স্পেইনে চলিত বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ প্ৰথমটো দল হিচাপে ফাইনেলত প্ৰৱেশ কৰিছে। স্পেইনে যোৱানিশা আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছৰ ডালাছ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন ছেমি ফাইনেলত ফ্রান্সক ২-০ গ’লত পৰাস্ত কৰে। স্পেইনৰ হৈ মাইকেল অয়াৰজাবালে খেলখনৰ ২২ মিনিটত প্ৰথমটো আৰু পেড্ৰ’ প’ৰ’ৱে ৫৮ মিনিটত দ্বিতীয়টো গ’ল দি বিজয় নিশ্চিত কৰে। প্ৰথমটো বিশ্বকাপ ট্ৰফী জয় কৰাৰ সুদীৰ্ঘ ১৬ বছৰৰ বিৰতিৰ মূৰত এইবেলি “লা ৰ’জা” হিচাপে বিখ্যাত স্পেইনৰ দলটো ফাইনেলত উপনীত হৈছে। দলটো অহা দেওবাৰে নিশা নিউ জাৰ্ছিৰ মেটলাইফ ষ্টেডিয়ামত হ’বলগীয়া ফাইনেলত আর্জেণ্টিনা বা ইংলেণ্ডৰ মুখামুখি হ’ব।
প্রতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেল আজি নিশা আটলান্টা ষ্টেডিয়ামত খেলোৱা হ’ব। খেলখনত বিগত সংস্কৰণৰ বিজয়ী আৰ্জেণ্টিনা ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন ভাৰতীয় সময় অনুসৰি বৃহস্পতিবাৰে নিশা চাৰে ১২ বজাত আৰম্ভ হ’ব।