কাইলৈ দেশী-বিদেশী পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

মানস ৰাষ্ট্ৰীয় উদ্যান কাইলৈ দেশী-বিদেশী পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হ’ব। ২০২৬-২৭ পৰ্যটন বৰ্ষৰ শুভাৰম্ভক লৈ উদ্যানখনৰ বাঁহবাৰী বনাঞ্চলত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

ইপিনে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰহিলৈ পৰ্যটকৰ বাবে পুনৰ মুকলি কৰি দিয়া হ’ব। পূব অসম বন্যপ্রাণী সংমণ্ডলৰ কাৰ্যালয়ে জাৰি কৰা জাননী অনুসৰি ২০২৬-২৭ পর্যটন বৰ্ষৰ বাবে অহা শনিবাৰে ৰাষ্ট্ৰীয় উদ্যানখনত জীপ চাফাৰী আৰম্ভ হ’ব।

পুৱা ৭ বাজি ৩০ মিনিটৰ পৰা ১০ বজালৈ আৰু দিনৰ ১.৩০ বজাৰ পৰা ৩ বজালৈ জীপ চাফাৰীৰ সময় নিৰ্ধাৰণ কৰা হৈছে। প্ৰতি বছৰৰ দৰেই এইবাৰো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ দেশী-বিদেশী পৰ্যটকৰ ভিৰ হ’ব বুলি আশা কৰা হৈছে।