খেল

September 25, 2024 12:15 PM

views 50

এটিপি ২৫০ হাংঝৌ অ’পেন টেনিছ প্রতিযোগিতাত জীৱন নেদুনচেজিয়ান আৰু বিজয় সুন্দৰ প্ৰশান্তৰ পুৰুষৰ ডাবলছৰ খিতাপ দখল

জীৱন নেদুনচেজিয়ান আৰু বিজয় সুন্দৰ প্ৰশান্তৰ ভাৰতীয় যুটিটোৱে এটিপি ২৫০ হাংঝৌ অ'পেন ২০২৪ টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ খিতাপ দখল কৰিছে। হাংঝৌ অলিম্পিক স্প'ৰ্টছ এক্সপ' চেণ্টাৰত কালি অনুষ্ঠিত ফাইনেলত ভাৰতীয় যুটিটোৱে জাৰ্মানীৰ কনষ্টেণ্টিন ফ্রাণ্টজেন আৰু হেণ্ড্ৰিক জেবেন্সক ৪-৬, ৭-৬ (৭-৫), ১০-৭ ফলাফ...

September 24, 2024 1:00 PM

views 65

আই এছ এলৰ এখন খেলত নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ বিৰুদ্ধে মোহন বাগান ছুপাৰ জায়েণ্টছৰ জয়লাভ

ইণ্ডিয়ান ছুপাৰ লীগ ফুটবল প্রতিযোগিতাৰ কলকাতাৰ ছল্ট লেক ষ্টেডিয়ামত কালি অনুষ্ঠিত এখন খেলত মোহন বাগান ছুপাৰ জায়েণ্টছ দলটোৱে নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবক ৩-২ গলৰ ব্যৱধানত পৰাস্ত কৰে। নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ খেলুৱৈ মহম্মদ আলী বেমান্মাৰে খেলৰ চতুৰ্থ মিনিটতেই প্ৰথমটো গল দি দলটোক আগবঢ়াই নিয়ে যদিও...

September 23, 2024 1:57 PM

views 55

অহা ২৭ ছেপ্তেম্বৰত ভাৰত আৰু বাংলাদেশৰ মাজত টেষ্ট শৃংখলাৰ দ্বিতীয়খন খেল

ভাৰত আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত টেষ্ট শৃংখলাৰ দ্বিতীয়খন খেল অহা ২৭ ছেপ্তেম্বৰত আৰম্ভ হ'ব। দ্বিতীয়খন টেষ্টৰ বাবে পূৰ্বৰ দলটোৰ খেলুৱৈৰ কোনো সালসলনি কৰা হোৱা নাই বুলি বাছনি সমিতিয়ে জানিবলৈ দিছে। ২৭ তাৰিখৰ পৰা কানপুৰত অনুষ্ঠিত হ'ব লগা খেলখনতো ভাৰতে আধিপত্য বিস্তাৰ কৰিব পাৰিব বুলি সমিতিয়ে আশা প্ৰকাশ...

September 23, 2024 12:37 PM

views 54

দবা অলিম্পিয়াদত ভাৰতীয় দবা দলৰ স্বৰ্ণ পদক লাভ

হাংগেৰীৰ বুডাপেষ্টত অনুষ্ঠিত দবা অলিম্পিয়াদত ভাৰতীয় দবা দলটোৱে ইতিহাস ৰচিবলৈ সক্ষম হৈছে। প্ৰথমবাৰলৈ মুকলি শাখাত ঘৰুৱা দলটোৱে স্বৰ্ণ পদক লাভ কৰে। অন্তিম ৰাউণ্ডত ৰমেশ বাবু প্রজ্ঞানন্দ আৰু ডি গুকেশৰ পুৰুষ দলটোৱে শ্লোভেনিয়াৰ দলটোক পৰাস্ত কৰে। এই খেলখনৰ পূৰ্বে ভাৰতীয় দলটোৱে ১০ ৰাউণ্ডৰ অন্তত ১৯ পইণ্ট ...

September 22, 2024 7:41 PM

views 50

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালক সভাপতি হিচাপে লৈ ২০২৪ৰ পৰা ২০২৮ বৰ্ষলৈ অসম অলিম্পিক সন্থাৰ নতুন সমিতি ঘোষণা

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালক সভাপতি হিচাপে লৈ ২০২৪ৰ পৰা ২০২৮ বৰ্ষলৈ অসম অলিম্পিক সন্থাৰ নতুন সমিতি ঘোষণা কৰা হৈছে। ডিব্ৰুগড়ত অনুষ্ঠিত সন্থাৰ সভাত চাৰিটা পদবীৰ বাবে নিৰ্বাচন অনুষ্ঠিত হয়। আন পদসমূহত ইতিমধ্যে বিনা প্রতিদ্বন্দ্বিতাৰে বিষয়ববীয়া নিৰ্বাচিত হোৱাটো নিশ্চিত হৈছিল। সন্থাৰ দুটা জ্য...

September 22, 2024 12:25 PM

views 26

বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত টেষ্ট শৃংখলাৰ প্ৰথমখন খেলত ভাৰত ২৮০ ৰাণত জয়ী

বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত টেষ্ট শৃংখলাৰ প্ৰথমখন খেলত ভাৰত ২৮০ ৰাণত জয়ী হৈছে। চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত খেলখনৰ আজি চতুর্থ দিনা বাংলাদেশে নিজৰ দ্বিতীয় ইনিংছত ২৩৪ ৰাণতে আটাইকেইটা উইকেট হেৰুৱায়। ভাৰতৰ হৈ ৰবীচন্দ্ৰন অশ্বিনে দ্বিতীয় ইনিংছত ৬ টা উইকেট দখল কৰে। ইয়াৰ জৰিয়তে টেষ্টৰ ...

September 22, 2024 11:55 AM

views 44

বুডাপেষ্ট ডবা অলিম্পিয়াডৰ মুকলি শাখাত আমেৰিকাৰ বিৰুদ্ধে ভাৰতৰ জয়লাভ

হাংগেৰীৰ বুডাপেষ্টত অনুষ্ঠিত হৈ থকা ডবা অলিম্পিয়াডৰ মুকলি শাখাত কালি ভাৰতে আমেৰিকাক পৰাস্ত কৰে। মুকলি শাখাত ভাৰতৰ গুকেশে বিশ্বৰ ২ নম্বৰ স্থানত থকা আমেৰিকান খেলুৱৈ ফেবিয়ানো কাৰুআনাক পৰাস্ত কৰাৰ বিপৰীতে অর্জুনে লেইনিয়াৰ ডমিংগেজ পেৰেজৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰে। অৱশ্যে ভাৰতৰ প্ৰাগনানন্দা ৱেছলী ছ'ৰ...

September 21, 2024 9:16 PM

views 51

গোৱালপাৰাৰ আগিয়াত অনুষ্ঠিত শ্বহীদ নিধানুৰাম ৰাজবংশী সোঁৱৰণি ফুটবল প্ৰতিযোগিতাত বাইজুৰি দল চেম্পিয়ন

গোৱালপাৰা জিলাৰ আগিয়াৰ জে এন মেম'ৰিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ আয়োজিত অবিভক্ত গোৱালপাৰা জিলাৰ প্ৰথম শ্বহীদ নিধানুৰাম ৰাজবংশী সোঁৱৰণী ফুটবল প্রতিযোগিতাৰ চূড়ান্ত খেলখন আজি অনুষ্ঠিত হয়। ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ সাহায্যত অনুষ্ঠিত প্রতিযোগিতাখনৰ চূড়ান্ত খেলত বাইজুৰি ফুটবল দল আৰু বৰ...

September 21, 2024 9:08 PM

views 71

বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত দুখনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত সবল স্থিতিত ভাৰত

চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত দুখনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত ভাৰতে সবল স্থিতি অক্ষুণ্ণ ৰাখিছে। আজি তৃতীয় দিনৰ খেলৰ অন্তত আলহী দলটোৱে ৪ উইকেটৰ বিনিময়ত ১৫৮ ৰান সংগ্ৰহ কৰে। দলটোৱে ৬টা উইকেট হাতত থকা অৱস্থাত ৩৫৭ ৰানত পিছপৰি আছে। আজি দিনান্তত নাজমুল হুছেইন...

September 21, 2024 7:19 PM

views 53

যোৰহাটত অনুষ্ঠিত ল’ৰাৰ ছাব-জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপত অসমৰ চূড়ান্ত বিজয়ীৰ খিতাপ দখল

সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ তত্ত্বাৱধানত আৰু অসম ফুটবল সন্থাৰ পৰ্যৱেক্ষণ তথা যোৰহাট জিলা ক্রীড়া সন্থাৰ আতিথ্যত অনুষ্ঠিত ল'ৰাৰ ছাব-জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপত অসমে চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰিছে। যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেল খেলখনত অসমে ১১-০ গ'লৰ ব্যৱধানত হাৰিয়ানাক পৰাস্ত কৰি...