পশ্চিমবংগত আয়ুষ্মান ভাৰত প্ৰধানমন্ত্রী জন আৰোগ্য যোজনা কাৰ্যকৰী কৰা দেশৰ ৩৬ সংখ্যক ৰাজ্য হিচাপে পৰিগণিত হৈছে। এই আঁচনিৰ অধীনত উপযুক্ত হিতাধিকাৰীসকলৰ প্ৰতিটো পৰিয়ালক ৫ লাখ টকা পৰ্যন্ত চিকিৎসা সুবিধা আগবঢ়োৱা হয়।
পশ্চিমবংগৰ চৰকাৰ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য কর্তৃপক্ষই আজি নতুন দিল্লীত ৰাজ্যখনত এই আঁচনিৰ ৰূপায়ণৰ সন্দৰ্ভত এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিব। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডা আৰু পশ্চিংবংগৰ মুখ্যমন্ত্ৰী শুৱেন্দু অধিকাৰীৰ উপস্থিতিত এই চুক্তি স্বাক্ষৰ কৰা হয়।
অনুষ্ঠানত দিয়া ভাষণত শ্ৰীনাড্ডাই কয়, যে আয়ুষ্মান ভাৰত বিশ্বৰ ভিতৰতে স্বাস্থ্য সেৱাৰ সুবিধা আগবঢ়োৱা সৰ্ববৃহৎ আঁচনি। তেওঁ পূৰ্বৰ তৃণমূল চৰকাৰে ৰাজ্যখনৰ জনসাধাৰণক স্বাস্থ্য সেৱাৰ সুবিধাৰ পৰা বঞ্চিত কৰিছিল বুলি অভিযোগ উত্থাপন কৰে।
পশ্চিমবংগৰ বাহিৰত বসবাস কৰা ৰাজ্যখনৰ জনসাধাৰণেও আয়ুষ্মান ভাৰত আঁচনিৰ সুবিধা লাভ কৰিব বুলি মুখ্যমন্ত্ৰী শ্ৰীঅধিকাৰীয়ে গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়।
আয়ুষ্মান ভাৰত আঁচনি ৰূপায়ণত ৰাজ্যখনৰ উপযুক্ত হিতাধিকাৰীসকলে ব্যয়বহুল চিকিৎসা ব্যয়ৰ ক্ষেত্ৰত বিত্তীয় সাহায্য লাভ কৰিব। ব্যয়সাধ্য স্বাস্থ্য সেৱাৰ এই পদক্ষেপে ৰাজ্যখনৰ স্বাস্থ্যখণ্ডক শক্তিশালী কৰিব।
এই আঁচনিৰ অধীনত ৩৬ হাজাৰতকৈ অধিক চৰকাৰী আৰু ব্যক্তিগত চিকিৎসালয় সামৰি লোৱা হৈছে। উল্লেখযোগ্য যে এই পর্যন্ত সমগ্ৰ দেশত ৪৪ কোটিতকৈ অধিক আয়ুষ্মান কার্ড প্ৰদান কৰা হৈছে।