সমাগত দশকবোৰত ভাৰত গোলকীয় শক্তি চাহিদাৰ এটা গুৰুত্বপূৰ্ণ অংশ হিচাপে পৰিগণিত হৈ থাকিবঃ কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰী

পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে আজি কয় যে সমাগত দশকবোৰত ভাৰত গোলকীয় শক্তি চাহিদাৰ এটা গুৰুত্বপূৰ্ণ অংশ হিচাপে পৰিগণিত হৈ থাকিব। মন্ত্ৰীগৰাকীয়ে নতুন দিল্লীত আজি পেট্ৰ’লিয়াম ৰপ্তানিকাৰী দেশসমূহৰ সংগঠন চমুকৈ অপেকৰ সচিব প্রধান হাইথাম অল ঘাইছৰ সৈতে সপ্তম উচ্চস্তৰীয় বৈঠকত সহঅধ্যক্ষতা কৰে।

তৈল খণ্ডৰ বজাৰ স্থিৰতা, শক্তি সুৰক্ষা আৰু সমগ্ৰ তৈল উদ্যোগত পর্যাপ্ত আৰু সময়োপযোগী বিনিয়োগৰ গুৰুত্ব সন্দৰ্ভত আলোচনা কৰা হয়। আন্তর্জাতিক অৰ্থনৈতিক সম্প্ৰসাৰণ আৰু শক্তিৰ চাহিদা বৃদ্ধিৰ ক্ষেত্ৰত ভাৰতৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত আলোকপাত কৰি দুয়োপক্ষই হ্ৰস্ব, মধ্য আৰু দীৰ্ঘম্যাদী দৃষ্টিভংগীসমূহ পৰ্যালোচনা কৰে।

বৈঠকত শ্ৰীপুৰীয়ে কয় যে ভাৰত আৰু অপেকৰ মাজত পাৰস্পৰিক বুজাবুজি আৰু সহযোগিতামূলক মিত্ৰতা আছে। ভাৰতৰ বাবে অপেক আৰু ইয়াৰ সদস্য-ৰাষ্ট্ৰসমূহৰ সৈতে মিত্ৰতা অতি গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি তেওঁ কয় যে এই মিত্ৰতাই শক্তি খণ্ডৰ মুখ্য দিশসমূহত উমৈহতীয়া বুজাবুজি আৰু সহযোগিতা ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত অহিৰণা যোগায়।

গোলকীয় প্ৰগতি আৰু বিকাশৰ বাবে নিৰ্ভৰযোগ্য শক্তি সুনিশ্চিত কৰাৰ লগতে শক্তি স্থিতি,স্থাপকতা ত্বৰান্বিত কৰাৰ উপৰি বিনিয়োগ বৃদ্ধি কৰাৰ বাবে উৎপাদক আৰু উপভোক্তাৰ মাজত নিৰন্তৰ আলোচনা অনুষ্ঠিত কৰাটো অতি প্রয়োজনীয় বিষয়। আন্তর্জাতিক শক্তি বজাৰত সুস্থিৰতা আৰু স্বচ্ছতা বৰ্তাই ৰখাৰ বাবে অপেক ৰাষ্ট্ৰগোষ্ঠী আৰু ভাৰতক ঘনিষ্টভাৱে কাম কৰিবলৈ শ্ৰীপুৰীয়ে আহ্বান জনায়৷

ভাষণত সচিব প্ৰধানগৰাকীয়ে কয় যে ভাৰতবৰ্ষৰ সৈতে আলোচনা অপেকৰ বাবে অগ্ৰাধিকাৰ দিবলগীয়া বিষয়। তেওঁ লগতে উল্লেখ কৰে যে ২০১৫ চনত নতুন দিল্লীত আৰম্ভ হোৱা অপেক-ভাৰত শক্তি আলোচনা ১১ বছৰীয়া এক শক্তিশালী দীৰ্ঘ পৰিক্ৰমা।

ভাৰতবৰ্ষৰ সুষম, বাস্তৱসন্মত আৰু প্ৰগতিশীল চিন্তাক প্ৰশংসা কৰি তেওঁ উল্লেখ কৰে যে ভাৰতবৰ্ষই অগ্ৰাধিকাৰ দিয়া শক্তিখণ্ডৰ বহু বিষয় এতিয়া অপেকৰো বিষয় হৈ পৰিছে।