হাংগেৰীৰ বুডাপেষ্টত অনুষ্ঠিত দবা অলিম্পিয়াদত ভাৰতীয় দবা দলটোৱে ইতিহাস ৰচিবলৈ সক্ষম হৈছে। প্ৰথমবাৰলৈ মুকলি শাখাত ঘৰুৱা দলটোৱে স্বৰ্ণ পদক লাভ কৰে। অন্তিম ৰাউণ্ডত ৰমেশ বাবু প্রজ্ঞানন্দ আৰু ডি গুকেশৰ পুৰুষ দলটোৱে শ্লোভেনিয়াৰ দলটোক পৰাস্ত কৰে। এই খেলখনৰ পূৰ্বে ভাৰতীয় দলটোৱে ১০ ৰাউণ্ডৰ অন্তত ১৯ পইণ্ট লাভ কৰিবলৈ সক্ষম হৈছিল। উল্লেখযোগ্য যে ডি হৰিকা, দিব্যা দেশমুখ, বৈশালী আৰু বন্তিকা আগৰৱালাৰ ভাৰতীয় মহিলা দলটোৱে স্বর্ণ পদক লাভ কৰি অন্তিম ৰাউণ্ডত আজাৰৱাইজানৰ দলটোক পৰাস্ত কৰে।
Assamese | September 23, 2024 12:37 PM | Chess | Indian Sports
দবা অলিম্পিয়াদত ভাৰতীয় দবা দলৰ স্বৰ্ণ পদক লাভ