এছিয়ান গেমছত ভাৰতে আৰ্ছাৰিত ৩ টা আৰু শ্বুটিঙত ১টা সোণৰ পদকসহ মুঠ ৪ টা সোণৰ পদক অৰ্জন

জাপানত অনুষ্ঠিত এছিয়ান গেমছত আজি ভাৰতে আৰ্ছাৰিত ৩ টা আৰু শ্বুটিঙত ১টা সোণৰ পদকসহ মুঠ ৪ টা সোণৰ পদক অৰ্জন কৰে।

আৰ্চাৰীত ছাহিল যাধৱ, কুশল দলাল আৰু গণেশ মণিৰত্মমে পুৰুষৰ কম্পাউণ্ড শাখাৰ দলীয় শিতানত চীনক পৰাস্ত কৰি সোণৰ পদক হস্তগত কৰে। একেদৰে ছাহিল যাধৱ আৰু চিকিতা তনিপার্থিয়ে কম্পাউণ্ড মিক্সড শাখাৰ ফাইনেলত কোৰিয়াক শুটঅফত পৰাভূত কৰি সোণৰ পদক লাভ কৰে। এই জয়ৰ সুবাদত ছাহিল আৰু চিকিতাই কোটা ব্যৱস্থাৰ অধীনত ২০২৮ চনত হ’বলগীয়া অলিম্পিকত খেলাৰ যোগ্যতা অৰ্জন কৰে।

ইয়াৰ আগেয়ে ভাৰতৰ মহিলা কম্পাউণ্ড আৰ্চাৰী দলে চীনক পৰাজিত কৰি সোণৰ পদক অৰ্জন কৰে। জ্যোতি সুৰেখা ভেন্নম, চিকিতা তনিপাৰ্থি আৰু প্ৰথিকা প্ৰদীপক লৈ গঠিত ভাৰতীয় দলটোৱে ফাইনেলত চীনৰ প্রতিদ্বন্দ্বিক ২৩৮-২৩৪ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে। উল্লেখযোগ্য যে ভাৰতে ২০২৩ চনত হাংজৌত অনুষ্ঠিত এছিয়ান গেমছৰ মহিলাৰ কম্পাউণ্ড শাখাতো সোণৰ পদক অৰ্জন কৰিছিল।

ইপিনে, শ্বুটিঙত নিৰু ঢাণ্ডা আৰু কাইনন চেনাইৰ যুটীটোৱে মিক্সড ট্রেপ শাখাৰ দলীয় শিতানত স্বর্ণ পদক অৰ্জন কৰি ইতিহাস ৰচনা কৰে৷

অসম কন্যা লাভলীনা বৰগোহাঁইয়ে মহিলাৰ বক্সিঙৰ ৭৫ কিলোগ্রাম ওজন শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে । লাভলীনাই কিছু সময়ৰ পূৰ্বে ছেমি ফাইনেলত কাজাখস্তানৰ নাটালিয়া বগড’ন’ভাক ৩-২ ফলাফলত পৰাভূত কৰে।

ইয়াৰ লগে লগে লাভলীনা একেৰাহে দ্বিতীয়বাৰৰ বাবে এছিয়ান গেমছৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা বক্সাৰ হিচাপে পৰিগণিত হয়।

ইপিনে প্রিয়া ঘনঘাছে আজি বক্সিঙৰ মহিলাৰ ৬০ কিলোগ্রাম ওজন শাখাৰ ছেমি ফাইনেলত চীনৰ য়াং চেংগুৰ হাতত পৰাজিত হয়। অৱশ্যে খেলুৱৈগৰাকীয়ে ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ সুবাদত ব্ৰঞ্জৰ পদক লাভ কৰে।