ভাৰত আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত টেষ্ট শৃংখলাৰ দ্বিতীয়খন খেল অহা ২৭ ছেপ্তেম্বৰত আৰম্ভ হ’ব। দ্বিতীয়খন টেষ্টৰ বাবে পূৰ্বৰ দলটোৰ খেলুৱৈৰ কোনো সালসলনি কৰা হোৱা নাই বুলি বাছনি সমিতিয়ে জানিবলৈ দিছে। ২৭ তাৰিখৰ পৰা কানপুৰত অনুষ্ঠিত হ’ব লগা খেলখনতো ভাৰতে আধিপত্য বিস্তাৰ কৰিব পাৰিব বুলি সমিতিয়ে আশা প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে প্ৰথম টেষ্টৰ চতুৰ্থ দিনটোত কালি ভাৰতে বাংলাদেশক ২৮০ ৰানৰ বিশাল ব্যৱধানত পৰাস্ত কৰি দুখনীয়া শৃংখলাটোত ১-০ৰ অগ্ৰগতি লাভ কৰে।
দ্বিতীয় টেষ্টৰ বাবে ভাৰতীয় দলটো হৈছে- অধিনায়ক ৰোহিত শর্মা, যশস্বী জয়ছোৱাল, শুভমন গিল, বিৰাট কোহলী, কে এল ৰাহুল, চৰফৰাজ খান, ঋষভ পন্ত, ধ্ৰুৱ জুৰেল, ৰবিচন্দ্ৰন অশ্বিন, ৰবীন্দ্ৰ জাদেজা, অক্ষৰ পেটেল, কুলদীপ যাদৱ, মহম্মদ চিৰাজ, আকাশ দীপ, যশপ্রীত বুমৰাহ, আৰু যশ দয়াল।
Assamese | September 23, 2024 1:57 PM | Cricket | Indian Sports
অহা ২৭ ছেপ্তেম্বৰত ভাৰত আৰু বাংলাদেশৰ মাজত টেষ্ট শৃংখলাৰ দ্বিতীয়খন খেল