাৰিব। প্ৰতিটো ইউ পি আই এপে দিনটোত গ্ৰাহকক নিজৰ বেংকত জমাধনৰ সবিশেষ ৫০ বাৰকৈ জনোৱাৰ অনুমতি দিছে। অৱশ্যে ব্যস্ততাপূর্ণ সময়ত ইউ পি আয়ে গ্ৰাহকৰ এই অনুৰোধ সীমিত বা বন্ধ কৰিবও পাৰে। ধনৰ লেনদেনৰ স্বয়ংক্রিয় প্রক্রিয়াও এন পি চি আয়ে ব্যস্ততা নথকা সময়তহে প্ৰক্ৰিয়াকৰণ কৰিব। গ্রাহকসকলে এতিয়াৰে পৰা মোবাইল নম্বৰৰ সৈতে সংযোগ থকা বেংকৰ তালিকাও চাব পাৰিব...