খেল

October 1, 2024 3:01 PM

views 65

ভাৰত আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত টেষ্ট শৃংখলাৰ অন্তিম দিনত ১৪৬ ৰানত দ্বিতীয় ইনিংছ সামৰণি বাংলাদেশৰ

ভাৰত আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত হৈ থকা টেষ্ট শৃংখলাৰ দ্বিতীয়খন খেলত আজি অন্তিম দিনা বাংলাদেশে ১৪৬ ৰানত দ্বিতীয় ইনিংছ সামৰে। ভাৰতে দ্বিতীয় ইনিংছৰ খেল আৰম্ভ কৰি বাতৰি লিখাৰ পৰলৈকে দুটা উইকেট হেৰুৱাই ৬০ ৰান সংগ্ৰহ কৰিছে। ভাৰতক খেলখনত জয়ী হোৱাৰ বাবে ৩৫ ৰানৰ প্ৰয়োজন।

October 1, 2024 2:57 PM

views 58

আই এছ এছ এফ জুনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপৰ এয়াৰ ৰাইফলৰ পুৰুষৰ দলীয় শাখাত ভাৰতৰ পাৰ্থ ৰাকেশ মানেৰ ২ টা সোণৰ পদক অৰ্জন

পেৰুৰ লিমাত চলি থকা শ্বুটিঙৰ আই এছ এছ এফ জুনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপৰ এয়াৰ ৰাইফলৰ পুৰুষৰ দলীয় শাখাত বিজয়ী হৈ ভাৰতৰ পাৰ্থ ৰাকেশ মানে দুটা সোণৰ পদক অৰ্জন কৰিছে। ইয়াৰ পূৰ্বে ১০ মিটাৰ এয়াৰ ৰাইফলৰ ব্যক্তিগত শাখাত পার্থই সোণৰ পদক অৰ্জন কৰাৰ পাছত দলীয় শাখাত অজয় মালিক আৰু অভিনৱ শ্বৰ সৈতে সোণৰ পদক অৰ...

October 1, 2024 10:38 AM

views 46

ভাৰত আৰু বাংলাদেশ টেষ্ট শৃংখলাৰ অন্তিম দিনা বাংলাদেশে ২ উইকেট ২৬ ৰান সংগ্ৰহৰ পৰা আজি খেল আৰম্ভ কৰিব

■ ভাৰত আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত হৈ থকা টেষ্ট শৃংখলাৰ দ্বিতীয়খন খেলত আজি অন্তিম দিনা বাংলাদেশে কালি ২ উইকেট ২৬ ৰান সংগ্ৰহ কৰি থকাৰ পৰা নিজৰ খেল আৰম্ভ কৰিব। কালি খেল সমাপ্তিৰ সময়ত বাংলাদেশৰ মমিনুল হক আৰু ছাদমান ইছলামে বেটিং কৰি আছিল। ভাৰতৰ হৈ ৰবিচন্দ্ৰন অশ্বিনে দুয়োটা উইকেট দখল কৰিছিল। ইয়াৰ পূৰ...

September 30, 2024 8:42 PM

views 42

ভাৰত-বাংলাদেশৰ টেষ্ট শৃংখলাৰ ২য় টেষ্টত ভাৰতৰ ২৮৫ ৰানত প্ৰথম ইনিংছ ঘোষণা

ভাৰত আৰু বাংলাদেশৰ মাজত কানপুৰৰ গ্ৰীণপাৰ্কত চলি থকা দুখনীয়া টেষ্ট শৃংখলাৰ দ্বিতীয়খন টেষ্ট খেলৰ চতুৰ্থ দিনা ভাৰতে ২৮৫ ৰানত নিজৰ প্ৰথম ইনিংছ ঘোষণা কৰিছে। যোৱা দুদিনৰ খেল সম্পূৰ্ণৰূপে পৰিত্যক্ত ঘোষিত হোৱাৰ পাছত আজি বাংলাদেশে তিনি উইকেটৰ বিনিময়ত ১০৭ ৰানৰ পৰা নিজৰ প্ৰথম ইনিংছৰ খেল আৰম্ভ কৰি ২৩৩ ৰানতে ...

September 30, 2024 12:38 PM

views 30

বিশ্ব জুনিয়ৰ উশ্বু চেম্পিয়নশ্বিপত ভাৰতীয় দলৰ দুটা সোণকে ধৰি ৭টা পদক অৰ্জন

ব্রুনেইৰ বন্দৰ চেৰী বেগাৱনত অনুষ্ঠিত বিশ্ব জুনিয়ৰ উশ্বু চেম্পিয়নশ্বিপত ভাৰতীয় দলটোৱে দুটা সোণৰ পদককে ধৰি মুঠ ৭টা পদক অৰ্জন কৰিছে। এই প্ৰতিযোগিতাত ভাৰতে দুটা সোণ, এটা ৰূপ আৰু চাৰিটা ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ভাৰতৰ আয়ানে ল'ৰাৰ গ্ৰুপ জুনিয়ৰৰ ৪৮ কিলোগ্রাম ওজন শাখাত চীনৰ গং হুৱানৰণক পৰাজিত কৰি সোণৰ পদক...

September 29, 2024 6:59 PM

views 60

১৩ নৱেম্বৰৰ অসম চৰকাৰৰ দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণ

অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগৰ উদ্যোগত অহা ১৩ নৱেম্বৰত দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণ আৰম্ভ হ'ব। বিগত বৰ্ষৰ বিশেষ সাফল্যৰ পাছত এই বছৰো তৃণমূল পৰ্যায়ৰ প্ৰতিযোগীৰ অংশগ্রহণ, ন ন প্রতিযোগী সৃষ্টি তথা ক্ৰীড়াৰ ক্ষেত্ৰত ৰাজ্যক আগবঢ়াই নিয়াৰ লক্ষ্যৰে এই খেল মহাৰণৰ আয়োজন কৰা হৈছে। এথলেটিকছ ফুটবল, ক...

September 29, 2024 12:12 PM

views 19

বাংলাদেশৰ বিৰুদ্ধে হ’বলগীয়া তিনিখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ বাবে ভাৰতীয় দলত অসমৰ ৰিয়ান পৰাগৰ স্থান লাভ

ভাৰত আৰু বাংলাদেশৰ মাজত কানপুৰৰ গ্ৰীন পাৰ্কত চলি থকা দুখনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত বাংলাদেশে প্রথম ইনিংছত তিনি উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা ১০৭ ৰানৰ পৰা আজি তৃতীয় দিনৰ খেল আৰম্ভ কৰিব। কালি দ্বিতীয় দিনাৰ খেল বৰষুণৰ বাবে এটাও বল নেখেলাকৈ পৰিত্যক্ত ঘোষণা কৰা হয়। উল্লেখযোগ্য যে, বাংলাদ...

September 29, 2024 12:02 PM

views 46

জাপানত অনুষ্ঠিত World Athletics Continental Tourত পুৰুষৰ ৫ হাজাৰ মিটাৰ দৌৰত ভাৰতৰ গুলবীৰ সিঙৰ সোণৰ পদক অৰ্জন

জাপানত অনুষ্ঠিত World Athletics Continental Tourত পুৰুষৰ ৫ হাজাৰ মিটাৰ দৌৰত ভাৰতৰ ২৬ বছৰীয়া এথলীট গুলবীৰ সিঙে সোণৰ পদক অৰ্জন কৰিছে। খেলুৱৈগৰাকীয়ে ১৩ মিনিট আৰু ১১.৮২ ছেকেণ্ডৰ নতুন ৰাষ্ট্রীয় অভিলেখ গঢ়িবলৈ সক্ষম হয়। গুলবীৰ সিঙে ১৩ মিনিট আৰু ১৮. ৯২ ছেকেণ্ডৰ নিজৰেই পূৰ্বৰ অভিলেখ ভংগ কৰে। ইয়াৰ পূৰ্ব...

September 28, 2024 8:33 PM

views 55

পেৰিচ পেৰালিম্পিকত ব্ৰঞ্জৰ পদক বিজেতা শীতল দেৱী আৰু ৰাকেশ কুমাৰক সম্বৰ্ধনা জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাৰ

জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই আজি জম্মুৰ ৰাজভৱনত পেৰিচ পেৰালিম্পিকত ব্ৰঞ্জৰ পদক বিজেতা শীতল দেৱী আৰু ৰাকেশ কুমাৰক সম্বৰ্ধনা জনায়। শ্ৰী সিনহাই জম্মু-কাশ্মীৰৰ পেৰা ধৰ্মবিদদ্বয়ক পেৰিচ পেৰালিম্পিক ২০২৪ত তেওঁলোকৰ উল্লেখনীয় প্ৰদৰ্শনৰ বাবে প্ৰশংসা কৰে।

September 28, 2024 8:26 PM

views 69

থিম্ফুত অনুষ্ঠিত ছাফ-১৭ বছৰ অনুৰ্ধ ফুটবল প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ

ভাৰতে ভূটানৰ থিম্ফুত অনুষ্ঠিত ছাফ-১৭ বছৰ অনুৰ্ধ ফুটবল প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতে তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক ছেমিফাইনেল খেলখনত নেপালক ৪-২ গ'লত পৰাস্ত কৰে। ভাৰতৰ হৈ বিশাল য়াদৱে দুটা আৰু ঋষি সিং আৰু হেমনেই চুং লুংকিমে এটাকৈ গ'ল কৰে। পাকিস্তান আৰু বাংলাদেশৰ মাজত হ'বলগীয়া দ্বিতীয়খন ছেমিফ...