June 15, 2026 1:08 PM

views 21

কুশল কোঁৱৰৰ স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন

স্বাধীনতা সেনানী তথা ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন কৰা হৈছে। ভাৰত ত্যাগ আন্দোলনৰ সময়ত গোলাঘাট জিলাৰ সৰু পথাৰত ৰে'ল দুৰ্ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত স্বাধীনতা সেনানীগৰাকীক ব্ৰিটিছ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি মৃত্যুদণ্ডৰ হুকুম দিছিল। ১৯৪৩ চনৰ আজিৰ দিনটোতে কুশল কোঁৱৰক যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত ফাঁচী দিয়া হৈছিল। অহিংস নীতিৰে স্বাধীনতা আন্দোলনত যোগ দিয়া সেনানীগৰাকী গোলাঘাট জিলা কংগ্ৰেছৰ সম্পাদকৰ দায়িত্বও পালন কৰিছিল। আ...

June 15, 2026 12:48 PM

views 14

বিভিন্ন জিলাৰ কৃষি বিষয়া তথা অভিযান্ত্ৰিক কোষৰ বিষয়াসকলৰ সৈতে কৃষিমন্ত্ৰী পিযুষ হাজৰিকাৰ পর্যালোচনা বৈঠক

ৰাজ্যৰ কৃষি খণ্ডক অধিক শক্তিশালী কৰি কৃষকসকলৰ উপাৰ্জন বৃদ্ধি কৰাৰ লক্ষ্যৰে কৃষিমন্ত্ৰী পিযুষ হাজৰিকাই কালি বিভিন্ন জিলাৰ কৃষি বিষয়া তথা অভিযান্ত্ৰিক কোষৰ বিষয়াসকলৰ সৈতে পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত কৃষকসকলৰ সমস্যাৰ বুজ লোৱাৰ লগতে কৃষকৰ চৰকাৰী পঞ্জীয়ন বৃদ্ধি কৰাৰ বাবে বিষয়াসকলক নিৰ্দেশ দিয়া হয়। তদুপৰি মাটিৰ গুণাগুণৰ ওপৰত ভিত্তি কৰি বীজ বিতৰণ, গছপুলি আৰু সাৰ বিতৰণৰ বাবে বিশেষ ব্যৱস্থা কৰিবলৈও শ্ৰীহাজৰিকাই নির্দেশ দিয়ে। তেওঁ কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীসকলক সঠিক সময়ত কাৰ্যালয়ত উপ...

June 15, 2026 12:33 PM

views 24

আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰানে ১০৭ দিনীয়া যুদ্ধৰ অৱসান ঘটাই হৰমুজ প্রণালী মুকলি কৰাৰ বাবে এখন চুক্তি চূড়ান্ত কৰিছে

আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰানে ১০৭ দিনীয়া যুদ্ধৰ অৱসান ঘটাই হৰমুজ প্রণালী মুকলি কৰাৰ বাবে এখন চুক্তি চূড়ান্ত কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে সামাজিক মাধ্যমৰ এটা বাৰ্তাত যোৱা নিশা এই কথা সদৰি কৰি কয়, যে এই চুক্তিৰ লগে লগে ইৰানৰ বন্দৰত আমেৰিকাৰ নৌসেনাৰ অৱৰোধৰ অন্ত পৰিব। ছুইজাৰলেণ্ডত অহা ১৯ জুনত শান্তি চুক্তিত স্বাক্ষৰ কৰা হ'ব। এই চুক্তিত আনুষ্ঠানিকভাৱে স্বাক্ষৰ কৰাৰ পাছতেই অহা শুকুৰবাৰে হৰমুজ প্রণালী মুকলি কৰা হ'ব বুলি ট্রাম্পে প্ৰকাশ কৰিছে। তেওঁ কয়, যে এই চুক্তিয়ে সমগ্র মধ্যপ্রাচ...

June 15, 2026 12:17 PM

views 12

কবি, সমাজ সংস্কাৰক তথা বড়ো জাতিৰ অন্যতম পথ প্ৰদৰ্শক ৰূপনাথ ব্ৰহ্মৰ আজি ওপজা দিন

কবি, সমাজ সংস্কাৰক তথা বড়ো জাতিৰ অন্যতম পথ প্ৰদৰ্শক ৰূপনাথ ব্ৰহ্মৰ আজি ওপজা দিন। বড়ো জাতিৰ স্বপ্নদ্ৰষ্টা ৰূপনাথ ব্ৰহ্ম আছিল অসমৰ প্ৰথমগৰাকী জনজাতীয় কেবিনেট মন্ত্রী। কোকৰাঝাৰ জিলাত জন্মগ্ৰহণ কৰা ব্ৰহ্মই স্বাধীনতাৰ পূৰ্বৰ তথা স্বাধীনতাৰ পাছতো অসমৰ ৰাজনীতিত সক্রিয়ভাৱে জড়িত আছিল। তেওঁ বড়ো ব্ৰহ্ম ধৰ্মৰ প্ৰতিষ্ঠাপকৰূপেও জনা যায়। বড়ো ভাষা-সাহিত্যৰ বিকাশত বিশেষ অৱদান আগবঢ়োৱা ব্ৰহ্মই ভালেসংখ্যক কবিতাৰ লগতে বড়ো জাতিৰ পৰিচয়, BODO- KACHARI'S AND THEIR CULTURE নামৰ দুখন গ্ৰন্থও ৰচনা কৰিছিল। বড়ো জ...

June 15, 2026 12:15 PM

views 12

বিশিষ্ট গল্পকাৰ, ঔপন্যাসিক আৰু শিক্ষাবিদ লক্ষ্মীনন্দন বৰাৰ আজি ওপজা দিন

বিশিষ্ট গল্পকাৰ, ঔপন্যাসিক আৰু শিক্ষাবিদ লক্ষ্মীনন্দন বৰাৰ আজি ওপজা দিন। ভালেসংখ্যক গ্ৰন্থৰে অসমীয়া সাহিত্যলৈ বৰঙণি আগবঢ়োৱা লক্ষ্মীনন্দন বৰাই ১৯৯৬ চনত অসম সাহিত্য সভাৰ বোকাখাত অধিৱেশনত সভাপতিৰ আসন শুৱনি কৰিছিল। ১৯৮৮ চনত পাতাল ভৈৰৱী গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰা বৰাক ২০১৫ চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হৈছিল। তেওঁৰ উপন্যাস গঙা চিলনীৰ পাখিৰ আধাৰত পদুম বৰুৱাই একেনামৰ অসমীয়া চিনেমা নির্মাণ কৰিছিল। ২০২১ চনত মৃত্যু হোৱা এই গৰাকী বৰেণ্য সাহিত্যিকে অসম উপত্যকা সাহিত্য বঁটা, সৰস্বতী স...

June 15, 2026 12:00 PM

views 16

আই চি চি মহিলা টি-২০ বিশ্বকাপত পাকিস্তানক ৬৪ ৰানত পৰাস্ত ভাৰতৰ

♦ আই চি চি মহিলা টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত ভাৰতে যোৱা নিশা বার্মিংহামৰ এছবেষ্টনত অনুষ্ঠিত গ্রুপ-এৰ এখন খেলত পাকিস্তানক ৬৪ ৰানত পৰাস্ত কৰে। পাকিস্তানে ১৭১ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৭ অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই ১০৬ ৰানহে কৰিবলৈ সমর্থ হয়। দিপ্তী শর্মাই ৫টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ভাৰতে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৬ উইকেটৰ বিনিময়ত ১৭০ ৰান সংগ্ৰহ কৰে। দলৰ হৈ স্মৃতি মান্ধানাই সৰ্বাধিক ৬৮ ৰান কৰে। দিপ্তী শৰ্মাক প্লেয়াৰ অৱ দা মেচ ঘোষণা কৰা হয়। প্রতিযোগিতাৰ কালি আন এখ...

June 12, 2026 8:36 PM

views 18

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ৱে ফ্ৰান্সৰ নীশ চহৰত দেওবাৰে ভাৰত উদ্ভাৱন অনুষ্ঠান মুকলি কৰিব

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ৱে ফ্ৰান্সৰ নীশ চহৰত পৰহিলৈ ভাৰত উদ্ভাৱন অনুষ্ঠান মুকলি কৰিব। কেন্দ্ৰীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে নতুন দিল্লীত আজি সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে এই অনুষ্ঠানত ভাৰতৰ পৰৱৰ্তী প্ৰজন্মৰ উদ্ভাৱন, ব্যৱসায়িক প্ৰস্তাৱ আৰু গোলকীয় স্বাৰ্থৰ সৈতে জড়িত উদ্ভাৱনসমূহ প্ৰদৰ্শন কৰা হ'ব। শিক্ষামন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে, শিক্ষা বিভাগে এহেজাৰ প্ৰস্তাৱৰ ভিতৰত ১২০টা ষ্টার্টআপক এই অনুষ্ঠানৰ বাবে নিৰ্বাচিত কৰে। শ্ৰীপ্রধানে...

June 12, 2026 8:36 PM

views 14

ভাৰত কৃত্রিম বুদ্ধিমত্তা অভিযানে আজি ভায়া নামৰ সুলভ, সহজলভ্য আৰু প্ৰাসংগিক উন্নত কৃত্ৰিম বুদ্ধিমত্তাৰ ভিডিঅ’ প্ৰস্তুতৰ এটা আৰ্হি মুকলি কৰে

ভাৰত কৃত্রিম বুদ্ধিমত্তা অভিযানে আজি ভায়া নামৰ সুলভ, সহজলভ্য আৰু প্ৰাসংগিক উন্নত কৃত্ৰিম বুদ্ধিমত্তাৰ ভিডিঅ’ প্ৰস্তুতৰ এটা আৰ্হি মুকলি কৰে। নতুন দিল্লীত এই আর্হি মুকলি কৰি ইলেক্টনিকছ আৰু তথ্য প্রযুক্তি দপ্তৰৰ সচিব এছ কৃষ্ণণে কয়, যে ভাৰতৰ কৃত্রিম বুদ্ধিমত্তাৰ যাত্ৰাত এই আৰ্হিৰ উন্মোচন মাইলৰ খুটি হিচাপে বিবেচিত হৈছে। তেওঁ কয়, যে এই আৰ্হিয়ে গৱেষণাৰ সামৰ্থ বৃদ্ধি কৰাৰ লগতে থলুৱাভাৱে বিকশাই তোলা কৃত্রিম বুদ্ধিমত্তাৰ দক্ষতা আৰু এই ক্ষেত্ৰত এটা পৰিৱেশতন্ত্ৰ গঢ়ি তোলাৰ ক্ষেত্ৰত চৰকাৰৰ দায়বদ্ধতা প্র...

June 12, 2026 8:34 PM

views 17

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে অধিক লাভৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা এটা বিনিয়োগ মঞ্চৰ প্ৰতি সমৰ্থন কৰা বুলি সামাজিক মাধ্যমযোগে প্ৰচাৰ হোৱা ভিডিঅ’ চৰকাৰে খণ্ডন কৰিছে

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে অধিক লাভৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা এটা বিনিয়োগ মঞ্চৰ প্ৰতি সমৰ্থন কৰা বুলি সামাজিক মাধ্যমযোগে প্ৰচাৰ হোৱা ভিডিঅ' চৰকাৰে খণ্ডন কৰিছে। প্ৰেছ ইনফৰমেচন ব্যুৰোৰ তথ্য পৰীক্ষণ গোটে ভিডিঅ'টো ভুৱা আৰু কৃত্রিম বুদ্ধিমত্তা প্রযুক্তি ব্যৱহাৰ কৰি প্ৰস্তুত কৰা বুলি প্ৰকাশ কৰিছে। গোটটোৱে লগতে বিত্তমন্ত্ৰীগৰাকীয়ে তেনে কোনো আঁচনিৰ প্ৰতি সমৰ্থন আগবঢ়োৱা নাই বুলি স্পষ্ট কৰি দিছে। অনলাইন ব্যৱস্থাৰে জনসাধাৰণক প্ৰৱঞ্চনা কৰাৰ উদ্দেশ্যে এনে ধৰণৰ ভুৱা ভিডিঅ' প্ৰচাৰ কৰা হয় বুলি ...

June 12, 2026 8:34 PM

views 17

উচ্চতম ন্যায়ালয়ে কংগ্ৰেছ নেত্রী মিনাক্ষী নটৰাজনে তেওঁৰ মধ্যপ্ৰদেশৰ ৰাজ্যসভাৰ প্রার্থিত বাতিল হোৱাৰ বিষয়টোক লৈ দাখিল কৰা আবেদন খাৰিজ কৰিছে

উচ্চতম ন্যায়ালয়ে কংগ্ৰেছ নেত্রী মিনাক্ষী নটৰাজনে তেওঁৰ মধ্যপ্ৰদেশৰ ৰাজ্যসভাৰ প্রার্থিত বাতিল হোৱাৰ বিষয়টোক লৈ দাখিল কৰা আবেদন খাৰিজ কৰিছে। সৰ্বোচ্চ ন্যায়ালয় তেলেংগানাৰ ফৌজদাৰী গোচৰৰ বিষয়ে অৱগত নকৰাৰ বিষয় সন্দৰ্ভত ৰিটার্ণিং বিষয়াই দিয়া সিদ্ধান্ত নতুন ৰায় দিবলৈ অস্বীকাৰ কৰে। ন্যায়াধীশ প্রশান্ত কুমাৰ মিশ্র, ন্যায়াধীশ এ এছ চণ্ডুকাৰে এই আবেদনৰ শুনানি গ্ৰহণ কৰে।