কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে আজি ভাৰত শক্তি সপ্তাহ বিশ্বৰ দ্বিতীয় বৃহৎ শক্তি মঞ্চ হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে বুলি উল্লেখ কৰে। নতুন দিল্লীত অনুষ্ঠিত এই শক্তি সপ্তাহৰ সামৰণি সত্ৰত ভাষণ দি শ্ৰীপুৰীয়ে কয় যে এই মঞ্চ অন্য গোলকীয় শক্তি মঞ্চসমূহৰ পৰা পৃথকৰূপে বিবেচিত হৈছে। এই শক্তি মঞ্চই নেটৱৰ্কিং মঞ্চৰূপে সেৱা আগবঢ়োৱাৰ পৰিৱৰ্তে প্ৰকৃত ব্যৱসায়িক লেনদেনৰ সুবিধা প্ৰদান কৰিছে। ভাৰত শক্তি সপ্তাহৰ পৰৱৰ্ত্তী সংস্কৰণ গোৱাত অনুষ্ঠিত হ’ব। এই মঞ্চই পেট্ৰ’লিয়াম, প্রাকৃতিক গেছ, সেউজ শক্তি আৰু জৈৱ ইন্ধন আদি বিস্তৃত খণ্ড সামৰি উদ্ভাৱনীমূলক উন্নয়ন প্ৰদৰ্শনত বিশেষ গুৰুত্ব দিয়া হৈছে। তেওঁ এইছ পি চি এল বিপণীত প্ৰদৰ্শিত জৈৱ ইন্ধনচালিত দুচকীয়া আৰু তিনিচকীয়া বাহনৰ আৰ্হিৰ ব্যৱহাৰিক উদ্ভাৱন সন্দৰ্ভতো আলোকপাত কৰে।
Assamese | February 14, 2025 9:06 PM | Akashvani | Akashvani News | Hardeep Singh Puri
ভাৰত শক্তি সপ্তাহ বিশ্বৰ দ্বিতীয় বৃহৎ শক্তি মঞ্চ হিচাপে প্ৰতিষ্ঠা লাভ কৰিছেঃ হৰদীপ সিং পুৰী