চৰকাৰে বিগত দুটা সপ্তাহ ধৰি পশ্চিম এছিয়াৰ ভূ-ৰাজনৈতিক পৰিস্থিতি বিশেষভাৱে পৰ্যবেক্ষণ কৰি আছে বুলি পেট্ৰ‘লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা প‘ষ্টত কালি শ্ৰীপুৰীয়ে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে বিগত কিছু বছৰত ইয়াৰ যোগান ব্যৱস্থাত পৰিৱৰ্তন আনিবলৈ সমৰ্থ হৈছে। তেওঁ কয়, যে তেল কোম্পানীসমূহৰ ওচৰত কেইবা সপ্তাহৰো যোগান মজুত আছে আৰু এই কোম্পানীসমূহে আগলৈও শক্তি যোগান লাভ কৰিব। তেওঁ কয়, যে ভাৰতীয় নাগৰিকসকলৰ বাবে ইন্ধনৰ যোগানৰ ক্ষেত্ৰত স্থিৰতা সুনিশ্চিত কৰাৰ বাবে চৰকাৰে প্রয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰিছে।
Assamese | June 23, 2025 11:27 AM | Hardeep Singh Puri
পশ্চিম এছিয়াৰ ভূ-ৰাজনৈতিক পৰিস্থিতি বিশেষভাৱে পৰ্যবেক্ষণ কৰি আছে বুলি হৰদীপ সিং পুৰীৰ প্ৰকাশ