দেশৰ সকলো ৰাজহুৱা খণ্ডৰ আৰু আঞ্চলিক গ্রামীণ বেংকসমূহ গ্ৰাহকৰ সুবিধাৰ বাবে আজি খোলা ৰখা হৈছে। বেংক সংঘৰ সংগঠিত মঞ্চ অর্থাৎ ই এফ বি ইউ এ কাইলৈৰ পৰা তিনিদিনীয়াকৈ আহ্বান জনোৱা ধৰ্মঘটৰ প্ৰতি লক্ষ্য ৰাখি এই ব্যৱস্থা লোৱা হৈছে।
ভাৰতীয় ৰিজার্ভ বেংকে বেংকৰ সকলো শাখা, কাৰ্যালয়, এটিএম সংযোগী শাখাকে ধৰি সকলো লেনদেন আজি খোলা ৰখাৰ বাবে অনুমতি দিছে। ইতিমধ্যে কেইবাটাও ৰাজহুৱা খণ্ডৰ বেংকে তিনিদিনীয়া ধৰ্মঘটৰ সময়চোৱাত গ্ৰাহকৰ বাবে এটিএম যোগে প্রতিমাহে নির্ধাৰিত পৰিমাণৰ ধন বিনামূলীয়াকৈ উলিওৱাৰ ক্ষেত্ৰত নির্দিষ্ট সীমা বৃদ্ধি কৰিছে।