September 22, 2026 8:37 PM

views 7

সমাগত দশকবোৰত ভাৰত গোলকীয় শক্তি চাহিদাৰ এটা গুৰুত্বপূৰ্ণ অংশ হিচাপে পৰিগণিত হৈ থাকিবঃ কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰী

পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে আজি কয় যে সমাগত দশকবোৰত ভাৰত গোলকীয় শক্তি চাহিদাৰ এটা গুৰুত্বপূৰ্ণ অংশ হিচাপে পৰিগণিত হৈ থাকিব। মন্ত্ৰীগৰাকীয়ে নতুন দিল্লীত আজি পেট্ৰ'লিয়াম ৰপ্তানিকাৰী দেশসমূহৰ সংগঠন চমুকৈ অপেকৰ সচিব প্রধান হাইথাম অল ঘাইছৰ সৈতে সপ্তম উচ্চস্তৰীয় বৈঠকত সহঅধ্যক্ষতা কৰে। তৈল খণ্ডৰ বজাৰ স্থিৰতা, শক্তি সুৰক্ষা আৰু সমগ্ৰ তৈল উদ্যোগত পর্যাপ্ত আৰু সময়োপযোগী বিনিয়োগৰ গুৰুত্ব সন্দৰ্ভত আলোচনা কৰা হয়। আন্তর্জাতিক অৰ্থনৈতিক সম্প্ৰসাৰণ আৰু শক্তিৰ চাহিদা বৃদ্ধিৰ ...