গ্ৰাহকসকলৰ সুবিধাৰ্থে অহা দেওবাৰে ৰাজহুৱা খণ্ডৰ সকলো বেংক আৰু আঞ্চলিক গ্রাম্য বেংকসমূহ খোলা থাকিব

গ্ৰাহকসকলৰ সুবিধাৰ্থে অহা দেওবাৰে ৰাজহুৱা খণ্ডৰ সকলো বেংক আৰু আঞ্চলিক গ্রাম্য বেংকসমূহ খোলা থাকিব বুলি কেন্দ্রীয় বিত্ত মন্ত্ৰালয়ে প্রকাশ কৰিছে।

মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে ২৬ আৰু ২৭ ছেপ্তেম্বৰৰ সাপ্তাহান্তিক বন্ধৰ পাছতে বেংক কৰ্মচাৰী সংগঠনসমূহে ২৮ৰ পৰা ৩০ ছেপ্তেম্বৰলৈ আহ্বান জনোৱা তিনিদিনীয়া ধৰ্মঘটৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত লোৱা হৈছে।

বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে ভাৰতীয় ৰিজাৰ্ভ বেংকে অহা দেওবাৰে বেংকৰ শাখা, কার্যালয়, এটিএম সংলগ্ন শাখা আৰু মুদ্ৰা ভঁৰালসমূহ সম্পূৰ্ণৰূপে কাৰ্যক্ষম কৰি ৰখাত অনুমোদন জনাইছে।

চৰকাৰ আৰু বেংক ব্যৱস্থাপনা কর্তৃপক্ষই কৰ্মচাৰী সংগঠনসমূহক প্ৰস্তাৱিত ধৰ্মঘট উঠাই ল’বলৈ আহ্বান জনাইছে।

চৰকাৰে লগতে অত্যাৱশ্যকীয় বেংকিং সেৱাসমূহ বাধাৰহিতভাৱে অব্যাহত থকাটো নিশ্চিত কৰাৰ বাবে ভালেমান ব্যৱস্থা গ্ৰহণ কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।