জনসেৱা তথা দেশসেৱাৰ মন্ত্ৰৰে কৰা যাত্ৰাৰ ২৫ বছৰ সম্পূৰ্ণ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱা তথা দেশসেৱাৰ মন্ত্ৰৰে কৰা যাত্ৰাৰ ২৫ বছৰ সম্পূৰ্ণ কৰিছে। কেন্দ্ৰীয় চৰকাৰে সেৱা আৰু সুশাসনৰ দৃষ্টিভংগীৰে ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে অবিৰতভাৱে কাম কৰি আহিছে।

প্ৰধানমন্ত্ৰীৰ নেতৃত্বত সামগ্রিক উন্নয়ন আৰু সামাজিক সৱলীকৰণৰ জৰিয়তে দেশৰ জনসাধাৰণৰ জীৱন ধাৰণৰ আমূল পৰিৱৰ্তন ঘটোৱাৰ প্ৰয়াস কৰা হৈছে। এনে প্ৰয়াসৰ অংশ হিচাপে অসমসহ উত্তৰ-পূৰ্বাঞ্চলতো ভালেমান উন্নয়নমূলক কাৰ্যসূচী আৰু প্ৰকল্প ৰূপায়িত হৈছে।

এনে এখন আঁচনিৰ ভিতৰত ২০১৬ চনৰ ১৬ জানুৱাৰীত প্ৰৱৰ্তন কৰা ষ্টার্টআপ ইণ্ডিয়া অন্যতম। এই আঁচনিৰ জৰিয়তে অসমৰ ভালেসংখ্যক লোকে সাফল্য লাভ কৰিছে আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো সুনাম অৰ্জন কৰিবলৈ সমৰ্থ হৈছে।

দিছপুৰৰ জনতা ভৱনত মন্ত্ৰী অতুল বৰাই কালি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিভিন্ন স্তৰৰ লগতে অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযান আৰু গোলাপ বৰবৰা ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানত খালী থকা পদসমূহৰ বিষয়ে এই বৈঠকত পৰ্যালোচনা কৰে।

বিভাগটোত স্বচ্ছ, নিকা আৰু মেধাৰ ভিত্তিক নিযুক্তি প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে সম্পন্ন কৰিবলৈ জ্যেষ্ঠ বিষয়াসকলক শ্ৰীবৰাই নিৰ্দেশ দিয়ে। লগতে বিভাগটোৰ বিভিন্ন পৰ্যায়ৰ বিষয়া- কৰ্মচাৰীসকলৰ পদোন্নতি প্ৰক্ৰিয়া সন্দৰ্ভতো আলোচনা কৰা হয়।

প্রযোজ্য নিয়ম আৰু বিধি অনুসৰি যোগ্য বিষয়া- কৰ্মচাৰীসকলক সময় মতে প্ৰাপ্য পদোন্নতি দিয়াৰ বাবে বিষয়াসকলক গুৰুত্ব সহকাৰে সম্পন্ন কৰিবলৈ নিৰ্দেশ দিয়ে।

এই বৈঠকত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্ত, সচিব, গোলাপ বৰবৰা ৰাজ্যিক পঞ্চায়ত আৰু গ্রামোন্নয়ন প্ৰতিষ্ঠানৰ সঞ্চালক আৰু কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া উপস্থিত আছিল।