খেল

September 28, 2024 7:55 PM

views 66

ভাৰত আৰু বাংলাদেশৰ মাজত দুখনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলৰ দ্বিতীয় দিনাৰ খেল বৰষুণৰ বাবে এটাও বল নেখেলাকৈ পৰিত্যক্ত ঘোষণা

ভাৰত আৰু বাংলাদেশৰ মাজত কানপুৰৰ গ্ৰীন পাৰ্কত চলি থকা দুখনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলৰ দ্বিতীয় দিনাৰ খেল বৰষুণৰ বাবে এটাও বল নেখেলাকৈ পৰিত্যক্ত ঘোষণা কৰা হয়। উল্লেখযোগ্য যে বাংলাদেশে প্রথমে বেটিঙৰ বাবে আমন্ত্ৰণ লাভ কৰি কালি প্ৰথম দিনাৰ খেলৰ অন্তত ৩ উইকেটৰ বিনিময়ত ১০৭ ৰান কৰিছিল। বাংল...

September 28, 2024 10:39 AM

views 45

মাকাউ অপেন বেডমিণ্টন প্রতিযোগিতাত তৃষা জলী আৰু গায়ত্ৰী গোপীচান্দ মহিলাৰ ডাবলছৰ ছেমি ফাইনেলত প্ৰৱেশ

ভাৰতৰ তৃষা জলী আৰু গায়ত্ৰী গোপীচান্দৰ যুটীটোৱে আজি মাকাউ অপেন বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ডাবলছৰ ছেমি ফাইনেলত টাইৱানৰ শ্বে পে চান্দ আৰু হুং এ তুজুৰ বিৰুদ্ধে খেলিব। ভাৰতীয় সময় অনুসৰি খেলখন দিনৰ ১০ বাজি ৫০ মিনিটত আৰম্ভ হ'ব। তৃতীয় বাছনিৰ ভাৰতীয় যুটীটোৱে টাইৱানৰ শ্বু য়িন হুই আৰু রু লু য়ুক ২১-১২...

September 27, 2024 7:41 PM

views 59

ভাৰত-বাংলাদেশৰ দ্বিতীয়খন ক্রিকেট টেষ্টৰ বৰ্ষাবিঘ্নিত প্ৰথম দিনৰ অন্তত বাংলাদেশৰ ৩ উইকেটত ১০৭ ৰাণ সংগ্ৰহ

কানপুৰৰ গ্রীণ পাৰ্কত অনুষ্ঠিত ভাৰত আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত দ্বিতীয়খন ক্রিকেট টেষ্ট মেছত বৰ্ষাবিঘ্নিত প্ৰথম দিনাৰ খেলৰ অন্তত বাংলাদেশে ৩ উইকেটত ১০৭ ৰাণ সংগ্ৰহ কৰে। প্ৰৱল বৃষ্টিপাতৰ বাবে প্ৰথম দিনাৰ খেল বন্ধ হোৱাৰ সময়ত বাংলাদেশৰ মমিনুল হকে ৪০ আৰু মুছফিকুৰ ৰহিমে ৬ ৰাণ কৰি ক্ৰীজত আছে। ইয়াৰ পূৰ্বে...

September 27, 2024 1:23 PM

views 59

ছত্তিশগড়ত অনুষ্ঠিত সৰ্বভাৰতীয় আৰক্ষী ভাৰোত্তোলন প্রতিযোগিতাত অসমৰ ত্ৰিদীপ বৰুৱাৰ সোণৰ পদক অৰ্জন

ছত্তিশগড়ৰ ভিলাইত অনুষ্ঠিত সৰ্বভাৰতীয় আৰক্ষী ভাৰোত্তোলন প্রতিযোগিতাত অসমৰ ত্ৰিদীপ বৰুৱাই ৮১ কিলোগ্রাম ওজন শাখাত সোণৰ পদক অৰ্জন কৰিছে। ইফালে মহিলাৰ ৫৯ কিলোগ্রাম ওজন শাখাত মনালিছা সোণোৱালে সোণৰ আৰু ৮৭ কিলোগ্রাম ওজন শাখাত মধুস্মিতা বৰুৱাই ৰূপৰ পদক লাভ কৰিছে ।

September 27, 2024 1:21 PM

views 40

কাণপুৰত ভাৰত-বাংলাদেশৰ টেষ্ট ক্ৰিকেট শৃংখলাৰ অন্তিমখন মেচ আৰম্ভ

ভাৰত আৰু বাংলাদেশৰ মাজৰ দুখনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেল আজি কাণপুৰৰ গ্ৰীণ পার্ক ষ্টেডিয়ামত অনুষ্ঠিত হৈছে । চেন্নাইত অনুষ্ঠিত প্ৰথমখন টেষ্টত আলহী দলক পৰাস্ত কৰাৰ পাচত ভাৰতে শৃংখলাটো ২-০ ফলাফলেৰে হস্তগত কৰাৰ আপ্রাণ প্ৰয়াস কৰিব। ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ- বি চি চি আইৰ ...

September 27, 2024 1:13 PM

views 26

পেৰুত হ’বলগীয়া আই এছ এছ এফ জুনিয়ৰ ৱৰ্ল্ড শ্বুটিং চেম্পিয়নশ্বিপত ভাৰতৰ ৬১জনীয়া দলৰ অংশগ্ৰহণ

পেৰুৰ লিমাৰ লাছ পালমাছ শ্বুটিং ৰেঞ্জত আজিৰ পৰা হ'বলগীয়া চলিত বৰ্ষৰ আই এছ এছ এফ জুনিয়ৰ ৱৰ্ল্ড শ্বুটিং চেম্পিয়নশ্বিপত ভাৰতৰ ৬১ জনীয়া দলে অংশগ্ৰহণ কৰিছে। প্রতিযোগিতাৰ এই চতুর্থ সংস্কৰণত ভাৰতে ২১ বছৰ অনূৰ্ধ্ব শাখাত পিষ্টল, ৰাইফল আৰু শ্বটগান শিতানত অংশগ্রহণ কৰিব। প্ৰতিযোগিতাত অলিম্পিক আৰু নন্-অলিম্পি...

September 26, 2024 9:06 PM

views 52

মাকাউ অপেন বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ কিদাম্বি শ্রীকান্ত

ভাৰতৰ কিদাম্বি শ্রীকান্তে মাকাউ অপেন বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। তেওঁ আজি প্ৰি-কোৱাৰ্টাৰ ফাইনেলত স্বদেশৰে প্ৰতিদ্বন্দ্বী আয়ুস ছেট্টীক ২১-১৩, ২১-১৮ গেমত পৰাস্ত কৰে। একেদৰে মহিলাৰ ডাব্‌লছ শাখাৰ ৰাউণ্ড অৱ ছিক্সটিন পৰ্যায়ৰ এখন খেলত আজি ভাৰতৰ তৃতীয় বাছনিৰ যুটি...

September 26, 2024 10:41 AM

views 34

এ এফ চি এছিয়ান কাপ ফুটবল প্রতিযোগিতাৰ খেলত মংগোলিয়াৰ বিৰুদ্ধে ভাৰতৰ ৪-১ গলৰ ব্যৱধানত জয়লাভ

ভাৰতে কালি ২০ বছৰ অনুৰ্ধৰ এ এফ চি এছিয়ান কাপ ফুটবল প্রতিযোগিতাৰ যোগ্যতা নির্ণয়কাৰী খেলত মংগোলিয়াক ৪-১ গলৰ ব্যৱধানত পৰাস্ত কৰে। এই জয়ৰ সুবাদত ভাৰতে গ্রুপ-জিত ৩ পইণ্ট অর্জন কৰে। ভাৰতৰ হৈ কেলভিন সিং, কৰৌ সিং থিনগুজামে এটাকৈ আৰু মাংলেনথাং কিপগেনে দুটা গল দিয়ে। পৰৱৰ্তী খেলখনত ভাৰত কাইলৈ ইৰানৰ বিৰুদ্...

September 25, 2024 6:50 PM

views 15

মাকাউ অ’পেন বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছত ভাৰতৰ কিদাম্বী শ্রীকান্তৰ জয়লাভ

মাকাউ অ'পেন বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ আজি অনুষ্ঠিত প্ৰথম ৰাউণ্ডৰ খেলত ভাৰতৰ কিডাম্বী শ্রীকান্তে ইজৰাইলৰ ডেনিয়েল ডুবৱেংকোক ২১-১৪, ২১-১৫ ছেটত পৰাভূত কৰে। আনহাতে মিক্সড ডাবলছত ভাৰতৰ এন ছিক্কী ৰেড্ডী আৰু বি সুমিত ৰেড্ডীয়ে মালয়েছিয়াৰ হ' ল' ই আৰু লু বিংগ কুনক ২৪-২২, ১০-২১ আৰু ২১-১৩ ছেটত পৰ...

September 25, 2024 12:28 PM

views 66

আই এফ বি বি মিষ্টাৰ ইউনিভাৰ্ছ দেহশ্ৰী প্ৰতিযোগিতাত অসমৰ কিৰণ টায়েঙৰ স্বর্ণপদক অৰ্জন

আই এফ বি বি মিষ্টাৰ ইউনিভাৰ্ছ দেহশ্ৰী প্ৰতিযোগিতাৰ ৯৫ কিলোগ্রাম ওজন শাখাত অসমৰ কিৰণ টায়েঙে স্বর্ণপদক অৰ্জন কৰিছে। ২০ৰ পৰা ২২ ছেপ্টেম্বৰলৈ মুম্বাইত এই বিশ্ব পৰ্যায়ৰ প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছিল। এই প্ৰতিযোগিতাত অসমৰ মুঠ ৭গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল। কিৰণ টায়েং হ’ল এই প্রতিযোগিতাত খিতাপ অৰ্জ...