প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অৱসৰ গ্ৰহণৰ পাছতো ৰাষ্ট্ৰ নিৰ্মাণত আগবঢ়োৱা অৱদানৰ বাবে সেনা বাহিনীৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলক সম্বৰ্ধনা জনায়। নতুন দিল্লীত কালি বিকশিত ভাৰত আৰু প্ৰাক্তন সৈনিকৰ কল্যাণ শীৰ্ষক প্ৰথমখন ৰাষ্ট্ৰীয় সন্মিলনত ভাষণ দি শ্রীসিঙে কয়, যে প্রাক্তন সৈনিকসকলে কেৱল সীমান্তৰ সুৰক্ষা কৰাই নহয়, ৰাষ্ট্ৰৰ সেৱাৰ মনোভাৱৰ জৰিয়তে পৰৱৰ্তী প্ৰজন্মৰ বাবেও এক প্ৰেৰণা। চীফ অফ ডিফেন্স ষ্টাফ জেনেৰেল অনিল চৌহান আৰু চীফ অফ আৰ্মী ষ্টাফ জেনেৰেল উপেন্দ্ৰ দ্বিৱেদীও এই অনুষ্ঠানত উপস্থিত আছিল। দুদিনীয়া এই ৰাষ্ট্ৰীয় সন্মিলন প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ অধীনত প্রাক্তন সৈনিক কল্যাণ বিভাগে অনুষ্ঠিত কৰিছে। এই সন্মিলনৰ লক্ষ্য হৈছে দেশৰ প্ৰৱীণ সৈনিকসকলৰ কল্যাণ আৰু তেওঁলোকৰ সৈতে পুনৰ একত্ৰিকৰণ কৰাৰ বাবে দেশজুৰি চলি থকা প্ৰচেষ্টা শক্তিশালী কৰা। অনুষ্ঠানত সমগ্ৰ দেশৰ সৈনিক পৰিষদসমূহৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে।
Assamese | September 30, 2025 11:17 AM | Ex-Army | RAJNATH SING
অৱসৰ গ্ৰহণৰ পাছতো ৰাষ্ট্ৰ নিৰ্মাণত আগবঢ়োৱা অৱদানৰ বাবে সেনা বাহিনীৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলক প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সম্বৰ্ধনা