স্বাধীনতা সংগ্রামী, জনজাতীয় নেতা ভগৱান বীৰছা মুণ্ডাৰ পূণ্যতিথি উপলক্ষে আজি শ্ৰদ্ধা নিবেদন কৰা হৈছে। উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে বীৰছা মুণ্ডাৰ পূণ্য তিথি উপলক্ষে শ্রদ্ধা নিবেদন কৰি দিয়া বাৰ্তাত তেওঁৰ আদর্শই সামাজিক ন্যায় লাভ আৰু সৰ্বাত্মক উন্নয়নৰ ক্ষেত্ৰত সমাজক সদায় দিক নির্দেশ কৰি থাকিব বুলি উল্লেখ কৰে।
সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰী ৰাধাকৃষ্ণনে কয়, যে বীৰছা মুণ্ডাৰ জীৱনে সাহস, আত্মসন্মান আৰু ন্যায়ৰ হকে আপোচহীন মনোভাবেৰে কৰা সংগ্রামকে প্রতিফলিত কৰে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পূণ্যতিথি উপলক্ষে ধৰতি আবা ভগৱান বীৰছা মুণ্ডাৰ ত্যাগ আৰু সংগ্ৰামী জীৱনক শ্ৰদ্ধাৰে স্মৰণ কৰে। তেওঁ কয়, যে এইগৰাকী মহান ব্যক্তিয়ে ওৰে জীৱন জনজাতীয় সমাজৰ স্বাভিমান, সংস্কৃতি আৰু অধিকাৰ ৰক্ষাৰ বাবে কাম কৰি গৈছে। কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে বীৰছা মুণ্ডাৰ মৃত্যু বার্ষিকী উপলক্ষে নেতাগৰাকীলৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছে।
সামাজিক মাধ্যমৰ বাৰ্তা যোগে তেওঁ কয়, যে উলগুলান আন্দোলনৰ মাধ্যমেৰে বীৰছা মুণ্ডাই ব্ৰিটিছ শাসকৰ বিৰুদ্ধে স্বাধীনতাৰ ৰণশিঙা বজাইছিল। বীৰছা মুণ্ডাক জনজাতীয় গৌৰৱ, দেশপ্ৰেম আৰু সাংস্কৃতিক সচেতনতাৰ অমৰ প্ৰতীক স্বৰূপ বুলি অভিহিত কৰি শ্ৰীশ্বাহে কয়, যে এইজন নেতাৰ সংগ্ৰামৰ কাহিনী আজিও লক্ষ লক্ষ জনতাৰ বাবে বহু প্ৰেৰণাৰ উৎস হৈ আছে।
কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীয়েও পূণ্য তিথি উপলক্ষে বীৰছা মুণ্ডাৰ স্মৃতিত শ্রদ্ধা নিবেদন কৰিছে। খিলঞ্জীয়া লোকৰ অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰত এইজনা নেতাৰ সংগ্ৰাম আৰু ত্যাগৰ তুলনা নাই বুলি তেওঁ উল্লেখ কৰে।
অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বীৰছা মুণ্ডাৰ পূণ্যতিথি উপলক্ষে শ্রদ্ধা নিবেদন কৰিছে। তেওঁ কয়, যে অন্যায়ৰ বিৰুদ্ধে সংগ্ৰাম জনজাতীয় গৌৰৱ আৰু ৰাষ্ট্ৰসেৱাৰ অদ্বিতীয় উদাহৰণ হিচাপে বীৰছা মুণ্ডা চিৰস্মৰণীয় হৈ আছে।