September 27, 2026 11:29 AM

views 9

দেশৰ সকলো ৰাজহুৱা খণ্ডৰ আৰু আঞ্চলিক গ্রামীণ বেংকসমূহ গ্ৰাহকৰ সুবিধাৰ বাবে খোলা আছে

দেশৰ সকলো ৰাজহুৱা খণ্ডৰ আৰু আঞ্চলিক গ্রামীণ বেংকসমূহ গ্ৰাহকৰ সুবিধাৰ বাবে আজি খোলা ৰখা হৈছে। বেংক সংঘৰ সংগঠিত মঞ্চ অর্থাৎ ই এফ বি ইউ এ কাইলৈৰ পৰা তিনিদিনীয়াকৈ আহ্বান জনোৱা ধৰ্মঘটৰ প্ৰতি লক্ষ্য ৰাখি এই ব্যৱস্থা লোৱা হৈছে। ভাৰতীয় ৰিজার্ভ বেংকে বেংকৰ সকলো শাখা, কাৰ্যালয়, এটিএম সংযোগী শাখাকে ধৰি সকলো লেনদেন আজি খোলা ৰখাৰ বাবে অনুমতি দিছে। ইতিমধ্যে কেইবাটাও ৰাজহুৱা খণ্ডৰ বেংকে তিনিদিনীয়া ধৰ্মঘটৰ সময়চোৱাত গ্ৰাহকৰ বাবে এটিএম যোগে প্রতিমাহে নির্ধাৰিত পৰিমাণৰ ধন বিনামূলীয়াকৈ উলিওৱাৰ ক্ষেত্ৰত নির্দিষ্ট সী...

June 24, 2026 1:58 PM

views 20

গুৱাহাটীৰ কৰ ভৱনত পিআইবি গুৱাহাটী আৰু এছবিআইৰ উদ্যোগত বাৰ্তালাপ শীর্ষক সংবাদ মাধ্যমৰ কর্মশালা অনুষ্ঠিত

গুৱাহাটীৰ কৰ ভৱনত কালি পি আই বি গুৱাহাটী আৰু এছ বি আইৰ উদ্যোগত বাৰ্তালাপ শীর্ষক সংবাদ মাধ্যমৰ এখন কর্মশালা অনুষ্ঠিত হয়। এই কর্মশালাত বিত্তীয় অন্তৰ্ভুক্তিৰ জৰিয়তে সৱলীকৰণ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। বিগত ১২ বছৰৰ বিশ্বাস, বিকাশ আৰু জন-কল্যাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ সন্দৰ্ভতো কর্মশালাত আলোচনা কৰা হয়। পি আই বিৰ উত্তৰ-পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালকপ্ৰধান কৃপাশংকৰ যাদৱে উদ্বোধন কৰা এই কৰ্মশালাত ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ আঞ্চলিক সঞ্চালক সুস্মিতা ফুকন, নাবাৰ্ডৰ মুখ্য মহা-প্ৰৱন্...

July 15, 2024 12:40 PM

views 58

বেংক একাউণ্টৰ ধন জালিয়াতিৰ গোচৰত ষ্টেট বেংক অব্ ইণ্ডিয়াৰ বৰবাৰী শাখাৰ প্ৰাক্তন শাখা প্ৰৱন্ধক গুলেনুৰ হুছেইনক আটক

অসম আৰক্ষীৰ এজন অৱসৰপ্ৰাপ্ত মহাপৰিদৰ্শকৰ বেংক একাউণ্টৰ ধন জালিয়াতিৰে আত্মসাৎ কৰাৰ গোচৰত কালি দিছপুৰ আৰক্ষীয়ে ষ্টেট বেংক অব্ ইণ্ডিয়াৰ বৰবাৰী শাখাৰ প্ৰাক্তন শাখা প্ৰৱন্ধক গুলেনুৰ হুছেইনক আটক কৰে। একেটা গোচৰতে আৰক্ষীয়ে ত্ৰিদীপ কলিতা নামৰ আন এজন লোককো আটক কৰে। উল্লেখযোগ্য যে অৱসৰপ্ৰাপ্ত উপ-মহাপৰিদৰ্শক ভৱন্ধৰ দত্তৰ বৰবাৰী শাখাত থকা বেংক একাউণ্টৰ পৰা ২৬ লাখ টকা গোপনে বিভিন্ন তাৰিখত অন্যান্য বেংক একাউণ্টলৈ হস্তান্তৰ কৰা হৈছে। এই সম্পর্কে অৱগত হৈ শ্ৰী দত্তই দিয়া এজাহাৰৰ ভিত্তিত দিছপুৰ থানাত এটা গোচ...

June 13, 2024 6:17 PM

views 53

চিৰাং জিলাৰ কাজল গাঁৱত ভাৰতীয় ষ্টেট বেংকৰ অধীনত গ্রামীণ স্বনিয়োজন প্রশিক্ষণ প্রতিষ্ঠানৰ উদ্যোগত প্ৰশিক্ষণ শিবিৰ

চিৰাং জিলাৰ কাজল গাঁৱৰ ভাৰতীয় ষ্টেট বেংকৰ অধীনত গ্রামীণ স্বনিয়োজন প্রশিক্ষণ প্রতিষ্ঠানৰ উদ্যোগত চলি থকা চিলাই প্ৰশিক্ষণ শিবিৰত আজি চিৰাং জিলা উদ্যোগ আৰু বাণিজ্য বিভাগৰ প্ৰবন্ধক বিক্ৰম কলিতা উপস্থিত হয়। যোৱা ৬ জুনৰ পৰা আৰম্ভ হোৱা এমহীয়া চিলাই প্ৰশিক্ষণ পৰিদৰ্শন কৰি প্ৰবন্ধক কলিতাই প্রশিক্ষার্থীসকলে কিদৰে সুবিধা লাভ কৰিব আৰু ভৱিষ্যতে কিদৰে ব্যৱসায় ভিত্তিত কাম আৰম্ভ কৰিব সেই বিষয়ে আলোচনা কৰে। এই প্ৰশিক্ষণত চিৰাঙৰ ৩৫ গৰাকী মহিলাই অংশগ্ৰহণ কৰিছে।