September 29, 2024 12:12 PM | india-bangladesh test match

printer

বাংলাদেশৰ বিৰুদ্ধে হ’বলগীয়া তিনিখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ বাবে ভাৰতীয় দলত অসমৰ ৰিয়ান পৰাগৰ স্থান লাভ

ভাৰত আৰু বাংলাদেশৰ মাজত কানপুৰৰ গ্ৰীন পাৰ্কত চলি থকা দুখনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত বাংলাদেশে প্রথম ইনিংছত তিনি উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা ১০৭ ৰানৰ পৰা আজি তৃতীয় দিনৰ খেল আৰম্ভ কৰিব। কালি দ্বিতীয় দিনাৰ খেল বৰষুণৰ বাবে এটাও বল নেখেলাকৈ পৰিত্যক্ত ঘোষণা কৰা হয়। উল্লেখযোগ্য যে, বাংলাদেশে প্রথমে বেটিঙৰ বাবে আমন্ত্ৰণ লাভ কৰি প্ৰথম দিনাৰ খেলৰ অন্তত তিনি উইকেটৰ বিনিময়ত ১০৭ ৰান কৰিছিল। বাংলাদেশৰ হৈ মমিউল হকে ৪০ ৰাণ আৰু মুছফিকুৰ ৰহিমে ৬ ৰাণ কৰি খেলি আছিল। ঘৰুৱা দল ভাৰতৰ হৈ আকাশ দীপে দুটা আৰু ৰবিচন্দ্ৰন অশ্বিনে এটা উইকেট দখল কৰে। ভাৰতে ইতিমধ্যে চেন্নাইত অনুষ্ঠিত প্রথমখন টেষ্টত ২৮০ ৰানত জয়লাভ কৰি শৃংখলাটোত অগ্রগতি লাভ কৰিছে। বাংলাদেশৰ বিৰুদ্ধে হ’বলগীয়া তিনিখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ বাবে ঘোষণা কৰা ভাৰতীয় দলত অসমৰ ৰিয়ান পৰাগে স্থান লাভ কৰিছে। বি চি চি আয়ে কালি ঘোষণা কৰা ভাৰতীয় দলটোক সূৰ্য কুমাৰ যাদবে নেতৃত্ব দিব। উল্লেখযোগ্য যে শৃংখলাটোৰ বাবে ঘোষিত দলটোত তাৰকা অলৰাউণ্ডাৰ হার্দিক পাণ্ডিয়াই স্থান লাভ কৰিছে। শেহতীয়াকৈ দাঙি ধৰা উন্নত প্ৰদৰ্শনৰ বাবে ৰিয়ান পৰাগক পুনৰবাৰ ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰা হৈছে। অহা ৬ অক্টোবৰৰ পৰা এই শৃংখলাৰ খেল আৰম্ভ হ’ব।