June 9, 2026 7:34 PM

views 30

ডুবাইত সোমবাৰে সংঘটিত পথ দুৰ্ঘটনাত নিহত ৭জন লোকৰ ভিতৰত উত্তৰ প্ৰদেশ আৰু তেলেংগেনাৰ ৩গৰাকীকৈ শ্রমিক আছে

ডুবাইত সোমবাৰে সংঘটিত পথ দুৰ্ঘটনাত নিহত ৭জন লোকৰ ভিতৰত উত্তৰ প্ৰদেশ আৰু তেলেংগেনাৰ তিনিগৰাকীকৈ শ্রমিক আছে। দুৰ্ঘটনাত নিহত আনজন লোক শ্ৰীলংকাৰ নাগৰিক। দুৰ্ঘটনাত আহত আঠজন ভাৰতীয়ৰ ভিতৰত পাঁচজনক চিকিৎসাৰ অন্তত ঘৰলৈ যাবলৈ দিয়া হৈছে। তিনিজন এতিয়াও চিকিৎসাধীন হৈ আছে।

June 9, 2026 6:55 PM

views 12

বৰপেটা জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব লাভ কৰাৰ পাছত বৰপেটাত উপস্থিত অশ্বিনী ৰায় চৰকাৰ

বৰপেটা জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব লাভ কৰাৰ পাছত ৰাজত সামাজিক ন্যায় আৰু সৱলিকৰণ, ভূমি সংৰক্ষণ আদি বিভাগৰ মন্ত্ৰী অশ্বিনী ৰায় চৰকাৰ জিলাখনত উপস্থিত হয়। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ সম্ভাব্য বান পৰিস্থিতি পর্যালোচনা কৰাৰ লগতে আগতীয়আকৈ ল'বলগীয়া ব্যৱস্থা সন্দৰ্ভত জিলা প্ৰশাসনৰ বিষয়ববী।য়াসকলৰ সৈতে আলোচনাত মিলিত হয়। তেওঁ ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰতো সেৱা জনায়। সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে অনাগত দিনত বৰপেটাৰ উন্নয়নৰ বাবে মুখ্যমন্ত্ৰীৰ পৰামৰ্শমৰ্মে কাম কৰি যাব বুলি জানিবলৈ দিয়ে। ইয়াৰ বাবে তেওঁ...

June 9, 2026 6:56 PM

views 16

মণিপুৰৰ সেনাপতি আৰু ইম্ফল পশ্চিম জিলাত নিচাযুক্ত সামগ্রীসহ ৩ জন লোকক গ্রেপ্তাৰ

মণিপুৰৰ সেনাপতি আৰু ইম্ফল পশ্চিম জিলাত আৰক্ষীয়ে নিচাযুক্ত সামগ্রীসহ তিনিজন লোকক গ্রেপ্তাৰ কৰে। সেনাপতি জিলাৰ সেনাপতি থানাৰ অন্তর্গত টি খুলেন নাকা চকীত নিৰাপত্তা বাহিনীয়ে কালি নিশা অভিযান চলাই এই সামগ্ৰীখিনি জব্দ কৰাৰ লগতে অসমৰ দুজন বাসিন্দাক গ্ৰেপ্তাৰ কৰে বুলি মণিপুৰ আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সূত্ৰই আজি প্ৰকাশ কৰে। গ্ৰেপ্তাৰ কৰা লোক দুজন দেবীপুৰৰ উৰিয়ামঘাটৰ নাচিমুদ্দিন আৰু গোমাৰিগুৰিৰ মনজিৎ বুলি জানিব পৰা গৈছে। দুয়োজন সৰবৰাহকাৰীৰ পৰা আৰক্ষীয়ে ১২ ট চাবোনৰ বাকচত নিষিদ্ধ সামগ্ৰীখিনি উদ্ধাৰ কৰে।...

June 9, 2026 6:39 PM

views 8

স্বাধীনতা সংগ্রামী, জনজাতীয় নেতা ভগৱান বীৰছা মুণ্ডাৰ পূণ্যতিথি উপলক্ষে শ্ৰদ্ধা নিবেদন

স্বাধীনতা সংগ্রামী, জনজাতীয় নেতা ভগৱান বীৰছা মুণ্ডাৰ পূণ্যতিথি উপলক্ষে আজি শ্ৰদ্ধা নিবেদন কৰা হৈছে। উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে বীৰছা মুণ্ডাৰ পূণ্য তিথি উপলক্ষে শ্রদ্ধা নিবেদন কৰি দিয়া বাৰ্তাত তেওঁৰ আদর্শই সামাজিক ন্যায় লাভ আৰু সৰ্বাত্মক উন্নয়নৰ ক্ষেত্ৰত সমাজক সদায় দিক নির্দেশ কৰি থাকিব বুলি উল্লেখ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰী ৰাধাকৃষ্ণনে কয়, যে বীৰছা মুণ্ডাৰ জীৱনে সাহস, আত্মসন্মান আৰু ন্যায়ৰ হকে আপোচহীন মনোভাবেৰে কৰা সংগ্রামকে প্রতিফলিত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পূ...

June 9, 2026 6:19 PM

views 14

অসম মন্ত্ৰীসভাৰ সদ্য দায়িত্বপ্রাপ্ত ১২ গৰাকী মন্ত্ৰীয়ে দায়িত্ব লাভৰ পাছত বিভাগৰ কাম-কাজ সম্পাদনৰ বাবে তৎপৰতা আৰম্ভ

ৰাজ্যিক মন্ত্ৰীসভাৰ সদ্য দায়িত্বপ্রাপ্ত ১২ গৰাকী মন্ত্ৰীয়ে দায়িত্ব লাভ কৰাৰ পাছতে নিজ নিজ বিভাগৰ কাম-কাজ সম্পাদনৰ বাবে তৎপৰতা আৰম্ভ কৰাৰ লগতে অভিভাৱক মন্ত্ৰীসমূহে সংশ্লিষ্ট জিলাসমূহ ভ্ৰমণ কৰিছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে অনাগত সময়ৰ বাবে শিক্ষা বিভাগৰ কৰ্মসূচী প্ৰস্তুত কৰা সন্দৰ্ভত পৰ্যালোচনা বৈঠকত মিলিত হয়। তেওঁ শিক্ষকৰ বদলিকৰণ প’ৰ্টেল আৰু শিক্ষা সেঁতুৰ তথ্যও বিশ্লেষণ কৰে। লোকপিয়লৰ বাবে শিক্ষকৰ বদলিকৰণত বিলম্ব হ’ব পাৰে বুলিও ডাঃ পেগুৱে উল্লেখ কৰে। বৰপেটা জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব...

June 9, 2026 6:11 PM

views 13

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি ইউৰোপীয় সংঘৰ ৰাষ্ট্রদূত হাৰৱে ডেলফিনৰ সৈতে গুৱাহাটীত দ্বিপাক্ষিক আলোচনাত মিলিত হয়

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি ইউৰোপীয় সংঘৰ ৰাষ্ট্রদূত হাৰৱে ডেলফিনৰ সৈতে গুৱাহাটীত দ্বিপাক্ষিক আলোচনাত মিলিত হয়। এই আলোচনাত ৰাজ্যৰ মুখ্য সচিব ড° ৰবি কোটাৰ লগতে ইউৰোপীয় সংঘৰ প্ৰতিনিধিসকল উপস্থিত থাকে। মুখ্যমন্ত্ৰীয়ে ইউৰোপীয় সংঘৰ প্ৰতিনিধিৰ সৈতে অসমলৈ অহা ভাৰতস্থিত ইউৰোপীয় ব্যৱসায়িক প্রতিষ্ঠানসমূহৰ সংঘ-এফ ই বি আই, ইণ্ডিয়াৰ সৈতেও ফলপ্রসূ আলোচনাত মিলিত হয়। ইউৰোপৰ ২৫০ টাৰো অধিক প্ৰতিষ্ঠান আৰু ছহেজাৰৰো অধিক ব্যৱসায়িক সংযোগক প্ৰতিনিধিত্ব কৰা এফ ই বি আইৰ সৈতে অংশীদাৰিত্বৰ জৰিয়তে অসম...

June 8, 2026 8:43 PM

views 21

ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে সামৰিক বাহিনী, কেন্দ্ৰীয় আৰক্ষী বাহিনী, ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ আৰক্ষী বাহিনীৰ ব্যক্তিসকলক চলিত বৰ্ষৰ সাহসিকতাৰ বঁটাসমূহ প্ৰদান কৰে

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি সামৰিক বাহিনী, কেন্দ্ৰীয় আৰক্ষী বাহিনী, ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ আৰক্ষী বাহিনীৰ ব্যক্তিসকলক এই বছৰৰ সাহসিকতাৰ বঁটাসমূহ প্ৰদান কৰে। ৰাষ্ট্ৰপতি ভৱনত আজি সন্ধিয়া আয়োজিত এটা গান্তিৰ্য্যপূর্ণ অনুষ্ঠানত এই বঁটাসমূহ প্ৰদান কৰা হয়। লেফটেনেণ্ট কমাণ্ডাৰ সুৰজ পৰাশৰ, লেফটেনেন্ট কর্ণেল নীতিশ ভাৰ্তী শুক্লা, মেজৰ আদিত্য প্রতাপ সিং, আৰক্ষী পৰিদৰ্শক লক্ষ্মণ কেৱত আৰু ৰামেশ্বৰ দুর্গা দেশমুখক শৌর্য চক্র প্ৰদান কৰা হয়। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ, প্রধানমন্ত্ৰী...

June 8, 2026 7:59 PM

views 22

পশ্চিমবংগ আয়ুষ্মান ভাৰত প্ৰধানমন্ত্রী জন আৰোগ্য যোজনা কাৰ্যকৰী কৰা দেশৰ ৩৬ সংখ্যক ৰাজ্য হিচাপে পৰিগণিত

পশ্চিমবংগত আয়ুষ্মান ভাৰত প্ৰধানমন্ত্রী জন আৰোগ্য যোজনা কাৰ্যকৰী কৰা দেশৰ ৩৬ সংখ্যক ৰাজ্য হিচাপে পৰিগণিত হৈছে। এই আঁচনিৰ অধীনত উপযুক্ত হিতাধিকাৰীসকলৰ প্ৰতিটো পৰিয়ালক ৫ লাখ টকা পৰ্যন্ত চিকিৎসা সুবিধা আগবঢ়োৱা হয়। পশ্চিমবংগৰ চৰকাৰ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য কর্তৃপক্ষই আজি নতুন দিল্লীত ৰাজ্যখনত এই আঁচনিৰ ৰূপায়ণৰ সন্দৰ্ভত এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিব। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডা আৰু পশ্চিংবংগৰ মুখ্যমন্ত্ৰী শুৱেন্দু অধিকাৰীৰ উপস্থিতিত এই চুক্তি স্বাক্ষৰ কৰা হয়। অনুষ্ঠানত দিয়া ...

June 8, 2026 7:55 PM

views 17

প্রধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানৰ ১০ বছৰৰ সফল কাৰ্যকৰীকৰণৰ সৈতে সংগতি ৰাখি কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অনুষ্ঠানৰ আয়োজন

প্রধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানৰ ১০ বছৰৰ সফল কাৰ্যকৰীকৰণৰ সৈতে সংগতি ৰাখি কাইলৈৰ পৰা কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে এলানি অনুষ্ঠানৰ আয়োজন কৰিছে। উল্লেখযোগ্য যে ২০১৬ চনৰ ৯ জুন তাৰিখে আৰম্ভ কৰা এই অভিযানৰ জৰিয়তে দেশৰ গৰ্ভৱতী মহিলাসকলক নিশ্চিত, বিস্তৃত আৰু সুসংহত প্ৰসৱপূৰ্ব বিনামুলীয়া সেৱা প্ৰদান কৰি অহা হৈছে। কাৰ্যসূচীৰ অংশ হিচাপে বিভিন্ন ধৰণৰ সজাগতা সভা তথা জনসংযোগমূলক কাৰ্যসূচীৰ আয়োজন কৰা হ'ব। এই কাৰ্যসূচী সমূহৰ জৰিয়তে দেশৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ গৰ...

June 8, 2026 7:49 PM

views 19

আর্মেনিয়াৰ প্ৰধানমন্ত্ৰী নিকোল পাচিনিয়ানক দেশখনৰ সংসদীয় নিৰ্বাচনত ছিভিল কনট্রেক পার্টীয়ে জয়লাভ কৰাৰ বাবে প্রধানমন্ত্ৰী মোদীৰ শুভেচ্ছা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আর্মেনিয়াৰ প্ৰধানমন্ত্ৰী নিকোল পাচিনিয়ানক দেশখনৰ সংসদীয় নিৰ্বাচনত তেওঁৰ দল ছিভিল কনট্রেক পার্টীয়ে জয়লাভ কৰাৰ বাবে শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্রীমোদীয়ে কয় যে নিকোল পাচিনিয়ানৰ এই জয়লাভে দেশৰ জনসাধাৰণৰ তেওঁৰ নেতৃত্ব আৰু দৃষ্টিভংগীৰ প্ৰতি থকা বিশ্বাসকে প্ৰতিফলিত কৰিছে। শ্রীমোদীয়ে কয় যে ভাৰত আৰু আৰ্মেনিয়াৰ মাজত থকা ঐতিহাসিক বন্ধুত্ব আৰু সহযোগিতাৰ সম্পৰ্কক আৰু অধিক শক্তিশালী কৰাৰ বাবে শ্রীপাচিনিয়ানৰ সৈতে একেলগে কাম কৰি যোৱাৰ বাবে ভাৰ...