প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আর্মেনিয়াৰ প্ৰধানমন্ত্ৰী নিকোল পাচিনিয়ানক দেশখনৰ সংসদীয় নিৰ্বাচনত তেওঁৰ দল ছিভিল কনট্রেক পার্টীয়ে জয়লাভ কৰাৰ বাবে শুভেচ্ছা জনাইছে।
সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্রীমোদীয়ে কয় যে নিকোল পাচিনিয়ানৰ এই জয়লাভে দেশৰ জনসাধাৰণৰ তেওঁৰ নেতৃত্ব আৰু দৃষ্টিভংগীৰ প্ৰতি থকা বিশ্বাসকে প্ৰতিফলিত কৰিছে।
শ্রীমোদীয়ে কয় যে ভাৰত আৰু আৰ্মেনিয়াৰ মাজত থকা ঐতিহাসিক বন্ধুত্ব আৰু সহযোগিতাৰ সম্পৰ্কক আৰু অধিক শক্তিশালী কৰাৰ বাবে শ্রীপাচিনিয়ানৰ সৈতে একেলগে কাম কৰি যোৱাৰ বাবে ভাৰত আগ্রহী।