প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে ভাৰতে ভূপ্রাকৃতিক কৌশল আৰু আপাতকালীন পৰিকল্পনাসমূহক নতুন প্রযুক্তি উদ্ভাৱন, অনিশ্চিয়তা আৰু ভৌগোলিক ঘনিষ্ঠতাৰ ফলত হঠাতে উদ্ভৱ হ’ব পৰা প্ৰত্যাহ্বানসমূহৰ মুখামুখি হ’ব পৰাকৈ প্ৰস্তুত কৰি ৰখাৰ প্ৰয়োজনীয়তা আহি পৰিছে। নতুন দিল্লীত আজি ভাৰতীয় নৌবাহিনীৰ সন্মিলনত উপস্থিত থাকি শ্রীসিঙে কয় যে এই প্ৰত্যাহ্বানসমূহ আহি দেশৰ দুৱাৰৰ্ডলিত উপস্থিত হোৱাৰ পূৰ্বে আমি সকলো দিশৰ পৰা নিজকে প্ৰস্তুত কৰি ৰাখিব লাগিব। অপাৰেচন উর্জা সুৰক্ষাৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে ভাৰতৰ শক্তিখণ্ড আৰু দেশৰ সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি ৰাখিবলৈ ভাৰতীয় নৌসেনা বাহিনীয়ে দেখুওৱা কৰ্মস্পৃহা আৰু যুদ্ধপ্ৰস্তুতি প্ৰক্ৰিয়াৰ শলাগ লয়।
Assamese | September 29, 2026 9:32 PM | Akashvani News | RAJNATH SING
ভাৰতে ভূপ্রাকৃতিক কৌশল আৰু আপাতকালীন পৰিকল্পনাসমূহক নতুন প্রযুক্তি উদ্ভাৱন, অনিশ্চিয়তা আৰু ভৌগোলিক ঘনিষ্ঠতাৰ ফলত হঠাতে উদ্ভৱ হ’ব পৰা প্ৰত্যাহ্বানসমূহৰ মুখামুখি হ’ব পৰাকৈ প্ৰস্তুত কৰি ৰখাৰ প্ৰয়োজনীয়তা আহি পৰিছেঃ ৰাজনাথ সিঙ