September 24, 2026 11:57 AM

views 4

গ্ৰাহকসকলৰ সুবিধাৰ্থে অহা দেওবাৰে ৰাজহুৱা খণ্ডৰ সকলো বেংক আৰু আঞ্চলিক গ্রাম্য বেংকসমূহ খোলা থাকিব

গ্ৰাহকসকলৰ সুবিধাৰ্থে অহা দেওবাৰে ৰাজহুৱা খণ্ডৰ সকলো বেংক আৰু আঞ্চলিক গ্রাম্য বেংকসমূহ খোলা থাকিব বুলি কেন্দ্রীয় বিত্ত মন্ত্ৰালয়ে প্রকাশ কৰিছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে ২৬ আৰু ২৭ ছেপ্তেম্বৰৰ সাপ্তাহান্তিক বন্ধৰ পাছতে বেংক কৰ্মচাৰী সংগঠনসমূহে ২৮ৰ পৰা ৩০ ছেপ্তেম্বৰলৈ আহ্বান জনোৱা তিনিদিনীয়া ধৰ্মঘটৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত লোৱা হৈছে। বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে ভাৰতীয় ৰিজাৰ্ভ বেংকে অহা দেওবাৰে বেংকৰ শাখা, কার্যালয়, এটিএম সংলগ্ন শাখা আৰু মুদ্ৰা ভঁৰালসমূহ সম্পূৰ্ণৰূপে কাৰ্যক্ষম কৰি ৰখা...