ভাৰতে কালি ২০ বছৰ অনুৰ্ধৰ এ এফ চি এছিয়ান কাপ ফুটবল প্রতিযোগিতাৰ যোগ্যতা নির্ণয়কাৰী খেলত মংগোলিয়াক ৪-১ গলৰ ব্যৱধানত পৰাস্ত কৰে। এই জয়ৰ সুবাদত ভাৰতে গ্রুপ-জিত ৩ পইণ্ট অর্জন কৰে। ভাৰতৰ হৈ কেলভিন সিং, কৰৌ সিং থিনগুজামে এটাকৈ আৰু মাংলেনথাং কিপগেনে দুটা গল দিয়ে। পৰৱৰ্তী খেলখনত ভাৰত কাইলৈ ইৰানৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। গ্ৰুপৰ শীৰ্ষত থকা দলটোৱে চীনত অহা বছৰ হ’বলগীয়া চূড়ান্ত পৰ্যায়ৰ প্ৰতিযোগিতালৈ পোনপটীয়াকৈ যোগ্যতা অৰ্জন কৰিব।
Assamese | September 26, 2024 10:41 AM | Football
এ এফ চি এছিয়ান কাপ ফুটবল প্রতিযোগিতাৰ খেলত মংগোলিয়াৰ বিৰুদ্ধে ভাৰতৰ ৪-১ গলৰ ব্যৱধানত জয়লাভ