February 14, 2025 9:06 PM

views 77

ভাৰত শক্তি সপ্তাহ বিশ্বৰ দ্বিতীয় বৃহৎ শক্তি মঞ্চ হিচাপে প্ৰতিষ্ঠা লাভ কৰিছেঃ হৰদীপ সিং পুৰী

কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে আজি ভাৰত শক্তি সপ্তাহ বিশ্বৰ দ্বিতীয় বৃহৎ শক্তি মঞ্চ হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে বুলি উল্লেখ কৰে। নতুন দিল্লীত অনুষ্ঠিত এই শক্তি সপ্তাহৰ সামৰণি সত্ৰত ভাষণ দি শ্ৰীপুৰীয়ে কয় যে এই মঞ্চ অন্য গোলকীয় শক্তি মঞ্চসমূহৰ পৰা পৃথকৰূপে বিবেচিত হৈছে। এই শক্তি মঞ্চই নেটৱৰ্কিং মঞ্চৰূপে সেৱা আগবঢ়োৱাৰ পৰিৱৰ্তে প্ৰকৃত ব্যৱসায়িক লেনদেনৰ সুবিধা প্ৰদান কৰিছে। ভাৰত শক্তি সপ্তাহৰ পৰৱৰ্ত্তী সংস্কৰণ গোৱাত অনুষ্ঠিত হ'ব। এই মঞ্চই পেট্ৰ'লিয়াম, প্রাকৃ...

January 12, 2025 8:43 PM

views 67

আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে দিল্লীৰ গুৰুত্বপূৰ্ণ বিষয়সমূহৰ পৰা মনোযোগ আঁতৰাবলৈ চেষ্টা কৰিছে বুলি কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীৰ মন্তব্য

আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে ৰাজধানী দিল্লীত অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়সমূহৰ পৰা মনোযোগ আঁতৰাবলৈ চেষ্টা কৰিছে বুলি জ্যেষ্ঠ বিজেপি নেতা আৰু কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীয়ে মন্তব্য কৰিছে। নতুন দিল্লীত এখন সংবাদমেলত শ্ৰীপুৰীয়ে কয়, যে বিগত বিধানসভা নিৰ্বাচনত শ্ৰীকেজৰিৱালে বায়ু প্ৰদূষণ হ্ৰাস কৰা, যমুনা নৈ পৰিষ্কাৰকৰণ, সকলোৰে বাবে স্বাস্থ্য সেৱা আৰু মহানগৰীখনত ৫০০ খন নতুন চৰকাৰী বিদ্যালয় স্থাপনকে ধৰি ১০ টা গেৰাণ্টি প্ৰদান কৰিছে। শ্ৰীপুৰীয়ে তেওঁলোকে আনকি ১০০ খন বিদ্যা...

May 22, 2024 8:35 PM

views 55

দিল্লীৰ ৭খন লোকসভা আসনত বিজেপি জয়ী হ’বঃ কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰী

বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীয়ে আজি দিল্লীৰ সাতখন লোকসভা আসনত বিজেপিয়ে জয়লাভ কৰিব বুলি দাবী কৰিছে। নতুন দিল্লীত সংবাদ মাধ্যমক সম্বোধন কৰি শ্ৰীপুৰীয়ে কয় যে, দলটোৱে বিগত ১০ বছৰত নতুন দিল্লীত ৫৪ হাজাৰ কোটি টকা মূল্যৰ বিভিন্ন উন্নয়নমূলক প্রকল্প সম্পূৰ্ণ কৰিছে। আম আদমী পাৰ্টীক সমালোচনা কৰি শ্ৰীপুৰীয়ে কয় যে, দলটোৱে দিল্লীত আয়ুষ্মান ভাৰত আঁচনি আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা ৰূপায়ণ নকৰিলে, কিন্তু মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে নিজৰ বাবে বিলাসী আৱাস নিৰ্মাণ কৰিলে।