কেন্দ্ৰীয় পেট্রলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদ্বীপ সিং পুৰী তিনিদিনীয়া ভ্রমণসূচীৰে কাইলৈ অসমলৈ আহিব। কাইলৈ বিয়লি ডিব্ৰুগড় বিমান বন্দৰত অৱতৰন কৰি মন্ত্ৰীগৰাকীয়ে পোনে পোনে দুলীয়াজানত উপস্থিত হ’ব।
মন্ত্ৰীগৰাকীয়ে অইল ইণ্ডিয়া লিমিটেডৰ শীৰ্ষ বিষয়াৰ লগত এখন সভাত অংশগ্ৰহণ কৰাৰ লগতে বিভিন্ন ক্ষেত্র পৰিদৰ্শন কৰিব। পৰহিলৈ মন্ত্ৰীগৰাকীয়ে অইলৰ তৈল খাদ আৰু চাহ বাগিচা পৰিদৰ্শন কৰাৰ লগতে অইল ইণ্ডিয়া বিষয়া আৰু ডিব্ৰুগড় জিলা আযুক্তৰ সৈতে পৃথকে পৃথকে আলোচনাত মিলিত হ’ব।
২৩ জুনত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ডিগবৈ ভ্ৰমণ কৰিব। এই সময়ছোৱাত তেওঁ ইণ্ডিয়ান অইল কৰ্পোৰেচন লিমিটেডৰ ডিগবৈ ৰিফাইনেৰী পৰিদৰ্শন কৰাৰ লগতে উদ্যোগ প্ৰতিষ্ঠানটোত বিষয়া আৰু তিনিচুকীয়া জিলা আয়ুক্তৰ সৈতেও আলোচনাত মিলিত হ’ব।