২০২৭ বৰ্ষৰ গুণোৎসৱৰ সূচীত সাল-সলনি

সমগ্র শিক্ষা অসমে ২০২৭ বৰ্ষৰ গুণোৎসৱৰ সূচীত সাল-সলনি ঘটাইছে। সেই অনুসৰি ১৯ জানুৱাৰীৰ পৰা ২ ফেব্ৰুৱাৰীলৈ মুঠ ৩ টা পৰ্যায়ত ৰাজ্যৰ ৩৫ খন জিলাত গুণোৎসৱ অনুষ্ঠিত হ’ব।

সংশোধিত সূচী অনুসৰি ১৯ ৰ পৰা ২২ জানুৱাৰীলৈ প্ৰথম পৰ্যায়ত ১১ খন জিলাত গুণোৎসৱ অনুষ্ঠিত হ’ব। এই জিলাসমূহৰ ভিতৰত বিশ্বনাথ, চৰাইদেউ, ডিব্ৰুগড়, পশ্চিম কাৰ্বি আংলং, হোজাই, কামৰূপ, তামুলপুৰ, ওদালগুৰি, হাইলাকান্দি, ধুবুৰী আৰু বাক্সা আছে।

২৫ ৰ পৰা ৩০ জানুৱাৰীলৈ ১৩ খন জিলা ক্ৰমে – গোলাঘাট, যোৰহাট, বৰপেটা, বজালী, কাৰ্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, নগাঁও, শিৱসাগৰ, শ্রীভূমি, দক্ষিণ শালমাৰা মানকাচৰ, কামৰূপ মহানগৰ আৰু শ্রীভূমিত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ’ব।

একেদৰে ২ ৰ পৰা ৫ ফেব্ৰুৱাৰীলৈ ১১ খন জিলা – বঙাইগাঁও, কাছাৰ, চিৰাং, দৰং, ডিমাহাচাও, ধেমাজি, গোৱালপাৰা, মৰিগাঁও, মাজুলী, নলবাৰী আৰু শোণিতপুৰত তৃতীয় পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ’ব।