October 17, 2026 12:32 PM

views 12

যুৱক-যুৱতীসকলক ভাৰতীয় উদ্যোগসমূহক বিশ্বত উল্লেখনীয় হিচাপে গঢ়ি তোলাৰ আকাংক্ষা কৰিবলৈ আহ্বান হৰদীপ সিং পুৰীৰ

পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে বিশ্বৰ অৰ্থনৈতিক অস্থিৰতা আৰু ভূ-ৰাজনৈতিক সংঘাট স্বত্বেও ভাৰতত স্থিতিস্থাপকতা বৰ্তি থকা সন্দৰ্ভত আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে দেশখনে শেহতীয়া পশ্চিম এছিয়াৰ সংকটৰ সময়ত শক্তিৰ উৎসৰ বিচিত্ৰতা আৰু ঘৰুৱা ক্ষমতাক শক্তিশালী কৰি অত্যাৱশ্যকীয় ইন্ধন যোগানৰ ধাৰাবাহিকতা সফলতাৰে বজাই ৰাখিছিল। কালি নতুন দিল্লীত শ্ৰী ৰাম বাণিজ্য মহাবিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত হোৱা ‘বিক্ষিত ভাৰতৰ পথ: এ শতবাৰ্ষিকী সন্মিলন' শীৰ্ষক ৰাষ্ট্ৰীয় সন্মিলনত ভাষণ দি শ্ৰী পুৰীয...

September 22, 2026 8:37 PM

views 21

সমাগত দশকবোৰত ভাৰত গোলকীয় শক্তি চাহিদাৰ এটা গুৰুত্বপূৰ্ণ অংশ হিচাপে পৰিগণিত হৈ থাকিবঃ কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰী

পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে আজি কয় যে সমাগত দশকবোৰত ভাৰত গোলকীয় শক্তি চাহিদাৰ এটা গুৰুত্বপূৰ্ণ অংশ হিচাপে পৰিগণিত হৈ থাকিব। মন্ত্ৰীগৰাকীয়ে নতুন দিল্লীত আজি পেট্ৰ'লিয়াম ৰপ্তানিকাৰী দেশসমূহৰ সংগঠন চমুকৈ অপেকৰ সচিব প্রধান হাইথাম অল ঘাইছৰ সৈতে সপ্তম উচ্চস্তৰীয় বৈঠকত সহঅধ্যক্ষতা কৰে। তৈল খণ্ডৰ বজাৰ স্থিৰতা, শক্তি সুৰক্ষা আৰু সমগ্ৰ তৈল উদ্যোগত পর্যাপ্ত আৰু সময়োপযোগী বিনিয়োগৰ গুৰুত্ব সন্দৰ্ভত আলোচনা কৰা হয়। আন্তর্জাতিক অৰ্থনৈতিক সম্প্ৰসাৰণ আৰু শক্তিৰ চাহিদা বৃদ্ধিৰ ...

June 20, 2026 9:25 PM

views 32

কেন্দ্ৰীয় পেট্রলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদ্বীপ সিং পুৰী তিনিদিনীয়া ভ্রমণসূচীৰে কাইলৈ অসমলৈ আহিব

কেন্দ্ৰীয় পেট্রলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদ্বীপ সিং পুৰী তিনিদিনীয়া ভ্রমণসূচীৰে কাইলৈ অসমলৈ আহিব। কাইলৈ বিয়লি ডিব্ৰুগড় বিমান বন্দৰত অৱতৰন কৰি মন্ত্ৰীগৰাকীয়ে পোনে পোনে দুলীয়াজানত উপস্থিত হ'ব।  মন্ত্ৰীগৰাকীয়ে অইল ইণ্ডিয়া লিমিটেডৰ শীৰ্ষ বিষয়াৰ লগত এখন সভাত অংশগ্ৰহণ কৰাৰ লগতে বিভিন্ন ক্ষেত্র পৰিদৰ্শন কৰিব। পৰহিলৈ মন্ত্ৰীগৰাকীয়ে অইলৰ তৈল খাদ আৰু চাহ বাগিচা পৰিদৰ্শন কৰাৰ লগতে অইল ইণ্ডিয়া বিষয়া আৰু ডিব্ৰুগড় জিলা আযুক্তৰ সৈতে পৃথকে পৃথকে আলোচনাত মিলিত হ'ব।  ২৩ জুনত কেন্দ্ৰীয়...

September 25, 2025 10:08 PM

views 65

ভাৰতে নিৰ্ধাৰিত সময়ৰ পূৰ্বে জৈৱ ইন্ধন আহৰণৰ ক্ষেত্ৰত ২০ শতাংশ সফলতা লাভ কৰিছেঃ হৰদীপ সিং পুৰী

ভাৰতে নিৰ্ধাৰিত সময়ৰ পূৰ্বে জৈৱ ইন্ধন আহৰণৰ ক্ষেত্ৰত ২০ শতাংশ সফলতা লাভ কৰিছে বুলি কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে আজি প্ৰকাশ কৰে ৷ নতুন দিল্লীত অনুষ্ঠিত ৱৰ্ল্ড হাইড্ৰ'জেন ইণ্ডিয়া সন্মিলনত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে এই তথ্য প্ৰকাশ কৰে। তেওঁ লগতে কয়, যে ভাৰতে ২০৩০ চনৰ ভিতৰত পাঁচ মিলিয়ন টন সেউজ হাইড্ৰ'জেন উৎপাদনৰ সামৰ্থ লাভ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। মন্ত্ৰী শ্ৰী সিঙে কয়, যে সেউজ হাইড্ৰ'জেন গেছে ভৱিষ্যতৰ ইন্ধন আৰু ইয়াৰ জৰিয়তে স্থানীয় চাহিদা, স্থানীয় ...

June 23, 2025 11:27 AM

views 72

পশ্চিম এছিয়াৰ ভূ-ৰাজনৈতিক পৰিস্থিতি বিশেষভাৱে পৰ্যবেক্ষণ কৰি আছে বুলি হৰদীপ সিং পুৰীৰ প্ৰকাশ

চৰকাৰে বিগত দুটা সপ্তাহ ধৰি পশ্চিম এছিয়াৰ ভূ-ৰাজনৈতিক পৰিস্থিতি বিশেষভাৱে পৰ্যবেক্ষণ কৰি আছে বুলি পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা প'ষ্টত কালি শ্ৰীপুৰীয়ে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে বিগত কিছু বছৰত ইয়াৰ যোগান ব্যৱস্থাত পৰিৱৰ্তন আনিবলৈ সমৰ্থ হৈছে। তেওঁ কয়, যে তেল কোম্পানীসমূহৰ ওচৰত কেইবা সপ্তাহৰো যোগান মজুত আছে আৰু এই কোম্পানীসমূহে আগলৈও শক্তি যোগান লাভ কৰিব। তেওঁ কয়, যে ভাৰতীয় নাগৰিকসকলৰ বাবে ইন্ধনৰ যোগানৰ ক্ষ...

April 16, 2025 1:18 PM

views 90

পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰ্যালয়ৰ অ’ এ এল পিৰ অধীনত নৱম পৰ্যায়ৰ নিলাম প্ৰক্ৰিয়াত ১ লাখ ৩৬ হাজাৰ বৰ্গকিলোমিটাৰতকৈ অধিক অঞ্চলত ২৮টা ব্লক আৱণ্টন

পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰ্যালয়ে অ'পেন এক্‌জে লাইচেন্সিং পলিচী চমুকৈ অ' এ এল পিৰ অধীনত নৱম পৰ্যায়ৰ নিলাম প্ৰক্ৰিয়াত ১ লাখ ৩৬ হাজাৰ বৰ্গকিলোমিটাৰতকৈ অধিক অঞ্চলত ২৮টা ব্লক আবণ্টন কৰিছে। বিষয়টোৰ তাৎপৰ্য সম্পর্কে ব্যাখ্যা কৰি পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে মন্তব্য কৰিছে যে, ইয়াৰ দ্বাৰা ভাৰতৰ অব্যৱহৃত শক্তি ক্ষমতাৰ আহৰণ তথা আমদানি নিৰ্ভৰশীলতা হ্ৰাস কৰাত সহায় হ'ব। শক্তিখণ্ডত ইয়াৰ দ্বাৰা সুদূৰপ্ৰসাৰী প্রভাৱ পৰিব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। লগতে অলপতে গৃ...

April 8, 2025 12:23 PM

views 68

সমগ্ৰ দেশতে প্ৰতি লিটাৰ পেট্ৰ’ল আৰু ডিজেলত আৱকাৰী শুল্ক ২ টকাকৈ বৃদ্ধি

সমগ্ৰ দেশতে কালি মাজনিশাৰ পৰা প্ৰতি লিটাৰ পেট্ৰ'ল আৰু ডিজেলত আৱকাৰী শুল্ক ২ টকাকৈ বৃদ্ধি পাইছে। অৱশ্যে ইয়াৰ ফলত দুয়োবিধ ইন্ধনৰ খুচুৰা মূল্য বৃদ্ধি নহ'ব বুলি তৈল বিপণন কোম্পানীসমূহে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে কালি নতুন দিল্লীত সাংবাদিকৰ আগত এই বিষয়ে প্রকাশ কৰি কয়, যে আৱকাৰী শুল্কৰ এই বৃদ্ধিয়ে গ্ৰাহকসকলৰ ওপৰত প্ৰত্যক্ষভাৱে বিশেষ প্ৰভাৱ নেপেলায়। ইপিনে, ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্যও ৫০ টকাকৈ বৃদ্ধি কৰা হৈছে। শ্ৰী পুৰীয়ে কয়, যে উজ্জ...

April 7, 2025 8:19 PM

views 69

প্ৰতি লিটাৰ পেট্ৰ’ল আৰু ডিজেলত আৱকাৰী শুল্ক দুটকাকৈ বৃদ্ধি

সমগ্ৰ দেশতে আজি মাজনিশাৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰতি লিটাৰ পেট্ৰ'ল আৰু ডিজেলত আৱকাৰী শুল্ক দুটকাকৈ বৃদ্ধি পাব। অৱশ্যে ইয়াৰ ফলত দুয়োবিধ ইন্ধনৰ খুচুৰা মূল্য বৃদ্ধি নহ'ব বুলি তৈল বিপণন কোম্পানীসমূহে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে আজি নতুন দিল্লীত সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰি কয়, যে আৱকাৰী শুল্কৰ এই বৃদ্ধিয়ে গ্ৰাহকসকলৰ ওপৰত প্ৰত্যক্ষভাৱে বিশেষ প্ৰভাৱ নেপেলায়। তদুপৰি ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্যও ৫০ টকাকৈ বৃদ্ধি কৰা হৈছে। শ্ৰী পুৰীয়ে ...

February 27, 2025 3:31 PM

views 59

দেশ ইতিমধ্যে ১৯.৬ শতাংশ ইথানল মিহলিৰ লক্ষ্যত উপনীত হৈছেঃ হৰদীপ সিং পুৰী

ভাৰতে পেট্ৰ'লৰ সৈতে মিহলি কৰা ইথানলৰ পৰিমাণ ২০ শতাংশতকৈও অধিক কৰাৰ কথা বিবেচনা কৰিছে বুলি কেন্দ্ৰীয় পেট্রলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে প্ৰকাশ কৰিছে। গুৱাহাটীৰ খানাপাৰাত কালি সামৰণি পৰা বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয়, যে দেশ ইতিমধ্যে ১৯.৬ শতাংশ ইথানল মিহলিৰ লক্ষ্যত উপনীত হৈছে। তেওঁ উন্নয়নমূলক প্ৰত্যাহ্বান সত্বেও দেশৰ জীৱাশ্ম ইন্ধন কোম্পানীসমূহে ২০৪৫ চনৰ ভিতৰত শূন্য কার্বন নিস্কাষণৰ লক্ষ্যত উপনীত হোৱাৰ সম্ভাৱনা ...

February 26, 2025 8:43 PM

views 83

কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীৰ মেঘালয়ৰ ৰি-ভই জিলা ভ্রমণ

কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে আজি মেঘালয়ৰ ৰি-ভই জিলা ভ্রমণ কৰি জিলাখনত চলি থকা বিভিন্ন উন্নয়নমূলক আঁচনিৰ পৰ্যালোচনা কৰে। তেওঁৰ এই ভ্রমণে স্বাস্থ্য আৰু পৰিপুষ্টি, শিক্ষা, কৃষি আৰু জলসম্পদ, আৰ্থিক অন্তৰ্ভুক্তি আৰু দক্ষতা বিকাশ তথা আন্তঃগাথনি-এই ৫ টা সূচকৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ উমদিহাৰ গাঁৱত আনাৰস প্ৰক্ৰিয়াকৰণৰ গোটটো পৰিদৰ্শন কৰে।