July 20, 2026 10:16 AM

views 28

আর্জেণ্টিনাক ১–০ গ’লত পৰাস্ত কৰি স্পেইনৰ ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ খিতাপ জয়

স্পেইনে যোৱাবাৰৰ বিজয়ী আর্জেণ্টিনাক ১–০ গ’লত পৰাস্ত কৰি ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ খিতাপ জয় কৰিছে। নিউয়ৰ্কৰ নিউ জাৰ্চি ষ্টেডিয়ামত যোৱানিশা অনুষ্ঠিত ফাইনেলত স্পেইনৰ ছাবষ্টিটিউট ফোন ট’ৰেছে খেলখনৰ অতিৰিক্ত সময়ত বিজয়সূচক গ’ল দিয়ে।  দুয়োটা দলৰ তুমুল প্রতিদ্বন্দ্বিতাৰ অন্তত ৯০ মিনিটলৈ গ’লশূন্যভাৱে চলা খেলখনৰ অতিৰিক্ত ১০৬ মিনিটত ট’ৰেছৰ গ’লটোৱে স্পেইনক জয়ৰ সোৱাদ দিয়ে। এয়া হৈছে স্পেইনৰ দ্বিতীয়টো ফিফা বিশ্বকাপৰ খিতাপ জয় । এই জয়ৰ সুবাদত স্পেইন বিশ্বকাপ ফুটবলৰ পুৰুষ আৰু মহিলা দুয়োটা শাখ...

July 19, 2026 12:14 PM

views 26

বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ ফাইনেলত আর্জেণ্টিনা স্পেইনৰ সন্মুখীন

বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ ফাইনেলত আজি নিশা আর্জেণ্টিনা স্পেইনৰ সন্মুখীন হ'ব। নিউয়ৰ্কৰ নিউজার্ছিত হ'বলগীয়া খেলখন ভাৰতীয় সময় অনুসৰি নিশা ১২-৩০ বজাত আৰম্ভ হ'ব। ইংলেণ্ডে যোৱানিশা মিয়ামি স্টেডিয়ামত অনুষ্ঠিত এখন ৰোমান্সকৰ খেলত ফ্রান্সক ৬-৪ গ'লৰ ব্যৱধানত পৰাস্ত কৰি বিশ্বকাপ ফুটবল প্রতিযোগিতাত ব্ৰঞ্জৰ পদক অর্জন কৰে। ইংলেন্ডে খেলৰ প্ৰথমার্ধতে ৪টা গ'ল দি শক্তিশালী স্থিতিত উপনীত হয়। ইংলেণ্ডৰ হৈ প্ৰথমার্ধত ডেকলন ৰাইচ, এজৰি কোনছা আৰু বুকায়ো ছাকাই গ'ল দিয়ে। ফ্রান্সে দ্বিতীয়ার্ধত প্রত্যাৰ্বতনৰ চেষ্টা চলাই আৰ...

July 18, 2026 7:18 PM

views 26

বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ তৃতীয় স্থান নিৰ্ধাৰণৰ খেলত আজি ফ্রান্স ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ

ফ্রান্স আজি নিশা মিয়ামি ষ্টেডিয়ামত হ'বলগীয়া বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ তৃতীয় স্থান নিৰ্ধাৰণৰ খেলত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা আঢ়ৈ বজাত আৰম্ভ হ'ব। বিশ্বকাপত ১৯৩৪ চনৰ পৰা তৃতীয় স্থান নিৰ্ধাৰণৰ খেল অনুষ্ঠিত হৈ আহিছে। কেৱল ১৯৫০ চনৰ প্ৰতিযোগিতাৰ এই খেল অনুষ্ঠিত কৰা হোৱা নাছিল। ইপিনে, কাইলৈ নিশা নিউয়ৰ্কৰ নিউজাৰ্ছিত হ'বলগীয়া ফাইনেলত আৰ্জেণ্টিনা স্পেইনৰ সন্মুখীন হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা চাৰে ১২ বজাত আৰম্ভ হ'ব।

July 18, 2026 9:32 AM

views 37

বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ তৃতীয় স্থান নিৰ্ধাৰণৰ খেলত আজি ইংলেণ্ড-ফ্ৰান্স

ফ্রান্স আজি নিশা মিয়ামি ষ্টেডিয়ামত হ'বলগীয়া বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ তৃতীয় স্থান নিৰ্ধাৰণৰ খেলত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা আঢ়ৈ বজাত আৰম্ভ হ'ব। বিশ্বকাপত ১৯৩৪ চনৰ পৰা তৃতীয় স্থান নিৰ্ধাৰণৰ খেল অনুষ্ঠিত হৈ আহিছে। অকল ১৯৫০ চনৰ প্ৰতিযোগিতাৰ এই খেল অনুষ্ঠিত কৰা হোৱা নাছিল ৷ ইপিনে, কাইলৈ নিশা নিউয়ৰ্কৰ নিউজাৰ্ছিত ষ্টেডিয়ামত হ'বলগীয়া ফাইনেলত আৰ্জেণ্টিনা স্পেইনৰ সন্মুখীন হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা চাৰে ১২ বজাত আৰম্ভ হ'ব।

July 16, 2026 12:16 PM

views 31

বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত ইংলেণ্ডক পৰাস্ত কৰি আর্জেণ্টিনা ফাইনেলত প্ৰৱেশ

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ বিগত সংস্কৰণৰ বিজয়ী আর্জেণ্টিনাই এইবেলিও দ্বিতীয়টো দল হিচাপে ফাইনেলত প্ৰৱেশ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ আটলান্টা ষ্টেডিয়ামত যোৱানিশা অনুষ্ঠিত প্রতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত আর্জেণ্টিনাই ইংলেণ্ডক ২-১ গ’লত পৰাস্ত কৰে। প্ৰথমার্ধ গ’লবিহীনভাৱে সমাপ্ত হোৱা খেলখনৰ ৫৫ মিনিটত ইংলেণ্ডৰ হৈ এণ্টনি গর্ডনে প্রথম তথা একমাত্ৰ গ'লটো দিয়ে। খেলৰ ৮৫ মিনিটত আৰ্জেণ্টিনাৰ এনজো ফার্নাণ্ডেজে দলৰ হৈ প্ৰথমটো গ'লেৰে ইংলেণ্ডৰ সৈতে সমতা স্থাপন কৰে আৰু ৯২ মিনিটত লাউটাৰো মার্টিনেজে বি...

July 15, 2026 12:20 PM

views 24

স্পেইন বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ

স্পেইনে চলিত বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ প্ৰথমটো দল হিচাপে ফাইনেলত প্ৰৱেশ কৰিছে। স্পেইনে যোৱানিশা আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছৰ ডালাছ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন ছেমি ফাইনেলত ফ্রান্সক ২-০ গ'লত পৰাস্ত কৰে। স্পেইনৰ হৈ মাইকেল অয়াৰজাবালে খেলখনৰ ২২ মিনিটত প্ৰথমটো আৰু পেড্ৰ' প'ৰ'ৱে ৫৮ মিনিটত দ্বিতীয়টো গ’ল দি বিজয় নিশ্চিত কৰে। প্ৰথমটো বিশ্বকাপ ট্ৰফী জয় কৰাৰ সুদীৰ্ঘ ১৬ বছৰৰ বিৰতিৰ মূৰত এইবেলি "লা ৰ'জা" হিচাপে বিখ্যাত স্পেইনৰ দলটো ফাইনেলত উপনীত হৈছে। দলটো অহা দেওবাৰে নিশা নিউ জাৰ্ছিৰ মেটলাইফ ষ্টেডি...

July 13, 2026 5:44 PM

views 65

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাত বুধবাৰে হ’বলগীয়া প্ৰথমখন ছেমি ফাইনেলত ফ্রান্স স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাত অহা বুধবাৰে হ’বলগীয়া প্ৰথমখন ছেমি ফাইনেলত ফ্রান্স স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ১২.৩০ বজাত আৰম্ভ হ'ব। প্রতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত অহা বৃহস্পতিবাৰে আৰ্জেণ্টিনা আৰু ইংলেণ্ড মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ১২.৩০ বজাত আৰম্ভ হ'ব। ছেমি ফাইনেলত বিজয়ী হোৱা দল দুটাই অহা ২০ জুলাইত নিউয়ৰ্কৰ নিউজাৰ্চি ষ্টেডিয়ামত হ'বলগীয়া ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ ফাইনেলত অৱতীৰ্ণ হ'ব। আনহাতে ছেমি ফাইনেলত পৰাজিত দুটা দলে ১৯ জুলাই...

July 12, 2026 12:32 PM

views 15

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ প্ৰথমখন চেমিফাইনেলত ফ্রান্স স্পেইন আৰু  দ্বিতীয়খনত আর্জেন্টিনা আৰু ইংলেণ্ডৰ মুখামুখি হ’ব

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ এখন ৰোমাঞ্চকৰ কোৱাৰ্টাৰ ফাইনেলত আজি পুৱা আর্জেন্টিনাই ছুইজাৰলেণ্ডক ৩-১ গলৰ ব্যৱধানত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে ইংলেণ্ডে যোৱানিশা ফ্ল'ৰিডাত অনুষ্ঠিত তৃতীয়খন কোৱাৰ্টাৰ ফাইনেলত নৰৱেক ২-১ গলত পৰাস্ত কৰি বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰে। অহা বুধবাৰে প্ৰতিযোগিতাৰ প্ৰথমখন চেমিফাইনেলত ফ্রান্স স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা চাৰে ১২ বজাত আৰম্ভ হ'ব। ফ্রান্সে কোৱাৰ্টাৰ ফাইনেলত মৰক্কোক ২-০ গ'লত পৰাস্ত কৰাৰ বিপৰীতে স্পেইনে বেলজিয়ামৰ বিৰুদ্ধে ২-১ গলৰ ব...

July 7, 2026 12:21 PM

views 19

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগীতাত স্পেইন, ইংলেণ্ড আৰু বেলজিয়াম কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগীতাত কালি নিশা ডালাছ ষ্টেডিয়ামত অনুষ্ঠিত নক আউট পৰ্যায়ৰ এখন খেলত স্পেইনে পর্তুগালক ১-০ গ’লত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। খেলখনৰ দ্বিতীয়াৰ্ধৰ ষ্টপেজ টাইমৰ প্ৰথম মিনিটত মাইকেল মেৰিনোৱে গ'ল দি স্পেইনৰ জয় নিশ্চিত কৰে। ২০১০ চনত দক্ষিণ আফ্ৰিকাত একমাত্র বিশ্বকাপ খিতাপ জয় কৰাৰ পিছত স্পেইনে প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ইয়াৰ পূৰ্বে কালি মেক্সিকো চহৰৰ এজটেকা ষ্টেডিয়ামত মেক্সিকোৰ বিৰুদ্ধে ৩-২ গ'লত জয়লাভ কৰি ইংলেণ্ডেও কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ ...

July 6, 2026 12:54 PM

views 55

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাত আজি পুৱা অনুষ্ঠিত প্রি-কোৱাৰ্টাৰ ফাইনেলত ইংলেণ্ডৰ মেক্সিকোক ৩-২ গ’লৰ ব্যৱধানত পৰাস্ত

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাত আজি পুৱা অনুষ্ঠিত প্রি-কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত ইংলেণ্ডে মেক্সিকোৱে ৩-২ গ’লৰ ব্যৱধানত পৰাস্ত কৰে। প্ৰতিযোগিতাত যোৱা নিশা নৰৱেই পাঁচবাৰৰ বিশ্ব চেম্পিয়ন ব্রাজিলক ২-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰি বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। ৰোমান্সকৰ খেলখনৰ প্রথমার্ধ গ’লশূন্যভাৱে পাৰ হয় যদিও দ্বিতীয়ার্ধত আৰ্লিং হালাণ্ডে ৭৯ আৰু ৯০ মিনিটত দুটাকৈ গ'ল দি নৰৱেক শক্তিশালী স্থিতিত উপনীত কৰায়। ইয়াৰ পাছত নেইমাৰ জুনিয়ৰে খেলৰ অন্তিম সময়ত এটা গ’ল দিয়ে যদ...