September 30, 2026 7:25 PM

views 8

চৰকাৰী বা প্ৰাদেশিকীকৃত বিদ্যালয়লৈ কোনো ব্যক্তি যোৱাত বাধা আৰোপ কৰি কোনো জাননী বা নিৰ্দেশনা জাৰি কৰা হোৱা নাই বুলি বিদ্যালয় শিক্ষা বিভাগে স্পষ্ট কৰিছে

চৰকাৰী বা প্ৰাদেশিকীকৃত বিদ্যালয়লৈ কোনো ব্যক্তি যোৱাত বাধা আৰোপ কৰি কোনো জাননী বা নিৰ্দেশনা জাৰি কৰা হোৱা নাই বুলি বিদ্যালয় শিক্ষা বিভাগে স্পষ্ট কৰি দিছে। শেহতীয়াকৈ শিক্ষা বিভাগৰ নামত সামাজিক মাধ্যম আৰু কেতবোৰ সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰিয়ে বিভ্ৰান্তিৰ সৃষ্টি কৰাৰ পাছতেই বিদ্যালয় শিক্ষা বিভাগে এটা জাননীযোগে সংবাদ মাধ্যমত প্ৰকাশিত এনে বাতৰি সত্য নহয় বুলি উল্লেখ কৰিছে। শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে অভিভাৱক আৰু নাগৰিকসকলে বিদ্যালয়সমূহলৈ গৈ গঠনমূলক...

September 29, 2026 9:27 PM

views 14

এছিয়ান গেমছত মহিলাৰ ফ’ৰ ইনটু ফ’ হান্ড্রেড মিটাৰ দৌৰত সোণৰ পদক

জাপানৰ আইচি-নাগ’য়াত চলি থকা এছিয়ান গেমছত আজি ভাৰতে মহিলাৰ ফ'ৰ ইনটু ফ’ হান্ড্রেড মিটাৰ দৌৰত সোণৰ পদক অৰ্জন কৰে। এই শিতানৰ পুৰুষৰ শাখাতো ভাৰতে ব্ৰঞ্জৰ পদক লাভ কৰে। ইয়াৰ পূৰ্বে নিৰু ঢাণ্ডাই প্ৰথমগৰাকী ভাৰতীয় শ্বুটাৰ হিচাপে মহিলাৰ গাইগুটীয়া শাখাৰ ট্ৰেপ ইভেণ্টত সোণৰ পদক জয় কৰি ইতিহাস সৃষ্টি কৰিছে। ইয়াৰ পূৰ্বে তেওঁ ট্রেপ ইভেণ্টৰ দলীয় শাখাত আশ্বিমা আহলাৱাৰ্ট আৰু মণীষা কীৰৰ সৈতে দেশৰ হৈ ৰূপৰ পদক অৰ্জন কৰিছিল। এছিয়ান গেমছত ভাৰতীয় খেলুৱৈসকলে পদক জয়ৰ ধাৰা অব্যাহত ৰাখিছে। বক্সিং প্রতিযোগিতাত ভাৰত...

September 29, 2026 9:34 PM

views 8

বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰখনে কৃষকসকলে যাতে নিজৰ উৎপাদনৰ পৰা সঠিক বিক্ৰী মূল্য লাভ কৰিব পাৰে তাৰ বাবে বহুমুখী কৌশল যুগুত কৰিছেঃ শিৱৰাজ সিং চৌহান

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কয় যে বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰখনে কৃষকসকলে যাতে নিজৰ উৎপাদনৰ পৰা সঠিক বিক্ৰী মূল্য লাভ কৰিব পাৰে তাৰ বাবে বহুমুখী কৌশল যুগুত কৰিছে। এই কৌশলসমূহে শস্য চপোৱাৰ পাছৰ পৰিচালনা ব্যৱস্থা, বৈজ্ঞানিকভাৱে নির্মিত গুডাম ঘৰ আৰু বজাৰ ব্যৱস্থাৰ দিশকেইটা সামৰি লৈছে। নতুন দিল্লীত অনুষ্ঠিত হৈ থকা ৰাষ্ট্ৰীয় কৃষি সন্মিলনৰ ৰবি শস্য অভিযান, ২০২৬ৰ আজি দ্বিতীয় দিনা মন্ত্ৰীগৰাকীয়ে উপস্থিত থাকি কয় যে চৰকাৰে মাহজাতীয় শস্যৰ ন্যূনতম সমর্থিত মূল্যত ১০০ শতাংশ অ...

September 29, 2026 9:32 PM

views 8

ভাৰতে ভূপ্রাকৃতিক কৌশল আৰু আপাতকালীন পৰিকল্পনাসমূহক নতুন প্রযুক্তি উদ্ভাৱন, অনিশ্চিয়তা আৰু ভৌগোলিক ঘনিষ্ঠতাৰ ফলত হঠাতে উদ্ভৱ হ’ব পৰা প্ৰত্যাহ্বানসমূহৰ মুখামুখি হ’ব পৰাকৈ প্ৰস্তুত কৰি ৰখাৰ প্ৰয়োজনীয়তা আহি পৰিছেঃ ৰাজনাথ সিঙ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে ভাৰতে ভূপ্রাকৃতিক কৌশল আৰু আপাতকালীন পৰিকল্পনাসমূহক নতুন প্রযুক্তি উদ্ভাৱন, অনিশ্চিয়তা আৰু ভৌগোলিক ঘনিষ্ঠতাৰ ফলত হঠাতে উদ্ভৱ হ'ব পৰা প্ৰত্যাহ্বানসমূহৰ মুখামুখি হ'ব পৰাকৈ প্ৰস্তুত কৰি ৰখাৰ প্ৰয়োজনীয়তা আহি পৰিছে। নতুন দিল্লীত আজি ভাৰতীয় নৌবাহিনীৰ সন্মিলনত উপস্থিত থাকি শ্রীসিঙে কয় যে এই প্ৰত্যাহ্বানসমূহ আহি দেশৰ দুৱাৰৰ্ডলিত উপস্থিত হোৱাৰ পূৰ্বে আমি সকলো দিশৰ পৰা নিজকে প্ৰস্তুত কৰি ৰাখিব লাগিব। অপাৰেচন উর্জা সুৰক্ষাৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে ভাৰতৰ ...

September 29, 2026 5:16 PM

views 26

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান ক্ৰমাৎ তীব্ৰতৰ

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। বিজেপি, অগপৰ শীৰ্ষ নেতৃত্বই শাসকীয় মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাইছে। মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ড০ হিমন্ত বিশ্ব শর্মাই আজি মৰিগাঁৱৰ গান্ধী ময়দানত দলীয় প্রার্থী দেৱাশিস শৰ্মাৰ হৈ প্ৰচাৰ চলায়। সভাত ড০ শৰ্মাই চৰকাৰে কল্যাণমূলক আঁচনিৰ জৰিয়তে জনসাধাৰণক নিজৰ সম্ভাৱনাৰ পূৰ্ণ ৰূপায়ণত সহায় কৰাৰ কথা উল্লেখ কৰে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে নগাঁৱৰ ৰাইডঙীয়াত প্ৰচাৰ সভাত ভাগ লয়। কংগ্ৰেছ দলৰ নেতাসকলেও দ...

September 29, 2026 5:09 PM

views 8

ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যৰ ডিফুত সজাগতামূলক পদযাত্ৰাত অংশগ্ৰহণ

নিচামুক্ত ভাৰত সংকল্প অভিযানৰ অংশ হিচাপে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যই আজি কার্বি আংলং জিলাৰ ডিফুত সজাগতামূলক পদযাত্ৰাত অংশগ্ৰহণ কৰে। তেওঁ ঐতিহ্যমণ্ডিত ডিফু ক্লাবত নিচামুক্ত ভাৰত সংকল্প অভিযানৰ অধীনত আয়োজিত এই কাৰ্যসূচীত অংশ লয়। ৰাজ্যপালগৰাকীয়ে কয়, যে বিকশিত ভাৰতক পূৰ্ণাংগ ৰূপ দিয়াৰ লগতে ৰাজ্যৰ ১০ খন জিলাত ১৭ ছেপ্তেম্বৰৰ পৰা ২ অক্টোবৰলৈ এই অভিযানৰ অধীনত পদযাত্ৰাৰ আয়োজন কৰা হৈছে। তেওঁ নিচামুক্ত সমাজ গঢ়াৰ বাবে সকলোকে অংশীদাৰ হ'বলৈ আহ্বান জনায়। এই পদযাত্ৰাত অসম বিধানসভাৰ উপাধ্যক্ষ ডা০ হাব...

September 29, 2026 4:59 PM

views 16

ৰাজ্যসভাৰ ১১ খন আসনৰ বাবে দ্বিবার্ষিক নিৰ্বাচনৰ অধিসূচনা জাৰি নির্বাচন আয়োগৰ

নির্বাচন আয়োগে ৰাজ্যসভাৰ ১১ খন আসনৰ বাবে দ্বিবার্ষিক নিৰ্বাচনৰ অধিসূচনা জাৰি কৰিছে। ইয়াৰ ভিতৰত উত্তৰ প্ৰদেশৰ ১০ খন, আৰু উত্তৰাখণ্ডৰ এখন আসন আছে। বিজেপি নেতা আৰু কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰী, বি এল বার্মা, সমাজবাদী পাৰ্টীৰ নেতা ৰামগোপাল যাদৱ, বি এছ পিৰ ৰামজীকে ধৰি আন ৬ গৰাকী সাংসদে ২৫ নৱেম্বৰত কাৰ্যকাল সম্পূৰ্ণ কৰিব। উত্তৰাখণ্ডৰ পৰা নৰেশ বাঞ্চালেও ২৫ নৱেম্বৰত কাৰ্যকাল সম্পূৰ্ণ কৰিব। নির্বাচন আয়োগে পশ্চিমবংগৰ ৰাজ্যসভাৰ এখন আসনৰ উপ নির্বাচনৰ বাবেও অধিসূচনা জাৰি কৰিছে। টি এম চিৰ সাংসদ ৰুক্মি...

September 29, 2026 4:57 PM

views 10

ভাৰত-চীনৰ সম্পৰ্ক বিগত বছৰৰ তুলনাত উন্নত হৈছেঃ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ

ভাৰতৰ সৈতে চীনৰ সম্পৰ্ক বিগত বছৰৰ তুলনাত উন্নত হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে মত প্ৰকাশ কৰিছে। নিউৱৰ্কত এছীয় সমাজে আয়োজন কৰা এটা অনুষ্ঠানত দিয়া ভাষণত ড০ জয়শংকৰে কয় যে সীমান্ত সম্পৰ্কীয় বিষয় নিষ্পত্তি হোৱাৰ লগে লগে পাৰস্পৰিক সম্পৰ্ক উন্নত হবলৈ ধৰে। তেওঁ কয় যে দ্বিপাক্ষিক সম্পৰ্কৰ অৱনতি আৰু দীৰ্ঘদিনীয়া বিবাদে অচলাৱস্থা কোনো ৰাষ্ট্ৰৰ হিতৰ হকে কাম নকৰে। ভাৰত আমেৰিকাৰ সম্পৰ্ক আৰু বাণিজ্য চুক্তি সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কয় যে দুয়ো দেশে এই চুক্তি সন্দৰ্ভত ...

September 29, 2026 4:53 PM

views 9

কেন্দ্ৰীয় চৰকাৰে ২০৪৭ বৰ্ষৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ হকে কাম কৰি আছে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱাৰ প্ৰতি অবিৰত দায়বদ্ধতাৰে জনগণৰ সেৱাত ২৫ বছৰ অতিক্ৰম কৰাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে ২০৪৭ বৰ্ষৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ হকে কাম কৰি আছে। জনসেৱাৰ পৰা দেশসেৱা এই মন্ত্ৰৰে আগবঢ়া যাত্ৰাপথত প্ৰধানমন্ত্রী মোদীয়ে প্ৰদৰ্শন কৰা সেৱা আৰু সুশাসনৰ দৃষ্টিভংগীক আধাৰ হিচাপে লৈ চৰকাৰে এই অভিযান গ্ৰহণ কৰিছে। সামগ্রিক উন্নয়ন আৰু সামাজিক সৱলীকৰণৰ জৰিয়তে চৰকাৰৰ এনে প্ৰয়াসে জনসাধাৰণৰ জীৱনলৈ অৰ্থপূৰ্ণ পৰিৱৰ্তন আনিবলৈ সমৰ্থ হৈছে। এই সন্দৰ্ভত আজিৰ প্ৰতিবেদন...

September 29, 2026 4:51 PM

views 10

ভাৰতে বিশ্বৰ বিমান পৰিবহনৰ প্ৰধান কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰাৰ লগতে বিশ্বৰ তৃতীয় সর্ববৃহৎ‍ বিমান পৰিবহন বজাৰ হিচাপে পৰিগণিত হোৱাৰ দিশত কাম কৰি আছেঃ কে ৰামমোহন নাইডু

কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্রী কে ৰামমোহন নাইডুৱে কয় যে ভাৰতে বিশ্বৰ বিমান পৰিবহনৰ প্ৰধান কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰাৰ লগতে বিশ্বৰ তৃতীয় সর্ববৃহৎ‍ বিমান পৰিবহন বজাৰ হিচাপে পৰিগণিত হোৱাৰ দিশত কাম কৰি আছে। আজি নতুন দিল্লীত অনুষ্ঠিত ৰূটছ এছিয়া ২০২৭ শীৰ্ষক অনুষ্ঠান উপলক্ষে এখন সংবাদমেলত শ্রীনাইডুৱে এইকথা প্ৰকাশ কৰে। তেওঁ কয় যে ভাৰতে বিমান যাত্ৰীৰ সংখ্যা বৰ্তমানৰ ২৪ কোটিৰ পৰা প্ৰায় ৬ গুণ বৃদ্ধি কৰি ২০৪৭ চনত ১৩০ কোটি কৰাৰ বাবে লক্ষ্য লৈছে। মন্ত্ৰীগৰাকীয়ে কয়, যে দেশত কাৰ্যক্ষম বিমান ব...