পেৰুৰ লিমাত চলি থকা শ্বুটিঙৰ আই এছ এছ এফ জুনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপৰ এয়াৰ ৰাইফলৰ পুৰুষৰ দলীয় শাখাত বিজয়ী হৈ ভাৰতৰ পাৰ্থ ৰাকেশ মানে দুটা সোণৰ পদক অৰ্জন কৰিছে। ইয়াৰ পূৰ্বে ১০ মিটাৰ এয়াৰ ৰাইফলৰ ব্যক্তিগত শাখাত পার্থই সোণৰ পদক অৰ্জন কৰাৰ পাছত দলীয় শাখাত অজয় মালিক আৰু অভিনৱ শ্বৰ সৈতে সোণৰ পদক অৰ্জন কৰে। মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফলৰ দলীয় শাখাত গৌতমী ভানট, সম্ভৱী থ্ৰিছাগৰ আৰু অনুস্কা ঠাকুৰে ভাৰতৰ হৈ তৃতীয়টো সোণৰ পদক অৰ্জন কৰে। পাৰ্থ মানে প্রতিযোগিতাৰ ফাইনেলত ২৫০.৭ পইণ্ট অৰ্জন কৰি পূৰ্বৰ এছিয়ান চেম্পিয়ন চীনৰ হুৱাং লিৱানলিনতকৈ ০.৭ পইণ্টৰ ব্যৱধানত বিজয়ী হয়। এই বিজয়ৰ জৰিয়তে ভাৰতে জুনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপত ৫টা সোণ পদকেৰে পদক তালিকাৰ শীৰ্ষ স্থান অক্ষুণ্ণ ৰাখিছে।
Assamese | October 1, 2024 2:57 PM | issf shooting | Parth Rakesh MANE | SPORTS
আই এছ এছ এফ জুনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপৰ এয়াৰ ৰাইফলৰ পুৰুষৰ দলীয় শাখাত ভাৰতৰ পাৰ্থ ৰাকেশ মানেৰ ২ টা সোণৰ পদক অৰ্জন