অসম মন্ত্ৰীসভাৰ সদ্য দায়িত্বপ্রাপ্ত ১২ গৰাকী মন্ত্ৰীয়ে দায়িত্ব লাভৰ পাছত বিভাগৰ কাম-কাজ সম্পাদনৰ বাবে তৎপৰতা আৰম্ভ

ৰাজ্যিক মন্ত্ৰীসভাৰ সদ্য দায়িত্বপ্রাপ্ত ১২ গৰাকী মন্ত্ৰীয়ে দায়িত্ব লাভ কৰাৰ পাছতে নিজ নিজ বিভাগৰ কাম-কাজ সম্পাদনৰ বাবে তৎপৰতা আৰম্ভ কৰাৰ লগতে অভিভাৱক মন্ত্ৰীসমূহে সংশ্লিষ্ট জিলাসমূহ ভ্ৰমণ কৰিছে।

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে অনাগত সময়ৰ বাবে শিক্ষা বিভাগৰ কৰ্মসূচী প্ৰস্তুত কৰা সন্দৰ্ভত পৰ্যালোচনা বৈঠকত মিলিত হয়। তেওঁ শিক্ষকৰ বদলিকৰণ প’ৰ্টেল আৰু শিক্ষা সেঁতুৰ তথ্যও বিশ্লেষণ কৰে। লোকপিয়লৰ বাবে শিক্ষকৰ বদলিকৰণত বিলম্ব হ’ব পাৰে বুলিও ডাঃ পেগুৱে উল্লেখ কৰে।

বৰপেটা জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব লাভ কৰাৰ পাছত ৰাজ্যৰ সামাজিক ন্যায় আৰু সৱলিকৰণ, ভূমি সংৰক্ষণ আদি বিভাগৰ মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰ জিলাখনত উপস্থিত হয়।

মন্ত্ৰীগৰাকীয়ে জিলাখনৰ সম্ভাব্য বান পৰিস্থিতি পর্যালোচনা কৰাৰ লগতে আগতীয়াকৈ ল’বলগীয়া ব্যৱস্থা সন্দৰ্ভত জিলা প্ৰশাসনৰ বিষয়ববীয়াসকলৰ সৈতে আলোচনাত মিলিত হয়।

তেওঁ ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰতো সেৱা জনায়। সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে অনাগত দিনত বৰপেটাৰ উন্নয়নৰ বাবে মুখ্যমন্ত্ৰীৰ পৰামৰ্শমৰ্মে কাম কৰি যাব বুলি জানিবলৈ দিয়ে। ইয়াৰ বাবে তেওঁ ৰাইজৰ সহায়-সহযোগিতা বিচাৰে।

শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাই জিলা প্ৰশাসনৰ সৈতে পর্যালোচনা বৈঠক অনুষ্ঠিত কৰি জিলাখনৰ বিভিন্ন সমস্যা আৰু উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতিৰ বুজ লৈছে।

বৈঠকৰ পাছত সংবাদমেলত মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ আঁচনিসমূহ দ্ৰুত আৰু দায়িত্বশীলভাৱে ৰূপায়ণ কৰিবলৈ জিলা প্ৰশাসনক আহ্বান জনায়।