December 5, 2025 12:51 PM

views 62

গোলকীয় অনিশ্চয়তাৰ মাজতো ভাৰত-ৰাছিয়াৰ সম্পৰ্ক গভীৰ হৈয়েই আছেঃ প্ৰতিৰক্ষা মন্ত্ৰী

● ৰাছিয়াক ভাৰতৰ বিশেষ আৰু কৌশলগত অংশীদাৰ বুলি অভিহিত কৰি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে গোলকীয় অনিশ্চয়তাৰ মাজতো ভাৰত-ৰাছিয়াৰ সম্পৰ্ক গভীৰ হৈয়েই আছে। নতুন দিল্লীত ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী আন্দ্ৰেই বেলুছ'ভৰ সৈতে সামৰিক আৰু সামৰিক কাৰিকৰী সহযোগিতাৰ ২২ সংখ্যক ভাৰত-ৰাছিয়া আন্তঃচৰকাৰী আয়োগৰ মন্ত্ৰী বৈঠকৰ সহ-অধ্যক্ষতা কৰাৰ সময়ত তেওঁ এইদৰে কয়। শ্রীসিঙে কয় যে ২০০০ চনত ভাৰত-ৰাছিয়া কৌশলগত অংশীদাৰিত্ব ঘোষণা পত্ৰ স্বাক্ষৰিত হোৱাৰ পিছৰে পৰা দুয়োখন ৰাষ্ট্ৰৰ মাজত দ্বিপাক্ষিক প্ৰতিৰক্ষা সহয...

November 24, 2025 9:03 PM

views 67

শ্ৰীমদ্ভাগৱত গীতাৰ সাৰমৰ্মই কেৱল দেশৰ নাগৰিকসকলকে সামৰি লোৱা নাই বৰঞ্চ সমগ্ৰ পৃথিৱীতে মানৱীয়তাৰ বাৰ্তা প্ৰেৰণ কৰিবলৈ সমৰ্থ হৈছেঃ ৰাজনাথ সিং

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে শ্ৰীমদ্ভাগৱত গীতাৰ সাৰমৰ্মই কেৱল দেশৰ নাগৰিকসকলকে সামৰি লোৱা নাই বৰঞ্চ সমগ্ৰ পৃথিৱীতে মানৱীয়তাৰ বাৰ্তা প্ৰেৰণ কৰিবলৈ সমৰ্থ হৈছে। কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়ত আয়োজিত আন্তঃৰাষ্ট্ৰীয় গীতা সন্মিলনত ভাষণ দি তেওঁ কয় যে শ্রীমদ্ভাগৱত গীতাৰ নীতি-আদৰ্শই ভাৰতৰ প্ৰতিটো প্ৰজন্মক প্ৰভাৱিত কৰি আহিছে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে ৫ হাজাৰ বছৰ পূৰ্বৰ এই মহান গ্ৰন্থখনৰ শিকনিসমূহে মানৱীয়তাৰ উত্তৰণ ঘটাবলৈ সমৰ্থ হৈছে। স্বামী জ্ঞানানন্দজী মহাৰাজ, হাৰিয়ানাৰ প...

October 18, 2025 12:23 PM

views 65

আজি ব্ৰাহ্মা’ছ এৰ’স্পেচত নির্মিত প্রথমটো গোটৰ ব্ৰাহ্ম’ছ ক্ষেপণাস্ত্ৰসমূহ মুকলি যোগী আদিত্যনাথৰ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথে আজি লক্ষ্ণৌৰ ব্ৰাহ্মা'ছ এৰ'স্পেচত নির্মিত প্রথমটো গোটৰ ব্ৰাহ্ম'ছ ক্ষেপণাস্ত্ৰসমূহ মুকলি কৰে। লক্ষ্ণৌ ব্রাহ্ম'ছ এৰ'স্পেচ হৈছে উত্তৰ প্ৰদেশৰ প্ৰতিৰক্ষা কৰিড'ৰ যত থলুৱা প্ৰযুক্তিৰে ক্ষেপণাস্ত্ৰ নিৰ্মাণৰ পৰা পৰীক্ষণলৈকে সকলো সুবিধা আছে। এই অনুষ্ঠানতে প্ৰতিৰক্ষা মন্ত্রী শ্রীৰাজনাথসিং আৰু মুখ্যমন্ত্রী আদিত্যনাথে বুষ্টাৰ বুইল্ডিঙৰ আৰু বুষ্টাৰ ডকিং প্রদশনীৰো সাক্ষী হ'ব।

September 30, 2025 11:17 AM

views 74

অৱসৰ গ্ৰহণৰ পাছতো ৰাষ্ট্ৰ নিৰ্মাণত আগবঢ়োৱা অৱদানৰ বাবে সেনা বাহিনীৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলক প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সম্বৰ্ধনা

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অৱসৰ গ্ৰহণৰ পাছতো ৰাষ্ট্ৰ নিৰ্মাণত আগবঢ়োৱা অৱদানৰ বাবে সেনা বাহিনীৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলক সম্বৰ্ধনা জনায়। নতুন দিল্লীত কালি বিকশিত ভাৰত আৰু প্ৰাক্তন সৈনিকৰ কল্যাণ শীৰ্ষক প্ৰথমখন ৰাষ্ট্ৰীয় সন্মিলনত ভাষণ দি শ্রীসিঙে কয়, যে প্রাক্তন সৈনিকসকলে কেৱল সীমান্তৰ সুৰক্ষা কৰাই নহয়, ৰাষ্ট্ৰৰ সেৱাৰ মনোভাৱৰ জৰিয়তে পৰৱৰ্তী প্ৰজন্মৰ বাবেও এক প্ৰেৰণা। চীফ অফ ডিফেন্স ষ্টাফ জেনেৰেল অনিল চৌহান আৰু চীফ অফ আৰ্মী ষ্টাফ জেনেৰেল উপেন্দ্ৰ দ্বিৱেদীও এই অনুষ্ঠানত উপস্থিত আছিল। দুদিনী...

September 18, 2025 10:02 PM

views 50

বিশ্বৰ মঞ্চত ভাৰতৰ গুৰুত্ব বৃদ্ধি পাইছেঃ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

বিশ্বৰ মঞ্চত ভাৰতৰ গুৰুত্ব বৃদ্ধি পাইছে বুলি কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মন্তব্য কৰে। নতুন দিল্লীত অনুষ্ঠিত মন্থন ২০২৫ শীর্ষক দুদিনীয়া ৰাষ্ট্ৰীয় সন্মিলনৰ উদ্বোধনী সত্ৰত ভাষণ দি কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে আজি এইদৰে প্ৰকাশ কৰে। মন্ত্ৰী শ্ৰী সিঙে কয়, যে যদিহে ৰাষ্ট্রৰ স্বাৰ্থত কাম কৰা যায়, তেন্তে ২০৪৭ চনৰ ভিতৰত দেশে আশানুৰূপ লক্ষ্যত উপনীত হ'ব। শ্ৰী সিঙে ২০৩৫ চনৰ ভিতৰত লক্ষ্যত উপনীত হ'বলৈ আৰু ভাৰতক উন্নত স্থানলৈ ৰূপান্তৰিত কৰাৰ দৃষ্টিভংগীৰে কাম কৰিবলৈ ভাৰতীয় প্ৰতিৰক্ষা ...

August 30, 2025 11:04 PM

views 53

প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা কেৱল বিকল্প নহয়, বৰং ই অস্তিত্ব আৰু প্ৰগতিৰ চৰ্তঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা কেৱল বিকল্প নহয়। বৰং ই হৈছে অস্তিত্ব আৰু প্ৰগতিৰ চৰ্ত। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে নতুন দিল্লীত আজি প্ৰতিৰক্ষা সন্মিলনত অংশগ্ৰহণ কৰি এইদৰে প্ৰকাশ কৰে। অপাৰেশ্বন সিন্দূৰৰ সফলতাৰ বিষয়ে আলোকপাত কৰি তেঁও কয় যে এই অভিযানে দেশৰ ক্ৰমবৰ্ধমান প্ৰতিৰক্ষা ক্ষমতাৰ উজ্বল নিদর্শন। তেওঁ লগতে কয় যে দেশৰ সশস্ত্র বাহিনীয়ে পাকিস্তানৰ ভূমিত থলুৱা সজুলী ব্যৱহাৰ কৰা নিখুত আক্রমণে প্ৰমাণ কৰিলে যে দূৰদৰ্শিতা, দীৰ্ঘদিনীয়া প্ৰস্তুতি আৰু সমন্বয় অবিহনে কোনো অভিযান সফল হ'ব নোৱা...

August 27, 2025 8:55 PM

views 60

ভাৰতে সদায় শান্তি বৰ্তাই ৰখাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আহিছে বুলি ৰাজনাথ সিঙেৰ মন্তব্য

কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে, যে ভাৰতে শান্তি-শৃংখলা বৰ্তাই ৰখাত বিশ্বাস ৰাখে যদিও কোনো সন্ত্রাসবাদী সংগঠনে যদি হিংসাৰ পথ লৈ ভাৰতক আক্ৰমণ কৰিবলৈ বিচাৰে, তেন্তে সেই আক্ৰমণৰ উচিত প্ৰত্যুত্তৰ দিয়া হ'ব। মধ্য প্ৰদেশৰ মহুত অৱস্থিত আৰ্মী ৱাৰ কলেজত দিয়া এক ভাষণত মন্ত্ৰীজনে কয়, যে সংঘৰ্ষৰ পৰিস্থিতিৰ মাজতো আলোচনাৰ সুযোগ প্ৰদান কৰাৰ সুবিধা থাকে আৰু ভাৰতে সদায় শান্তি বৰ্তাই ৰখাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আহিছে। তেওঁ লগতে কয়, যে ভাৰতে কেতিয়াও নিজৰ ফালৰ পৰা যুদ্ধ আৰম্ভ কৰাৰ পক্ষপাতী নহয়...

June 10, 2025 7:15 PM

views 65

১১ বছৰত ভাৰতৰ প্ৰতিৰক্ষা খণ্ডই ঐতিহাসিক পৰিৱৰ্তনৰ দিশে ধাবিত হৈছেঃ ৰাজনাথ সিঙ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত ১১ বছৰত ভাৰতৰ প্ৰতিৰক্ষা খণ্ডই ঐতিহাসিক পৰিৱৰ্তনৰ দিশে ধাবিত হৈছে বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বার্তাত শ্রী সিঙে কয়, যে প্রধানমন্ত্ৰীৰ নেতৃত্বত সীমান্ত শক্তিশালী হোৱাৰ উপৰি সশস্ত্র বাহিনীৰ আধুনিকীকৰণ, স্থানীয় ভাবে নির্মিত অস্ত্ৰ, প্ৰতিৰক্ষা উৎপাদনৰ ৰপ্তানিৰ অভিলেখ আৰু বিশ্বজোৰা আস্থা দেশবাসীয়ে দেখিবলৈ পাইছে। এই সময়ছোৱাত প্ৰতিৰক্ষা খণ্ড আত্মনিৰ্ভৰশীল হৈ উঠা বুলিও শ্ৰী সিঙে প্ৰকাশ কৰে।

May 29, 2025 3:25 PM

views 77

দেশৰ সুৰক্ষা আৰু সমৃদ্ধিৰ বাবে মেক ইন ইণ্ডিয়া পদক্ষেপ অতি গুৰুত্বপূৰ্ণঃ ৰাজনাথ সিং

দেশৰ সুৰক্ষা আৰু সমৃদ্ধিৰ বাবে মেক ইন ইণ্ডিয়া পদক্ষেপ অতি গুৰুত্বপূৰ্ণ আৰু এই পদক্ষেপে অপাৰেচন সিন্দূৰৰ সময়ত সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াত বিশেষ ভূমিকা পালন কৰিলে। নতুন দিল্লীত অনুষ্ঠিত ভাৰতীয় উদ্যোগ মহাসংঘৰ বাৰ্ষিক ব্যৱসায়িক সন্মিলনত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ৰণনীতি আৰু প্ৰতিক্ৰিয়া দুয়োটাকে পুনৰ ৰূপ দিলে। এতিয়াৰে পৰা পাকিস্তানৰ সৈতে আলোচনা হ’লে কেৱল সন্ত্ৰাসবাদ আৰু পাক্‌ অধিকৃত কাশ্মীৰক লৈহে আলোচ...

May 11, 2025 8:21 PM

views 62

অপাৰেচন সিন্দুৰ কেৱল সামৰিক অভিযানেই নহয় বৰং এই অভিযানে ভাৰতৰ ৰাজনৈতিক, সামাজিক, কৌশলগত ক্ষেত্ৰত দৃঢ়তাক প্ৰতিপন্ন কৰিছেঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

অপাৰেচন সিন্দুৰ কেৱল সামৰিক অভিযানেই নহয় বৰং এই অভিযানে ভাৰতৰ ৰাজনৈতিক, সামাজিক, কৌশলগত ক্ষেত্ৰত দৃঢ়তাক প্ৰতিপন্ন কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি লক্ষ্ণৌত ব্ৰহ্মছ এৰোস্পেছ একত্ৰিকৰণ আৰু পৰীক্ষণ ব্যৱস্থা ভার্চুৱেল পদ্ধতিৰে মুকলি কৰি দিয়া ভাষণত এই কথা উল্লেখ কৰে। তেওঁ কয় যে অপাৰেছন সিন্দুৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ কঠোৰ স্থিতিক প্ৰতিফলিত কৰাৰ উপৰি সামৰিক শক্তিৰ দৃঢ়তা আৰু সামৰ্থক বিশ্বৰ সন্মুখত তুলি ধৰিছে। শ্রী সিঙে কয় যে ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ সময়ত স...