July 16, 2026 12:16 PM | 2026 FIFA WORLDCUP

printer

বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত ইংলেণ্ডক পৰাস্ত কৰি আর্জেণ্টিনা ফাইনেলত প্ৰৱেশ

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ বিগত সংস্কৰণৰ বিজয়ী আর্জেণ্টিনাই এইবেলিও দ্বিতীয়টো দল হিচাপে ফাইনেলত প্ৰৱেশ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ আটলান্টা ষ্টেডিয়ামত যোৱানিশা অনুষ্ঠিত প্রতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত আর্জেণ্টিনাই ইংলেণ্ডক ২-১ গ’লত পৰাস্ত কৰে। প্ৰথমার্ধ গ’লবিহীনভাৱে সমাপ্ত হোৱা খেলখনৰ ৫৫ মিনিটত ইংলেণ্ডৰ হৈ এণ্টনি গর্ডনে প্রথম তথা একমাত্ৰ গ’লটো দিয়ে। খেলৰ ৮৫ মিনিটত আৰ্জেণ্টিনাৰ এনজো ফার্নাণ্ডেজে দলৰ হৈ প্ৰথমটো গ’লেৰে ইংলেণ্ডৰ সৈতে সমতা স্থাপন কৰে আৰু ৯২ মিনিটত লাউটাৰো মার্টিনেজে বিজয়সূচক গ’লটো দিয়ে।

প্রতিযোগিতাৰ ফাইনেল খেলখন অহা ১৯ জুলাইত স্পেইন আৰু আৰ্জেণ্টিনাৰ মাজত মিয়ামি ষ্টেডিয়ামত খেলোৱা হ’ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ২ বাজি ৩০ মিনিটত আৰম্ভ হ’ব।